Logo
image

মুখ্যমন্ত্ৰীৰ ঘোষণা দিল্লীৰ পাছত পুনেত হ’ব লাচিত দিৱস

আমাৰ অসম, ২২ নৱেম্বৰঃ বীৰ লাচিতক এতিয়া সমগ্ৰ বিশ্বই জানে৷ মহাবীৰ লাচিত বৰফুকন এজন আহোম বীৰ৷ লাচিত বৰফুকন এজন অসম বীৰ৷ লাচিত বৰফুকন এজন ভাৰত বীৰ৷ লাচিত বৰফুকন এজন বিশ্ববীৰ৷ – এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে গুৱাহাটীৰ জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীত আয়োজিত  দিল্লীৰ পাছত পুনেত হ’ব লাচিত দিৱস লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীৰ সবিশেষ সংবাদ মাধ্যমৰ আগত তুলি ধৰে৷ সংবাদ মেলত তেওঁ ২৪ নৱেম্বৰৰ দিনা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ দিনটোত সন্ধিয়া ঘৰে ঘৰে একোগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায়৷ দিল্লীত আয়োজন কৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই কোনো মামনি নোলোৱাকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত সদৰি কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত সদৰি কৰা মতে অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ অংশৰূপে দুখন  আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে৷ সেই অনুসৰি ২৩ নৱেম্বৰত ‘আহোমৰ সোণালী অধ্যায়– আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা’ বিষয়ক প্ৰথমখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ দ্বিতীয় মহলাত থকা ৬ নং সভাগৃহত দিনৰ ১২ বজাৰ পৰা এই আলোচনা চক্ৰখনৰ আয়োজন কৰা হৈছে৷ আলোচনা চক্ৰখনত অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, শিক্ষাবিদ কুলদীপ পাটোৱাৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক কপিল কাপুৰ, অসম, উত্তৰপ্ৰদেশ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰকাশ সিং আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ চন্দন কুমাৰ শৰ্মা আলোচক হিচাপে উপস্থিত থাকিব৷ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই অনুষ্ঠানটোৰ আঁত ধৰিব৷ আনহাতে ২৪ নৱেম্বৰত একেটা স্থানতে দিনৰ ১১-৩০ বজাৰ পৰা আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷ আলোচনাচক্ৰখনৰ বিষয়বস্তু হ’ব ‘অসমৰ শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস’৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ডঃ সংগীতা গগৈ, বিশিষ্ট লেখক বিক্ৰম সম্পট, চলচ্ছিত্ৰ নিৰ্মাতা আৰু সমালোচক ৰাকেশ কুমাৰ সিং আৰু চলচ্ছিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰ প্ৰকাশ দ্বিবেদী আলোচক হিচাপে উপস্থিত থাকিব৷ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড॰ ননীগোপাল মহন্তই আলোচনা চক্ৰখনৰ আঁত ধৰিব৷ আনহাতে, ২৬ নৱেম্বৰত পুনেস্থিত নেশ্বনেল ডিফেন্স একাডেমীত লাচিত দিৱসৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ উক্ত অনুষ্ঠানত একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক ‘বীৰ লাচিত বৰফুকন বঁটা’ প্ৰদান কৰা হ’ব৷ সংবাদমেলত তেওঁ আৰু কয়– মহাবীৰ লাচিত বৰফুকনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আহোমসকলৰ ৬০০ বছৰীয়া শাসন কালৰ গৌৰৱগাথা দিল্লীলৈ লৈ যোৱা হৈছে৷ যিবোৰ দিল্লীলৈ যোৱা সম্ভৱ নহয় সেইবোৰৰ ৰেপ্লিকা লৈ যোৱা হৈছে৷ আনহাতে এটা চক্ৰই মহাবীৰ লাচিত বৰফুকনক হিন্দু বীৰ বুলি কোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়– লাচিত বৰফুকন যদি হিন্দু আছিল তেনেহ’লে তেওঁ হিন্দু বীৰ৷ তেওঁ যদি মুছলমান আছিল তেনেহ’লে তেওঁ মুছলমান বীৰ৷

