Logo
image

অসমত কোনে কাক ‘চুপাৰি’ দিছে

আমাৰ অসম, ২২ নৱেম্বৰঃ বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে ‘ছুপাৰি’ লয় অসম আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীয়ে উক্ত ‘ছুপাৰি’ লয় আকৌ খোদ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা আন এটা শক্তিশালী  চুপাৰি ছিণ্ডিকেট লবীৰ পৰা৷ শুনিলে আজৱ যেন লাগিলেও বা বুজিবলৈ অসুবিধা হ’লেও অসম আৰক্ষীয়ে এতিয়া একাংশ বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চক্ৰক নাকী লগোৱাৰ বাবে আন ছিণ্ডিকেট লবীৰ পৰাই লয় ‘ছুপাৰি’৷ অৰ্থাৎ দিছপুৰৰ আশিসধন্য এটা ছিণ্ডিকেট চক্ৰই বাৰ্মিজ চুপাৰি অসাধু ব্যৱসায়ৰ ক্ষেত্ৰখনত  একছত্ৰী সামাজ্য গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক কমিচন অৰ্থাৎ ‘ছুপাৰি’ দি সৰু-বৰ আন ছিণ্ডিকেট লবীক নিঃশেষ কৰাত নামি পৰিছে৷ যাৰ বাবে অসম আৰক্ষীয়ে বিশেষকৈ বৰাকৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এনে সৰু-বৰ¸ ছিণ্ডিকেট চক্ৰৰ চোৰাং বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নকলেও হ’ব যে ৰাজ্যত এতিয়া  শাসকীয় বিজেপি দলৰ উজনি অসমৰ দুজন বিধায়কৰ পৃষ্ঠপোষকতাত এজন বিৰ্তকিত ব্যৱসায়ীৰ নেতৃত্বত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট অব্যাহত আছে৷ অৱশ্যে ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা এই ছিণ্ডিকেট লবীটোৰ সমান্তৰালভাৱে পূৰ্বৰে পৰা ছিণ্ডিকেটত জড়িত একাংশ মাফিয়াইও বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ কিন্তু বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেটত একছত্ৰী সাম্ৰাজ্য গঢ়াৰ স্বাৰ্থতে ৰাজনৈতিক পৃষ্ঠপোষকতা চলা ছিণ্ডিকেট চক্ৰটোৱে আৰক্ষীৰ শীৰ্ষ বিষয়াক মেনেজ কৰি আন ছিণ্ডিকেট লবীসমূহক উৎখাতত নামি পৰিছে৷ যাৰ বাবে আৰক্ষীয়ে ‘ছুপাৰি’ লাভ কৰি এনে সৰু-বৰ ছিণ্ডিকেট চক্ৰৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকসমূহ জব্দ কৰিছে যদিও ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা ছিণ্ডিকেট চক্ৰটোৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক কোনো বাধা নোহোৱাকৈ বহিঃৰাজলৈ প্ৰেৰণৰ বাট মুকলি কৰি দিছে৷ আনকি ছিণ্ডিকেট মাফিয়াটোৱে শেহতীয়াকৈ ৰে’ল যোগেও নাগপুৰলৈ প্ৰেৰণ কৰিছে বাৰ্মিজ চুপাৰি৷ বৰ্তমান বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ আছে যদিও থলুৱা চুপাৰি বুলি দেখুৱাই বাৰ্মিজ চুপাৰিকে নিতৌ ৰে’ল-ট্ৰাকেৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে এই শক্তিশালী চক্ৰটোৱে৷ ইয়াৰ বিপৰীতে ট্ৰাকত গোপন চেম্বাৰ  নিৰ্মাণ কৰি সৰবৰাহ চেষ্টা চলোৱা আন ছিণ্ডিকেট চক্ৰৰ কোনো বাৰ্মিজ চুপাৰিয়েই সাৰি যোৱা নাই আৰক্ষীৰ নজৰৰ পৰা৷ সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰামৰ পৰা অহা ট্ৰাকত গোপন চেম্বাৰ সাজি লুকুৱাই অনা জ্জ কুইণ্টল বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ আৰক্ষীয়ে বাৰ্মিজ চুপাৰি সৰবৰাহত জড়িত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে৷ ছিণ্ডিকেটক লৈ আৰক্ষীয়ে এতিয়া যে দুমুখীয়া নীতি লৈছে সেয়া বুজিবলৈ আৰু কাৰোৰে বাকী নাাই৷