Logo
image

মেথিগুটিৰে উফিৰ সমস্যা সমাধানৰ উপায়

শীতকালত বহুতেই চুলিৰ সমস্যাত ভোগে৷ বিশেষকৈ বহুতৰে চুলি শুকান হোৱা, চুলিৰ আগ ফটাকে ধৰি উফি আদি বিভিন্ন সমস্যা হয়৷ কিন্তু এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়ো আছে৷ উল্লেখ কৰা হ’ল মেথিগুটিৰ জৰিয়তে উফিৰ সমস্যা সমাধানৰ উপায়–

[১] এবাতি পানীত দুচামুচ মেথিগুটি তিয়াই ৰাখক৷ ওৰেনিশা মেথিখিনি তেনেদৰে ৰখাৰ পাছত পুৱা ভালদৰে বটি লওক৷ এইবাৰ সেইখিনি ভালদৰে মূৰত লগাওক৷ শুকালে চেম্পু কৰক৷ সপ্তাহত অন্ততঃ দুই বা তিনিদিন এই পদ্ধতি প্ৰয়োগ কৰিলে চুলি সৰা আৰু উফিৰ সমস্যা নাইকিয়া হয়৷ 

[২] মেথি আৰু নেমুৰ ৰসৰ দ্বাৰাও উফিৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ ইয়াৰ বাবে এবাতি পানীত দুচামুচ মেথিগুটি ওৰেনিশা তিয়াই ৰাখি পিছদিনা পুৱা সেইখিনি বটি লৈ নেমুৰ ৰস ভালদৰে মিহলাই লওক৷ এইবাৰ সেই মিশ্ৰণখিনি চুলিত লগাওক৷ মনত ৰাখিব যে মিশ্ৰণখিনি যাতে চুলিৰ গুৰিত ভালদৰে লাগি ধৰে৷ কিছুসময়ৰ পাছত চেম্পু কৰি চুলিখিনি ধুই পেলাওক৷ সপ্তাহত অন্ততঃ দুই বা তিনিদিন এনেদৰে কৰিলে উপকাৰ পোৱা যায়৷

[৩] মেথিৰ সৈতে নাৰিকল তেল মিহলায়ো উফিৰ সমস্যাৰ পৰা মুক্তি পাব পৰা যায়৷ ইয়াৰ বাবে দুই বা তিনি চামুচ মেথিগুটি বটি লৈ তাত পৰিমাণ অনুসৰি নাৰিকল তেল মিহলাওক৷ এইবাৰ সেইখিনি চুলিত ঘঁহি ঘঁহি লগাওক৷ কিছুসময়ৰ পাছত চেম্পু কৰি চুলিখিনি ধুই পেলাওক৷ সপ্তাহত অন্ততঃ দুদিন এই পদ্ধতি প্ৰয়োগ কৰিলে উফি নাইকিয়া হয়৷ 

[৪] মেথি আৰু আমলা পাউদাৰেৰেও চুলিৰ সমস্যা আৰু উফি নাইকিয়া কৰিব পৰা যায়৷ ইয়াৰ বাবে ওৰেনিশা দুচামুচ মেথিগুটি পানীৰ সৈতে তিয়াই ৰাখি পুৱা সেইখিনি ভালদৰে বটি লওক৷ এইবাৰ তাত আমলা পাউদাৰ মিহলাওক৷ কিছুসময়ৰ পাছত সেই মিশ্ৰণখিনি চুলিৰ গুৰিলৈকে লগাওক৷ এই পদ্ধতি নিতৌ প্ৰয়োগ কৰিলে উফি নাইকিয়া হোৱাৰ লগতে চুলিৰ উজ্জ্বলতাও বৃদ্ধি পায়৷