ভাৰতীয় ফুটবলত মেচ ফিক্সিঙৰ অভিযোগ
বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলখনৰ পূৰ্বে আয়োজক দেশ কাতাৰে প্ৰতিদ্বন্দ্বী দল ইকুৱেডৰৰ আঠজন ফুটবলাৰক উৎকোচ যচাৰ অভিযোগক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল৷ কাতাৰৰ প্ৰশিক্ষকজনে অৱশ্যে সেই অভিযোগ প্ৰকাশ্যে অস্বীকাৰ কৰিছে৷ বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলখনত সঁচাকৈয়ে মেচ ফিক্সিঙৰ প্ৰভাৱ পৰিছিল নেকি, সেই বিষয়ে নিশ্চিতকৈ একো ক’ব পৰা নগ’লেও বিশ্ব ফুটবলত যে শেহতীয়াভাৱে ফিক্সিঙৰ নানা ঘটনা সংঘটিত হৈ আছে, তাত সন্দেহ নাই৷ বিশ্বকাপ ফুটবল চলি থকা সময়তে মেচ ফিক্সিঙৰ অভিযোগে জোকাৰি গৈছে ভাৰতীয় ফুটবলক৷ দেশখনৰ পাঁচটা প্ৰফেছনেল ক্লাবৰ বিৰুদ্ধে ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই)৷ এনে অভিযোগে স্বাভাৱিকতে অস্বস্তিত পেলাইছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নৱগঠিত কমিটীখনক৷ ইয়াৰ পূৰ্বে মেচ ফিক্সিং, স্পট ফিক্সিঙৰ কেলেংকাৰীয়ে ভাৰতীয় ক্ৰিকেটক কলংকিত কৰিছে৷ শেহতীয়া অভিযোগ যদি সঁচা প্ৰমাণ হয়, তেন্তে দেশখনৰ ফুটবলক লৈ এতিয়া প্ৰশ্ন উঠিব৷ ইপিনে, ভাৰতীয় ফুটবলত মেচ ফিক্সিঙৰ যি অভিযোগ উঠিছে, সেই বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনে আৰু তদন্ত প্ৰক্ৰিয়াত চিবিআইক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ ক্লাববোৰক আহ্বান জনাইছে৷ জানিব পৰা মতে, ভাৰতীয় ফুটবলত যি ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছে, তাৰ মূলতে আছে ছিংগাপুৰৰ উইলছন ৰাজ পেৰুমল নামৰ মানুহজন৷ ফুটবলৰ জগতত কুখ্যাত মেচ ফিক্সাৰ হিচাপে তেওঁ পৰিচিত৷ পূৰ্বৰ পৰাই তেওঁ আন্তঃৰাষ্ট্ৰীয় খেলত ফিক্সিঙত জড়িত হৈ আছে৷ অলিম্পিক, বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেল, মহিলা বিশ্বকাপ, কনকাকাফ গ’ল্ড কাপ আৰু আফ্ৰিকান কাপ অৱ নেচনছৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাত তেওঁ অবাধে চলাইছিল তেওঁৰ দুৰ্নীতিৰ বেহা৷ ১৯৯৫ চনত ছিংগাপুৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত ফিনলেণ্ড আৰু হাংগেৰীতো তেওঁ ৰঙাঘৰত সোমাবলগীয়া হৈছিল৷ ইয়াৰ পাছতো কিন্তু তেওঁৰ দুৰ্নীতিৰ বজাৰখন নতুন নতুন ঠাইলৈ সম্প্ৰসাৰিত হৈছে৷
