Logo
image

লাচিতৰ ৰচনা নিলিখিলে দৰমহা বন্ধ : শিক্ষকৰ হাহাকাৰ

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ: মহাবীৰ লাচিত বৰফুকনৰ ৰচনাৰ নামত এতিয়া লটি-ঘটিৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষককে ধৰি চৰকাৰী কৰ্মচাৰী৷ বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে সকলো চৰকাৰী শিক্ষক-কৰ্মচাৰীকে শৰাইঘাট যুঁজৰ বীৰ সেনাপতিজনৰ জীৱনী ৰচনা আকাৰে লিখি বিশেষ প’ৰ্টেলত আপলোড কৰাৰ বাবে নিৰ্দেশ দিছে৷ মহাবীৰ লাচিতৰ ৰচনা লিখি অনলাইনত অৰ্থাৎ ৱেবচাইট তথা প’ৰ্টেলত আপলোড নকৰিলে দৰমহা বন্ধ ৰাখিব বুলিও নিৰ্দেশনা জাৰি কৰিছে৷ স্বাভাৱিকতেই ৰচনা লিখি প’ৰ্টেলত নিৰ্দিষ্ট সময়ৰ ভিতৰত আপলোড কৰিব নোৱাৰিলে দৰমহা বন্ধ হোৱাৰ আশংকাত হাহাকাৰ কৰিবলগীয়া হৈছে শিক্ষক-কৰ্মচাৰীসকলে৷ জিলা উপায়ুক্তই শিক্ষকসকলক লাচিতৰ ৰচনা লিখি সময়মতে প’ৰ্টেলত আপলোড নকৰিলে দৰমহা বন্ধ ৰখাৰ সকীয়নি ভৰা পত্ৰ ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে৷ চৰকাৰৰ ফালৰ পৰা এই সকীয়নি সম্বলিত পত্ৰ পোৱাৰ পাছতেই লাচিতে একেৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰাৰ দৰে শিক্ষক-কৰ্মচাৰীসকলেও এতিয়া একেৰাতিৰ ভিতৰতে লাচিতৰ ৰচনা লিখি পুৱতি নিশালৈ উজাগৰে থাকি মোবাইল-লেপটপৰ সন্মুখত যুঁজি যুঁজি প’ৰ্টেলত ৰচনা আপলোড কৰাত নামি পৰা দেখা গৈছে৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তামুলপুৰ খণ্ড মিছন সমন্বয়কে চিআৰচিচিলৈ লাচিতৰ ৰচনাৰ ১০০ শতাংশ আপলোড নিশ্চিত কৰাৰ বাবে নিৰ্দেশনা দিয়াৰ লগতে ইয়াৰ অন্যথা উপায়ুক্তই দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া বিষয়টোও অৱগত কৰিছে৷ ইফালে, লাচিত বৰফুকনৰ ৰচনা লিখি প’ৰ্টেলত আপলোড কৰাৰ বাবে সময়সীমা ২৪ নৱেম্বৰৰ নিশা ১২ বজালৈ বৃদ্ধি কৰিছে৷ অৱশ্যে, বহুতে ৰচনা লিখিও প’ৰ্টেলত আপলোড কৰিব নোৱাৰাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰচনা জমা লৈ অনলাইনত আপলোডৰ বিশেষ ব্যৱস্থা কৰিছে৷ মুঠৰ ওপৰত লাচিত বৰফুকনৰ ৰচনাক লৈ শিক্ষক-কৰ্মচাৰীসকলৰ দিন-ৰাতি যেন একাকাৰ হৈ পৰিছে৷ ইফালে, প’ৰ্টেলত ৰচনা আপলোড কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সম্বলিত এখন প্ৰমাণ-পত্ৰ লাভ কৰে যদিও বহুতে আকৌ নিজৰ নাম নথকা উকা প্ৰমাণ-পত্ৰ লাভ কৰা বুলিহে অভিযোগ কৰিছে৷ ইফালে, চৰকাৰী তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যৰ ২৫ লাখ চৰকাৰী শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা নাগৰিকে লাচিত বৰফুকনৰ ৰচনা লিখি অনলাইনত আপলোড কৰিছে৷ জিলা পৰ্যায়ত বৰপেটা জিলাত সৰ্বাধিক ২,৩৯,৪২৫ লোকে ৰচনা লিখি তালিকাৰ শীৰ্ষত আছে৷ বৰপেটাৰ পাছতেই নগাঁও জিলাত ১,৭২,৭০৯, ওদালগুৰিত ১,১৩,৭৬২, কোকৰাঝাৰত ১,০৩,৪১৪ জন আৰু কামৰূপত ১ লাখ লোকে লিখিছে শৰাইঘাট ৰণৰ বীৰ যোদ্ধাজনৰ ৰচনা৷