Logo
image

গেছ-এচিডিটিৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

খাদ্যাভাস, দৈনন্দিনৰ ৰুটিনৰ তাৰতম্যৰ বাবে সাধাৰণতে পেটত খোৱাৰ আগে-পাছে গেছ সৃষ্টি হয়৷ এই গেছ বা এচিডিটিৰ ফলত অস্বস্তি অনুভৱ হোৱাৰ উপৰি দীৰ্ঘদিন ধৰি এনে সমস্যাৰ সৃষ্টি হৈ থাকিলে শৰীৰত আন ৰোগৰো আশংকা বৃদ্ধি পায়৷ সেয়েহে পেটত সৃষ্টি হোৱা গেছৰ পৰা মুক্তি পাবৰ বাবে সাধাৰণ কেইটামান নিয়ম মানি চলিব লাগে৷ 
(১) সাধাৰণতে হজম শক্তি হ্ৰাস পালে গেছ সৃষ্টি হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা গ্ৰহণ কৰিব লাগে৷ খোৱাৰ সময় সদায় নিৰ্দিষ্ট হ’ব লাগে৷  খোৱাৰ সময়ৰ তাৰতম্যৰ ফলত পেটত গেছ তথা এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ সেয়েহে পুৱা, দুপৰীয়া ৰাতিৰ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময় ঠিক কৰি লোৱা উচিত৷ 
(২) যিকোনো খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে৷ খাদ্য খোৱাৰ কমেও এঘণ্টাৰ পাছতহে পানী খোৱাৰ অভ্যাস কৰিব লাগে৷ খাদ্য খোৱাৰ সময়তে পানী খালে হজম শক্তিত ব্যাঘাত জন্মে৷ হজম শক্তিত ব্যাঘাত জন্মাৰ ফলত পৰিপাক তন্ত্ৰত হেঁচা পৰে৷ ইয়াৰ ফলত গেছ বা এচিডিটিৰ দৰে সমস্যাত ভুগিব পাৰে৷ 
কি খোৱা উচিত:  (ক)গেছৰ পৰা হাত সাৰিবৰ বাবে এচামুচ মৌৰ সৈতে আধা চামুচ মিচিৰি মিহলাই খাব পাৰে৷ ইয়াৰ ফলত হজম প্ৰক্ৰিয়া সহজ হৈ উঠে৷
(খ) কুহুমীয়া পানীত পাঁচ বা ছটা পদিনাৰ পাত মিহলাই খালেও সুফল পাব পাৰি৷
(গ) শোৱা আৰু উঠাৰ সময় সদায় নিৰ্দিষ্ট হ’ব লাগে৷ টোপনিৰ তাৰতম্যৰ বাবেও গেছ সৃষ্টি হয়৷ অতিকমেও প্ৰতিদিনে আঠঘণ্টা টোপনিৰ প্ৰয়োজন৷
(ঘ) ৰাতি সদায় লঘু আহাৰ খোৱাৰ অভ্যাস কৰিব লাগে৷ পৰাপক্ষত মাংস বা অন্য তৈলজাতীয় খাদ্য ৰাতি খোৱাৰ পৰা বিৰত থাকিব লাগে৷
(ঙ) প্ৰতিদিনে কমেও এঘণ্টাৰ বাবে শৰীৰ চৰ্চা কৰিলে গেছ বা এচিডিটিৰ পৰা হাত সাৰিব পাৰি৷
(চ) যিকোনো আহাৰ গ্ৰহণৰ দুঘণ্টাৰ পাছতহে গাখীৰ খাব লাগে৷ যিকোনো খাদ্যৰ সৈতে গাখীৰ খালেও গেছ সৃষ্টি পাৰে৷