চলিত বছৰৰ মাৰ্চত গোৱা প্ৰ’ লীগৰ ছখন খেলতো মেচ ফিক্সিঙৰ অভিযোগ উঠিছিল৷ এনে অভিযোগৰ পাছত দেশৰ আন ফুটবল ক্লাববোৰলৈও যে সন্দেহৰ আঙুলি নুঠিব তাক কোনেও নুই কৰিব নোৱাৰে৷ বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাই মেচ ফিক্সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি বাৰম্বাৰ কৈ থাকিলেও বিশ্ব ফুটবলত এনেধৰণৰ ঘটনা ঘটিয়েই আছে৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে যিকেইটা ভাৰতীয় ক্লাবৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তাৰ ভিতৰত আছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনে গঠন কৰা ইণ্ডিয়ান এৰোজো৷ যুৱ খেলুৱৈক বাছি উলিয়াই তেওঁলোকক প্ৰতিভা প্ৰমাণৰ সুযোগ দিয়াৰ অৰ্থে এই ক্লাবটো গঠন কৰা হৈছিল৷ ইণ্ডিয়ান এৰোজ ক্লাবটো পৰিচালিত হয় মূলতঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বন আৰু ওড়িশা চৰকাৰৰ অৰ্থ সাহায্যত৷ দলটোত কোনো বিদেশী ফুটবলাৰো নাই৷ ইণ্ডিয়ান এৰোজৰ নামটো মেচ ফিক্সিঙৰ অভিযোগৰ সৈতে সাঙোৰ খাই পৰাটো সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ বাবে সমস্যা হৈ পৰিছে৷ এই বিষয়টোত ফেডাৰেশ্বনৰ মতে, দলৰে কোনোবা ব্যক্তি জড়িত থকাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি৷ যি পাঁচটা ক্লাবক ফিক্সিঙত জড়িত থকাৰ সন্দেহ কৰা হৈছে, আটাইকেইটা ক্লাবেই খেলে আই লীগত৷ যিজন উইলছন ৰাজ পেৰুমলৰ নিৰ্দেশত ভাৰতীয় ফুটবলত ফিক্সিঙৰ ঘটনা পৰিচালিত হয় বুলি সন্দেহ কৰা হৈছে, তেওঁ একাধিক ভুৱা সংস্থাৰ যোগেদি ভাৰতীয় ফুটবলত ফিক্সিঙৰ জালখন মেলিছিল৷ চিবিআয়ে ফুটবলাৰসকলৰ সৈতে হোৱা চুক্তিৰ লগতে স্পনছ’ৰশ্বিপ আৰু বিদেশী খেলুৱৈ, কৰ্মকৰ্তাৰ সৈতে হোৱা চুক্তিৰ সৈতে জড়িত থকা এজেঞ্চীৰ সবিশেষ বিচাৰিছে অভিযুক্ত ক্লাবকেইটাৰ পৰা৷ তদন্তকাৰী সংস্থাটোৰ ধাৰণা, তদন্ত প্ৰক্ৰিয়াত আৰু অধিক ক্লাব প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ফিক্সিঙত জড়িত থকাৰ তথ্য পোহৰলৈ আহিব পাৰে৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনেও বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লৈছে৷ ফেডাৰেশ্বনৰ সচিবপ্ৰধান ছাইজি প্ৰভাকৰণে এই সন্দৰ্ভত কয় যে ফুটবল দুৰ্নীতিমুক্ত হৈ থকা বিষয়টোত তেওঁলোকৰ স্থিতি সদায় স্পষ্ট৷ তদন্ত প্ৰক্ৰিয়াত ফেডাৰেশ্বনৰ ফালৰ পৰা চিবিআয়ে সম্পূৰ্ণ সহযোগিতা পাব৷ ভাৰতে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনাৰ বিষয়ে চৰ্চা চলাৰ সময়ত ফিক্সিঙৰ অভিযোগে ভাৰতীয় ফুটবলক বেকফুটলৈ ঠেলি দিব৷ ক্ৰিকেটত যিদৰে ফিক্সিঙত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয়, সেইদৰে ফুটবলতো দোষীসকলৰ কঠোৰ শাস্তি হোৱা উচিত৷ অন্যথা বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেলবিধৰ প্ৰতি সৰ্বসাধাৰণৰ আকৰ্ষণ হ্ৰাস পাব৷






