Logo
image

গুৱাহাটীত দিন দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা : ডকাইতে লুটি নিলে প্ৰায় ৩ লাখ টকা

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে। এটাৰ পাছত আনটো অপৰাধ সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই অপৰাধ। চৰম নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী।মহানগৰ আৰক্ষী আয়ুক্তৰ উদাসীনতাত ধোঁৱা চাংঙত উঠিছে স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ।আৰক্ষী-নিৰাপত্তাৰক্ষী গিজগিজাই থকা খোদ ৰাজধানী দিছপুৰতে গুলিয়াই হত্যা হৈছে আৰক্ষী মহাপৰিদৰ্শকৰ আত্মীয়ক। মহানগৰীৰ পাঞ্জাবাৰীত সোমবাৰে দিন দুপৰতে ছয়মাইল দিশৰ পৰা অহা দুই যুৱকে গুলিয়াই হত্যা কৰিলে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। অইন দিনৰ দৰে আজিও নিজৰ AS 01 BH 5022 নম্বৰৰ ৱেগনাৰ বাহনেৰে পাঞ্জাবাৰীৰ ICICI বেঙ্কত ধন জমা কৰিবলৈ আহিছিল  কাহিলিপাৰাৰ নিবাসী ব্যৱসায়ী ৰঞ্জিত বৰা। জানিব পৰা মতে ব্যৱসায়ীজনৰ লগত আছিল প্ৰায় ৩ লাখ টকা। দিনৰ প্ৰায় ১১.৩০মান বজাত বেংকৰ কাষৰ চিটি ফাৰ্নিচাৰ হাউছ কম টিম্বাৰ নামৰ দোকানখনৰ সন্মুখত নিজৰ গাড়ীখন পাৰ্কিং কৰিব লওঁতেই ছয় মাইলৰ দিশৰ পৰা গ্লেমাৰ বাইকত অহা দুই দুৰ্বৃত্তই গাড়ীৰ গ্লাছত ধকীয়াই টকা দাবী কৰি তৰ্কযুদ্ধত লিপ্ত হয়। তাৰ পিছতেই ব্যৱসায়ীজনক গুলিয়াই টকাৰ বেগ লৈ পাঞ্জাবাৰীৰ দিশে উধাও হয় দুই যুৱক। পৰৱৰ্তী সময়ত মূৰত গুলি লগা ব্যৱসায়ীজনক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ততাতয়াকৈ GMCH লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। জানিব পৰা মতে, মৃত ব্যৱসায়ীজন আই জি পি নিতুল গগৈৰ আত্মীয়। গুলী চালনাৰ পিছতেই ঘটনস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ এটা দলে চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত দুৰ্বৃত্তৰ কোনো সন্ধান উলিয়াব পৰা নাই।অৱশ্যে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে ঘটনা সন্দৰ্ভত বহুখিনি তথ্য লাভ কৰা বুলি উল্লেখ কৰি  সংবাদ মাধ্যমৰ আগত অতি সোনকালে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হব বুলি ব্যক্ত কৰে। আৰক্ষীয়ে ঘটনাৰ স্থলীৰ পৰা এটা খালী কাটিজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ মাজমজীয়াত দিন দুপৰতে এজন ব্যৱসায়ীক এনেদৰে গুলিয়াই হত্যা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰবাসীয়ে।