নতুন দিল্লীত হ’ব আদৰ্শ অসমীয়া গাঁও

দিল্লীৰ বুকুত স্থাপিত হ’বলৈ গৈ আছে এখন অসমীয়া গাঁও৷ বীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তী উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ সন্মুখতে এই অসমীয়া গাঁওখন স্থাপন কৰাৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে৷ তিনিদিনীয়া জয়ন্তীৰ কাৰ্যসূচী মুকলি কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি নতুন দিল্লীত এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে প্ৰদৰ্শন কৰিবলগীয়া অসমীয়া গাঁওখনত মিচিং সম্প্ৰদায়ৰ ঘৰ অৰ্থাৎ এটা  চাং-ঘৰ থাকিব৷ চাহ বাগানৰ শ্ৰমিকসকলৰ ঘৰো তাতে স্থাপন কৰা হ’ব৷ থাকিব এটা নামঘৰো৷ আনহাতে, আহোমসকলে কেনেদৰে নিজা নিজা নীতি-নিয়ম তথা পূজা কৰে সেয়াও প্ৰদৰ্শন কৰা হ’ব৷ আনহাতে, বিজ্ঞান ভৱনৰ ভিতৰতো আন এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰা মতে, ভিতৰৰ প্ৰদৰ্শনীত মূলতঃ আহোম ৰাজত্বৰ ইতিহাস দাঙি ধৰা হ’ব৷ ২৩ নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৱা এঘাৰ বজাত দুয়ো প্ৰদৰ্শনী উদ্বোধন কৰিব৷ উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দুদিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে৷ আনহাতে, ২৩ আৰু ২৪ তাৰিখ সন্ধিয়াৰ ভাগত সুন্দৰ নাৰ্চাৰী বুলি আন এখন ঠাইত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মূলতঃ দেশপ্ৰেমমূলক এই সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰা হ’ব৷ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তই উক্ত অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব যদিও কোনো জনপ্ৰিয় গীত নহয় তেওঁ দেশপ্ৰেমমূলক গীতেই পৰিৱেশন কৰিব বুলি মন্ত্ৰী হাজৰিকাই আজি স্পষ্ট কৰি দিয়ে৷ আনহাতে, সাংস্কৃতিক অনুষ্ঠানত লাচিত বৰফুকনৰ জীৱন কাহিনীৰ অৱলম্বনত হিন্দীত এখন নাটক প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্ৰীজনে সাংবাদিকক আজি জানিবলৈ দিছে৷ উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ নৱেম্বৰত ৪০০ বছৰীয়া জয়ন্তীৰ শুভ উদ্বোধনৰ পাছত ২৪ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্তিম দিনা অৰ্থাৎ ২৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ মন কৰিবলগীয়া যে, তিনিদিনীয়া কাৰ্যসূচীত অসমৰ পৰা ৭০০জন বিশিষ্ট ব্যক্তিকে ধৰি ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছে বুলি মন্ত্ৰীজনে সাংবাদিকক জানিবলৈ দি কয় যে ইযাৰ ভিতৰত ২৫০-৩০০জন হৈছে ৰাজ্যৰ বিশিষ্ট ব্যক্তি৷ আন প্ৰায় ৪০০জন হৈছে ছাত্ৰ-ছাত্ৰী৷ ইয়াৰ ভিতৰত ২০০ জনেই হৈছে কলেজ তথা বিশ্ববিদ্যালয়ত অধ্যায়নৰত ইতিহাসৰ ছাত্ৰ-ছাত্ৰী৷ আনহাতে, অনুষ্ঠানত অংশ ল’বলৈ অহা সকলোৰে খা-খৰচ ৰাজ্য চৰকাৰেই গ্ৰহণ কৰিব যদিও বিধায়কসকলে নিজা নিজা খৰচত দিল্লীলৈ আহিব বুলি হাজৰিকাই জানিবলৈ দিয়ে৷ তিনিদিনীয়া অনুষ্ঠানত দিল্লীৰো বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে বুলি মন্ত্ৰীজনে প্ৰকাশ কৰিছে৷ 

