Logo
image

লাচিত জয়ন্তী

যি সময়ত বৰ্তমানৰ হিন্দীবলয়ৰ প্ৰায়বোৰ ৰাজ্য মোগল সম্ৰাটৰ অধীন আছিল, সেই সময়ত অসম নামৰ বৰ্তমানৰ ভূ-খণ্ডৰ পৰা আহোম ৰজাৰ সেনাপতি লাচিত বৰফুকনে প্ৰবল পৰাক্ৰমেৰে মোগলক খেদিবলৈ সক্ষম হৈছিল৷ ১৬৭১ চনত হোৱা শৰাইঘাটৰ ৰণত আহোম সেনাপতি লাচিত বৰফুকনে মোগলক যুদ্ধত হৰুৱাই জাতি-মাটি-ভেটি, ভাষা-সংস্কৃতি ৰক্ষা কৰিছিল৷ অসমত অসমীয়া থাকে মানে লাচিত বৰফুকনৰ বীৰত্বৰ কথা প্ৰচলিত হৈ থাকিব৷ নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সকলো সময়তে সচেতন লাচিত বৰফুকনে কৰ্তব্যত অৱহেলা কৰাটো কেতিয়াও সহ্য কৰিব পৰা নাছিল৷ সেয়ে গড় বন্ধা কামত লেহেম কৰা দেখি কামটোৰ দায়িত্ববাহী লোকজনক শিৰশ্ছেদ কৰিছিল– ‘দেশতকৈ [মৌ-মাইক্ক] মোমাই ডাঙৰ নহয়’ বুলি৷ লাচিতৰ উগ্ৰ ৰূপ দেখি কৰ্মীসকলে সমৰ্পিত মনেৰে দেশৰ বাবে কাম কৰিছিল আৰু নিৰ্দিষ্ট সময়ৰ পূৰ্বেই গড়ৰ কাম শেষ কৰিছিল৷ শৰাইঘাটৰ যুদ্ধৰ পাছৰে পৰা আহোম ৰাজত্বৰ সেই গৌৰৱগাথা প্ৰতিজন স্বদেশানুৰাগী অসমীয়াৰ হৃদয়ে হৃদয়ে অনুৰণিত হৈ থাকিল যদিও অসমীয়াসকল ক্ৰমে সোৰোপা, এলেহুৱা হৈ আহিল৷ মানৰ আক্ৰমণ প্ৰতিৰোধৰ ক্ষমতা নথকা অসমীয়াই পাহাৰে-কন্দৰে লুকাই থাকিবলগীয়া হ’ল৷ ১৮২৬ চনত হোৱা ইয়াণ্ডাবু সন্ধি মতে, অসম ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলৰ অধীনলৈ যায়৷ শৰাইঘাটৰ যুদ্ধৰ পাছত আহোম ৰাজবংশত ক্ষমতা দখলৰহে কুটিল ৰাজনীতি সময়ে সময়ে চলিল৷ পৰৱৰ্তী সময়ত লাচিত বৰফুকনৰ দৰে প্ৰবল পৰাক্ৰমী বীৰ আহোম ৰজাই সৃষ্টি কৰিব নোৱৰাৰ বাবেই আহোম ৰজাৰ বেলি মাৰ গ’ল৷

যদিও অসমৰ প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ বীৰত্বৰ কথা অনুৰণিত হৈ থাকে, তথাপি ২০১৬ চনৰ পৰা অসমত শৰাইঘাটৰ ৰণে অধিক চৰ্চা লাভ কৰে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনক বিজেপিয়ে শৰাইঘাটৰ শেষ ৰণ আখ্যা দিছিল৷ সেই নিৰ্বাচন জিকি বিজেপিয়ে অসমত শাসন ক্ষমতা দখল কৰিলে যদিও অসম বিদেশীমুক্ত নহ’ল৷ অসমৰ পৰা মোগলৰূপী বিদেশীক বিজেপিয়ে খেদিব নোৱাৰিলে৷ বিপৰীতে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ প্ৰতি সংকট কঢ়িয়াই আনিছে৷ পুনৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ বুলি নিৰ্বাচনী সভাত প্ৰচাৰ চলোৱা দলটোৱে আকৌ নিৰ্বাচনত জিকি শাসন ক্ষমতা দখল কৰিলে যদিও অসমৰ জাতি-মাটি-ভেটি, ভাষা-সংস্কৃতি সুৰক্ষিত কৰিবলৈ অক্ষম বুলিহে প্ৰমাণ পোৱা গৈছে৷ চুবুৰীয়া ৰাজ্যই অসমৰ সীমাৰ মাটি দখল কৰি অসমৰ পৰিসৰ সংকুচিত কৰিহে আনিছে৷ ইফালে ৰাজ্যখনত মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানত তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াব বুলি ঘোষণা কৰি চৰকাৰে মাতৃভাষাৰ প্ৰতি শংকা কঢ়িয়াই আনিছে৷ শৰাইঘাট ৰণৰ সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী দিল্লীত মহা আয়োজনেৰে উদ্‌যাপন কৰা চৰকাৰখনে লাচিত বৰফুকনৰ যি কৰ্তব্যবোধ, দায়িত্ব তাক নিয়াৰিকৈ পালন কৰিবনে? লাচিত বৰফুকনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ-প্ৰসাৰ কৰাটো নি(য় প্ৰশংসনীয় কথা; কিয়নো লাচিতৰ বীৰত্ব, দেশপ্ৰেম, ৰণ-কৌশল, বুদ্ধিদীপ্ততা শিৱাজী বা মহাৰাণা প্ৰতাপ সিংহৰ তুলনাত কোনোগুণে কম নহয়৷ কিন্তু লাচিতৰ নাম লৈ অসমীয়া জাতিটোক প্ৰতাৰণা কৰিলে, সেয়া হ’ব জাতিদ্ৰোহ৷ অসমৰ শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাসৰ কথা আজি সমগ্ৰ দেশতে প্ৰচাৰ কৰি ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁট চৰকাৰে জনগণক দেশপ্ৰেম, কৰ্তব্যবোধৰ কথা সোঁৱৰাই দিয়াটো অতি সুন্দৰ পদক্ষেপ৷ কিন্তু এইখন চৰকাৰৰ দিনতে অসমৰ খিলঞ্জীয়া লোকৰ জাতি-মাটি-ভেটি, ভাষা-সংস্কৃতি সংকটাপন্ন হোৱাটোহে আশ্চৰ্য কথা৷ সেয়ে অসম চৰকাৰৰ প্ৰতিজন মন্ত্ৰী-বিধায়ককে লাচিতৰ দৰে দৃঢ় সংকল্প লৈ জাতিটোৰ, দেশৰ উন্নয়নৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰাৰ সংকল্প ল’লেহে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী পালন কৰাটো সাৰ্থক হ’ব৷