Logo
image

প্ৰস্ৰাৱৰ দুৰ্গন্ধ গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে

সৰু-ডাঙৰ সকলোৱে কেতিয়াবা প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত ভোগে৷ কিন্তু প্ৰস্ৰাৱ কিয় দুৰ্গন্ধযুক্ত হয় তাৰ কাৰণ বহুতেই নাজানে বা  জনাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে৷ প্ৰস্ৰাৱ আচলতে গোন্ধহীন প্ৰকৃতিৰ৷ কিন্তু বিভিন্ন কাৰণত প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷  দৈনন্দিন খাদ্য, ভিটামিন, ঔষধ আদি খালেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হয়৷ একেদৰে কফি বা এলকহলেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত কৰে৷ জানি থোৱা ভাল যে প্ৰস্ৰাৱৰ দুৰ্গন্ধই বিভিন্ন শাৰীৰিক সমস্যাৰ ইংগিত দিয়ে৷ সেয়ে প্ৰস্ৰাৱ  দুৰ্গন্ধযুক্ত হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ উল্লেখ কৰা হ’ল দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱে কি কি শাৰীৰিক সমস্যাৰ ইংগিত দিয়ে–
(১)  প্ৰস্ৰাৱত যদি এমনিয়াৰ গোন্ধ পায় তেনেহ’লে বুজিব আপুনি মূত্ৰনলীৰ সংক্ৰমণত (ইউটিআই) ভুগিছে৷ এই সমস্যাত ভুগিলে প্ৰস্ৰাৱৰ ৰং ঘোলা হয় আৰু কেতিয়াবা তেজৰ বৰণৰ দৰেও হ’ব পাৰে৷ একেদৰে প্ৰস্ৰাৱত জ্বলা-পোৰা হ’ব পাৰে বা জ্বৰ আৰু মানসিক বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ কিড্‌নীত পাথৰ, কিড্‌নীৰ ৰোগ, লিভাৰৰ ৰোগ, প্ৰষ্টেট সংক্ৰমণ, যৌনবাহিত ৰোগ আৰু মেন’প’জৰ আগতীয়া ইংগিত দিয়ে প্ৰস্ৰাৱত হোৱা এমনিয়াৰ গোন্ধে৷
(২)  ফলৰ সুগন্ধি বা চেনিৰ গোন্ধ পালে জানিব সেয়া ডায়েবেটিছ বা  হাই ব্লাড ছুগাৰৰ লক্ষণ৷ তেজত গ্লুক’জ বা শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে তেজৰ গোন্ধ ফলৰ সুগন্ধিৰ দৰে হয়৷ 
(৩) ডিহাইড্ৰেছন বা জলশূন্যতাত ভুগিলেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷ এনেকুৱা হ’লে দৈনিক ২-৩ লিটাৰ পানী খোৱা উচিত৷ বিশেষজ্ঞসকলৰ মতে দৈনন্দিন জীৱন প্ৰণালীৰ অভ্যাসৰ বাবেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