লাচিতৰ বেনাৰেৰে ভৰি পৰিছে দিল্লীৰ ৰাজপথ

মহাবীৰ লাচিত বৰফুকৰ ৪০০ বছৰীয়া জয়ন্তীলৈ মাজত মাথোঁ দুটা দিন বাকী৷ অৰ্থাৎ ২৪ নৱেম্বৰ বৃহস্পতিবাৰে মহাবীৰগৰাকীৰ ৪০০ বছৰীয়া জয়ন্তী৷ মহাবীৰগৰাকীৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্যৰ জিলাই জিলাই ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ দিল্লীৰ ৰাজপথ হৈ পৰিছে লাচিতময়৷ সৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰগৰাকীৰ বিৱৰণসহ বৃহৎ বেনাৰেৰে ওপচাই পেলোৱা হৈছে দিল্লীৰ ৰাজপথ৷ দিছপুৰ খালী কৰি মন্ত্ৰী বিধায়কে ইতিমধ্যে বাহৰ পাতিছে দিল্লীত৷ পাঁচ শতাধিক বিভিন্ন পৰ্যায়ৰ বিষয়াকো লৈ যোৱা হৈছে দেশৰ ৰাজধানী চহৰখনলৈ৷ ইতিমধ্যে দিল্লীৰ বিজ্ঞান ভৱনৰ সন্মুখত নিৰ্মাণ কৰা হৈছে অসমৰ এখন গাঁও৷ অসমৰ কৃষি-সংস্কৃতি তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে গাঁওখনত৷ উল্লেখ্য, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী ২৩-২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে৷ উক্ত কাৰ্যসূচীৰ উদ্দেশ্যে কেইবা লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা হৈছে থীম ছং৷ অনুষ্ঠান সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আটাইকেইজন মন্ত্ৰী, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞা, আমিনুল ইছলাম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক সহ শীৰ্ষ বিষয়াক লৈ মূল কমিটী, মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ নেতৃত্বত অভ্যৰ্থনা উপ সমিতি, মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত অনুষ্ঠানস্থলী ব্যৱস্থাপনা উপ সমিতি, মন্ত্ৰী কেশব মহন্তৰ নেতৃত্বত প্ৰদৰ্শনী উপ সমিতি, মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত সাংস্কৃতিক উপ-সমিতি, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আলোচনাচক্ৰ উপ সমিতি, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মুকলি সভা উপ সমিতি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত তথ্যচিত্ৰ আৰু গ্ৰন্থ উপ-সমিতি, মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত একোমোডেছন উপ-সমিতি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পৰিবহন উপ সমিতি, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত খাদ্য উপ সমিতি, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নেতৃত্বত মিডিয়া আৰু প্ৰচাৰ উপ সমিতি গঠন কৰা হৈছে৷ শীৰ্ষ বিষয়াক লৈয়ো অতিৰিক্ত তিনিখন কমিটী গঠন কৰা হৈছে৷ উক্ত কমিটীসমূহক নিজৰ নিজৰ কামৰ বাবে প্ৰস্তাৱ অনুসৰি ধন আবণ্টন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান, শব্দ, পোহৰ তথা মঞ্চৰ কামৰ দায়িত্ব অৰ্পণ কৰা হৈছে দিল্লীৰ ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানক৷

শিঙিমাৰীৰ পৰা আলাৱৈ ৰণক্ষেত্ৰলৈ চাইকেল ৰেলী

 কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ চতুৰ্থ দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা ৯ বজাত শিঙিমাৰী চ’কৰ পৰা আলাৱৈ ৰণক্ষেত্ৰলৈ এক বিশাল চাইকেল ৰেলীৰ আয়োজন কৰা হয়৷ প্ৰায় ৫০০সংখ্যক বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট ব্যক্তিয়ে অংশ লোৱা উক্ত চাইকেল ৰেলীৰ ফ্লেগ অফ্‌ কৰি শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী দেৱেন্দ্ৰ নাথ কাকতিয়ে৷ চাইকেল ৰেলীত হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপ্ৰতীম গোস্বামী প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া আৰু কৰ্মচাৰীয়ে অংশ লয়৷ তদুপৰি, এই উদযাপনৰ অংশ হিচাপে আজি জিলাখনৰ বিভিন্ন স্থানত বীৰ লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ বৰ্ণনাৰে বাটৰ নাট অনুষ্ঠিত কৰা হয়৷ পুৱা ১১ বজাত আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুভাৰম্ভ কৰা এই বাটৰ নাট জিলাখনৰ চাংসাৰী, বাইহাটা চাৰিআলি, ৰঙিয়া, হাজো, শুৱালকুছি আদি স্থানত প্ৰদৰ্শন কৰা হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ত এই বাটৰ নাটৰ শুভাৰম্ভণি কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে কামৰূপ জিলাখন শৰাইঘাট, আলাৱৈ ৰণ ইত্যাদিৰ পটভূমি হোৱা হেতু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানসমূহত জিলাবাসীৰ সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰে৷ অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়েও ভাষণ প্ৰদান কৰে৷ বাটৰ নাট শুভ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকলোকে ধৰি জিলা প্ৰশাসনৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷ আনহাতে, জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ উদযাপনৰ মূল কাৰ্যসূচীসমূহ অনুষ্ঠিত হ’বলগীয়া স্থলীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কামৰূপৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহিলা আত্মসহায়ক গোটৰ অংশগ্ৰহণেৰে মুকলি কৰা প্ৰদৰ্শনী তথা বিপণন কেন্দ্ৰৰ দ্বাৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে৷ উল্লেখ্য যে, এই প্ৰদৰ্শনীত সৰ্বমুঠ ২৫ ষ্টলত জিলাখনৰ ২৫টা মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী তথা থলুৱা খাদ্যৰ প্ৰদৰ্শন তথা বিপণনৰ পদক্ষেপ লোৱা হৈছে৷ প্ৰদৰ্শনী দ্বাৰ মুকলি অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ আনহাতে, বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ জিলা আৰক্ষীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ৰংমহলস্থিত লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহ চৌহদত কামৰূপ আৰক্ষীৰ উদ্যোগত এখন প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷  ৮টা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে কামৰূপ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়ে৷ এই অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি আৰক্ষী প্ৰশাসনৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

গোটেই কাৰ্বি পাহাৰ লাচিতময়

 অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে এতিয়া পাহাৰীয়া জিলা কাৰ্বি আংলং লাচিতময় হৈ পৰিছে৷ উপায়ুক্ত মধুমিতা ভাগৱতীৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত আৰু জনতাৰ উছাহ ভৰা সঁহাৰিয়ে পাহাৰীয়া জিলাখনত বীৰ লাচিতক সন্মান জনাবলৈ দলে-বলে ওলাই আহিছে নৱ-প্ৰজন্ম৷ অসমৰ খ্যাতনামা শিল্পী ৰাজীৱ ক্ৰ’ৰ নেতৃত্বত আজিৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বাটৰ নাট ‘লাচিত বৰফুকন’৷ আজি হাওৰাঘাট, বকলীয়া, ডকমকাকে ধৰি কেইবাখনো নগৰত লাচিতৰূপী ৰাজীৱ ক্ৰ’ক চাবলৈ জনতাই ভিৰ কৰে৷ কাইলৈ ডিফু-মাঞ্জা আদি স্থানত আৰু বুধবাৰে শিলনীজান, বোকাজান, সৰিয়হজান আদি স্থানত ৰাজীৱ ক্ৰ’ই লাচিত বৰফুকন নাট প্ৰদৰ্শন কৰিব৷ আনহাতে, আজি কাৰ্বি আংলং জিলা তাই-আহোম কালচাৰেল ছ’চাইটীৰ উদ্যোগত আৰু উপায়ুক্তৰ নেতৃত্বত ডিফুৰ টাউন হলত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, লাচিত বৰফুকনৰ সাজ-পাৰ প্ৰতিযোগিতা আৰু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আকস্মিক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন হয়৷ কাৰ্বি আংলং জিলাৰ শিলনীজানৰ আহোমনি গাঁৱত মানতাই ছাত্ৰ সন্থাৰ সৌজন্যত চিত্ৰাংকণ প্ৰতিযোগিতা সম্পন্ন হয়৷ আনহাতে, ডিফুত আৰক্ষী আৰু সাংবাদিকৰ মাজত এখন বন্ধুত্বমূলক ক্ৰিকেট খেল সম্পন্ন হয়৷ উল্লেখ্য যে, এই সকলো মাৰাথন কাৰ্যসূচীতে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী উপস্থিত থাকি প্ৰতিযোগী আৰু অংশগ্ৰহণকাৰী সংগঠনসমূহৰ কৰ্মকৰ্তাসকলক উৎসাহিত কৰে৷