Logo
image

কনৰাডৰ দৰেই অসম আৰক্ষীক দোষাৰোপ মুখ্যমন্ত্ৰী হিমন্তৰো : অমিত শ্বাহক ওজৰ দিবলৈ দিল্লীলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী উবাচ

হিমন্তবিশ্ব শৰ্মা: অসম আৰক্ষীয়ে বেছিকৈ গুলী চলালে, অসম আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল, মেঘালয়ে বিচৰাৰ আগতেই আমি চিবিআই তদন্ত বিচাৰিছোঁ, এয়া আমি সন্মানৰ যুঁজ হিচাপে লোৱা নাই...
কনৰাড চাংমা: অসমৰ পুলিচ আৰু ফৰেষ্ট গাৰ্ডে অকতৃৰ্ত্বশীলভাৱে মেঘালয়ত প্ৰৱেশ কৰি গুলীয়াই মানুহ মাৰিলে, এয়া মেঘালয় চৰকাৰে সহজভাৱে লোৱা নাই...

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: অসম-মেঘালয়ৰ সীমা বিবাদে এতিয়া যেন চৰম পৰ্যায় পাইছেগৈ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিঙৰ মুক্ৰত অসমৰ বনৰক্ষী আৰু মেঘালয়ৰ দুবৃৰ্ত্ত তথা স্থানীয় উন্মত্ত লোকৰ সংঘাতত ৬জন লোকৰ মৃত্যু হোৱাৰ পাছতেই দুয়োখন ৰাজ্যতে ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে৷ চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা অসমৰ বনৰক্ষী তথা গৃহৰক্ষী জোৱানৰ দলৰ ওপৰত মেঘালয়ৰ উন্মত্ত লোক তথা দুবৃৰ্ত্তই হাতে হাতে যাঠী-জোং লৈ আক্ৰমণ কৰাত প্ৰাণৰক্ষাৰ বাবে অসমৰ দলটোৱে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল৷ এই সংঘৰ্ষত মেঘালয়ৰ ৫জন লোকৰ লগতে অসমৰ বিদ্যাছিং লেকথেৰ নামৰ গৃহৰক্ষী জোৱানজনৰো মৃত্যু হৈছিল যদিও কোনো তদন্তৰ অবিহনেই অসমেই ভুল কৰা বুলি এক কথাত দোষ মানি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তদন্তৰ অবিহনে অসমৰ মুখ্যমন্ত্ৰীয়ে দোষ মানি ল’লে যদিও অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক কোনে গুলীয়ালে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কোনো কথাই ৰাজহুৱা নকৰিলে৷ অথচ ইয়াৰ বিপৰীতে কনৰাড চাংমাৰ দৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সীমান্তৰ ঘটনাৰ বাবে অসম আৰক্ষীকহে দোষাৰোপ কৰিলে৷ মেঘালয়ৰ দুৰ্বৃত্তৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে গুলী চালনা কৰিবলগীয়া হোৱাৰ পাছতো ওলোটাই মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ গুলীয়াব নালাগিছিল বুলিহে মন্তব্য কৰিছে৷ মেঘালয় চৰকাৰৰ প্ৰতিক্ৰিয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলি কৰাৰ লগতে জিৰিকিন্দিং থানাৰ অ’চি আৰু খেৰণি বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়াজনকো নিলম্বন কৰে৷ এসময়ত দুবৃৰ্ত্ত তথা অপৰাধীক আঁঠুৰ তলত গুলীয়াবলৈ অসম আৰক্ষীক মুকলিকৈ আহ৩ান জনোৱা মুখ্যমন্ত্ৰী শৰ্মাই এই সংঘৰ্ষৰ ২৪ ঘণ্টা নৌহওঁতেই মৃত মেঘালয়ৰ ৫ দুবৃৰ্ত্তৰ পৰিয়ালক অসম চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কথাও ঘোষণা কৰে৷ অৱশ্যে মেঘালয়ৰ ওচৰত আগতীয়াকৈ দোষ স্বীকাৰ কৰি অসমৰ বনৰক্ষীৰ দলটোকে গুলীচালনাৰ বাবে দোষাৰোপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংঘৰ্ষৰ ঘটনাৰ উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্তৰ ঘোষণা কৰাৰ লগতে ঘটনাটো চিবিআই বা নিয়াৰ তদন্তৰ বাবেও আহ৩ান জনায়৷ ইমানদিনে সীমান্তৰ মুক্ৰ অঞ্চল পশ্চিম কাৰ্বি আংলং জিলাৰ বুলি দাবী কৰি অহা হৈছিল যদিও অসমৰ মুখ্যমন্ত্ৰী এনে স্থিতিৰ পাছত মুক্ৰ অঞ্চলটোক মেঘালয়ৰ বুলি সদৰী কৰি টুইট কৰা দেখা গ’ল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক৷ লক্ষণীয় বিষয়টো হৈছে সীমান্তৰ ঘটনাক লৈ ৰাজ্য অগ্নিগৰ্ভ হ’লেও এই মুহূৰ্তত যেন অসম অভিভাৱকহীন হৈ পৰিছে৷ কিয়নো সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব একমাত্ৰ ডি আই জি সত্যৰাজ হাজৰিকাৰ হাতত এৰি দি সীমান্ত উন্নয়ন মন্ত্ৰী-ৰাজহ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ডিজিপি আৰু আইন শৃংখলাৰ এছ ডি জি পি পৰ্যন্ত সকলো এতিয়া দিল্লীৰ লাচিত দিৱসৰ কাৰ্যসূচীত ব্যস্ত৷ দিছপুৰৰ এনে উদাসীনতাৰ বিপৰীতে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰ অঞ্চল মেঘালয়ৰ বুলি দাবী কৰাতে ক্ষান্ত নাথাকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে অসমৰ সংঘৰ্ষস্থলীও পৰিদৰ্শন কৰে৷ কেৱল মুখ্যমন্ত্ৰী কনৰাড চাংমাই নহয়, ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ লগত এটা মন্ত্ৰী-বিধায়কৰ দলৰ উপৰি বিৰোধী নেতা তথা মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ঘটনাস্থলী পৰিদৰ্শন কৰে৷ কিন্তু চুবুৰীয়া ৰাজ্যখনৰ এই সক্ৰিয়তাৰ বিপৰীতে বুধবাৰে অসমৰ মন্ত্ৰীগনৰ পৰিৱৰ্তে বন বিভাগৰ পি চি পি এফহে ঘটনাস্থলীত উপস্থিত হোৱা দেখা যায়৷ অৱশ্যে, অসম চৰকাৰে সীমান্তৰ ঘটনাৰ ন্যায়িক তদন্ত আৰু চি বি আইৰ তদন্তৰ ঘোষণা কৰিলেও কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মেঘালয়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংঘৰ্ষৰ সন্দৰ্ভত অভিযোগ দিয়াৰ বাবে সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ কাইলৈ বিয়লি চাৰি বজাত গৃহমন্ত্ৰী শ্বাহক ওজৰ দিয়াৰ বাবে কনৰাড চাংমাই সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে, অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবে সীমান্তত উত্তেজনা বৃদ্ধি পোৱা বুলি সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ কৰিছে যদিও নেছ’ৰ অন্তৰ্গত মেঘালয়ৰ খাছি ছাত্ৰ সন্থা তথা স্থানীয় উন্মত্ত লোকে সীমান্তৰ সংঘৰ্ষক কেন্দ্ৰ কৰি শ্বিলংস্থিত অসম ভ্ৰমণ ঘেৰাও কৰি ক’লা পতাকা আঁৰি দিয়াৰ লগতে আৰক্ষীৰ বাহন তথা বাণিজ্যিক বাহন সমূহত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে৷ মেঘালয়ৰ উন্মত্ত লোক তথা খাছি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ বাবে বুধবাৰে ৰাজধানী শ্বিলঙকে ধৰি মেঘালয়ৰ চৰকাৰী অফিচ-কাছাৰীসমূহ বন্ধ হৈ পৰে৷ ইয়াৰ মাজতে মেঘালৰ শ্বেয়াৰ টেক্সী সমূহত অসমৰ যাত্ৰীক কঢ়িওৱাৰ ব্যৱস্থা কৰে যদিও ৫০০ টকা ভাৰাৰ বিপৰীতে ২০০০ টকা পৰ্যন্ত আদায় কৰাৰ অভিযোগ উঠিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত ঘোষণা কৰাৰ পাছতেই অসম আৰক্ষীয়ে মঙলবাৰৰ ঘটনাৰ সময়ত মেঘালয়ৰ উন্মত্ত লোকক উচটনি যোগোৱাৰ অভিযোগত মুক্ৰৰ গাঁওবুঢ়া হাম্বৈ আৰু জয়ন্তীয়া পাহাৰ জিলাৰ পৰিষদৰ সদস্য আইবৰ চাদাপৰ বিৰুদ্ধে জিৰিকিন্দিং থানাত গোচৰ ৰুজু কৰিছে৷
অসম আৰক্ষীয়ে বেছিকৈ গুলী ফুটালে: মুখ্যমন্ত্ৰী শৰ্মা
গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত অসম আৰক্ষীকে দোষাৰোপ কৰে৷ বুধবাৰে উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়– অসম আৰক্ষীয়ে অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন৷ অসম আৰক্ষীয়ে অলপ বেছি ফায়াৰিং কৰিলে যেন মোৰ লাগে৷ এতিয়া উক্ত ঘটনা  মুকৰোতে আবদ্ধ হৈ থকা নাই৷ এইটো অসম-মেঘালয় সীমা সমস্যা নহয়৷ বনাঞ্চলত কিছুলোকে এখন ট্ৰাকত কিছু কাঠ কাটিবলৈ গৈছিল৷ ফৰেষ্টাৰ এজনে গাড়ীখন ৰখাই তিনিজনক গ্ৰেপ্তাৰ কৰি আনিলে৷ তাতে ওচৰত থকা গাঁওখন মুক্ত হৈ পৰিল আৰু আমাৰ আৰক্ষীয়ে যেতিয়া গাড়ীখন আনিবলৈ গ’ল তেতিয়া আৰক্ষী আৰু গাঁৱৰ মানুহৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি হয়৷ আৰক্ষীয়ে যিমান ফায়াৰিং কৰিছে সিমান ফায়াৰিং কৰাৰ প্ৰয়োজন নাছিল৷ আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল৷ এইটো অসম-মেঘালয়ৰ সীমা সমস্যা নহয়৷ অসম আৰক্ষীয়ে প্ৰয়োজনতকৈ অধিক গুলীচালনা কৰা যেন লাগে৷ উক্ত সময়ত আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন৷  ছয়জন লোকৰ মৃত্যু হোৱাটো সকলোৰে বাবে দুখৰ বিষয়৷ আনহাতে, ঘটনাৰ ন্যায়িক তদন্ত কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে এই সমগ্ৰ ঘটনাৰ তদন্ত চি বি আই নাইবা এন আই এৰ দ্বাৰা কৰোৱাৰ বাবে অনুৰোধ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত অসম চৰকাৰে অতি দায়বদ্ধতাৰে নিজৰ কাম কৰিছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত ঘটনাটোক লৈ কেইবাবাৰো আলোচনা হৈছে৷ আনহাতে, ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী সৰৱ হোৱা বিষয়ত তেওঁ কয় যে তেওঁলোকে বিচৰাৰ আগতেই আমি চি বি আই তদন্ত বিচাৰিছোঁ৷ নিজৰ মানুহৰ মৃত্যু হ’লে খং উঠাটো স্বাভাৱিক৷ আমি ইয়াক সন্মানৰ যুঁজ হিচাপে লোৱা নাই৷ যদি অসম আৰক্ষীৰ ভুল আছে তেন্তে তদন্তৰ আওতাত তেওঁলোকো আহিব৷ উল্লেখ্য, পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ মঙলবাৰে সংঘটিত ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫জন খাচী লোকৰ মৃত্যু হৈছিল৷ উল্লেখ্য, মঙলবাৰে নিশা শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে৷ শ্বিলঙত অসমৰ কেইবাজনো বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে৷ আক্ৰমণৰ ঘটনা আজিও অব্যাহত আছে৷ অসমৰ পঞ্জীয়নযুক্ত বাহন দেখিলেই খাচীয়াই আক্ৰমণ কৰিবলৈ লৈছে৷ ঘেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে৷ গুলীচালনাৰ ঘটনাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই ফোনযোগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পতাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ সংক্ৰান্তত ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকক অপসাৰণ কৰে৷ জিৰিকেন্দ্ৰিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা খেৰনি ফৰেষ্ট ৰেঞ্জ অফিচাৰকো নিলম্বিত কৰে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে বিশাল মন, হৃদয়ৰ পৰিচয় দি নিহত মেঘালয়ৰ পাঁচজন ব্যক্তিৰ পৰিয়াললৈও পাঁচ লাখ টকাৰ এককালীন সাহায্য অসম চৰকাৰৰ তৰফৰ পৰাও ঘোষণা কৰে৷ কিন্তু ইয়াৰ পাছতে এক সংবাদমেল পাতি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘটনাৰ বাবে কেৱল অসমক জগৰীয়া কৰি এনেদৰে ক’লে–‘ৱেষ্ট জয়ন্তী হিলচ জিলাৰ মুকৰো গাঁৱত আজি এটা অপ্ৰত্যাশিত ঘটনা ঘটিল৷ অসম পুলিচ আৰু অসম ফৰেষ্ট গাৰ্ডে মেঘালয়ৰ মুকৰো গাঁৱত অকতৃৰ্ত্বশীলভাৱে প্ৰৱেশ কৰি গুলীচালনা কৰাৰ ফলত ছয় জন লোকৰ মৃত্যু হয়৷ মৃতকৰ ভিতৰত অসমৰো এজন ফৰেষ্ট গাৰ্ড আছে৷ ৰিপ'ৰ্ট মতে অসম পুলিচ আৰু ফৰেষ্ট গাৰ্ডে এখন কাঠ কঢ়িওৱা ট্ৰাক খেদি গৈ মুকৰো গাঁৱত জব্দ কৰে৷ এই কথা জানিব পাৰি মুকৰো গাঁৱত স্থানীয় বহু মানুহ গোট খায় আৰু অসম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ দলটোক ঘেৰি ধৰে৷ ইয়াৰ পাছতে অসম পুলিচে গুলীচালনা কৰে৷ ফলত মেঘালয়ৰ পাঁচজন আৰু অসমৰ এজন ফৰেষ্ট গাৰ্ডৰ থিতাতে মৃত্যু হয়৷ মেঘালয়ৰ গৃহমন্ত্ৰীয়ে অন স্পট ঘটনাস্থলীলৈ গৈ ঘটনাৰ ছৰজমিন কৰে৷ ঘটনাৰ সন্দৰ্ভত মেঘালয় চৰকাৰে চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে মেঘালয় পুলিচে এখন এফ আই আৰ ৰুজু কৰিছে৷ অসম পুলিচ আৰু অসম ফৰেষ্ট গাৰ্ড মেঘালয়ৰ মাটিত সোমাই অকৰ্তৃশীলভাৱে গুলীচালনা কৰিছে৷ ইয়াক সহজভাৱে গ্ৰহণ কৰা নাই মেঘালয় চৰকাৰে৷ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে জৰুৰী কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰা হৈছে৷ চেৰী ব্লছম উৎসৱকে ধৰি আন সকলো চৰকাৰী উৎসৱ বাতিল কৰা হৈছে৷’ উল্লেখ্য যে আজিৰ গুলীচালনাত নিহত হোৱা অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ মৃতদেহো মেঘালয়ে লৈ যায়৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে কাইলৈ বিদ্যাছিঙৰ মৃতদেহ অসমক ঘূৰাই দিয়াৰ সম্ভাৱনা আছে৷
সীমান্তৰ ঘটনাৰ তদন্ত কৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু চিবিআয়ে
অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অসম আৰক্ষীৰ গুলীচালনাত কেইবাজনো লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে অসম চৰকাৰে৷ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ চিবিআইৰ এই তদন্তৰ সমান্তৰালকৈ ন্যায়িক তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকনক প্ৰদান কৰাৰ সিদ্ধান্তও আজিৰ কেবিনেট বৈঠকত গৃহীত হয়৷ লক্ষণীয়ভাৱে বৈঠকত অসম আৰক্ষীৰ গুলীচালনা কৰাৰ ঘটনাক গৰিহণা দিয়ে মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে৷ আনহাতে, কেবিনেট বৈঠকৰ পূৰ্বে সাংবাদিকৰ আগত সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসম আৰক্ষীক একপ্ৰকাৰ ভৎৰ্সনা কৰাহে পৰিলক্ষিত হয়৷ তেওঁ কয় যে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষী ইমান আক্ৰমণাত্মক হ’ব নালাগিছিল৷ যিমান প্ৰয়োজন আছিল তাতকৈ আৰক্ষীয়ে অধিক গুলীচালনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে৷ লগতে তেওঁ এয়াও কয় যে, অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত এই ঘটনাক অসম-মেঘালয়ৰ সীমাবিবাদ বুলি চিহ্নিত কৰিব নোৱাৰি৷ ইয়াক আমি অসম আৰক্ষী আৰু মেঘালয়ৰ গাঁওখনৰ স্থানীয় লোকৰ মাজত সংঘাত বুলি ক’ব পাৰি৷ ইপিনে কেবিনেট বৈঠকৰ পাছত ন্যায়িক তদন্তৰ উপৰি চিবিআইক তদন্ত দিয়াৰ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কয় যে, অসম আৰু মেঘালয় আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰিলে সেয়া নিৰপেক্ষ নহ’ব পাৰে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিব পাৰে৷ সেয়েহে আৰক্ষীপৰ্যায়ৰ তদন্তৰ দায়িত্ব অসম চৰকাৰে চিবিআইক প্ৰদান কৰিছে৷ তেওঁ কয় যে, কেবিনেট বৈঠকত সমগ্ৰ ঘটনাৰ নিন্দা প্ৰকাশ কৰাৰ লগতে সংঘাতত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰা হৈছে৷ তেওঁ কয় যে, ন্যায়িক তদন্তৰ দায়িত্ব প্ৰদান কৰা ন্যায়াধীশ ৰুমি ফুকনক ৬০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে দোষী ব্যক্তিসকলৰ বিৰুদ্ধে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰিবলৈ চৰকাৰে কুণ্ঠাবোধ নকৰিব বুলিও বৰুৱাই স্পষ্ট কৰি দিয়ে৷ আনহাতে, গৃহীত কেবিনেট সিদ্ধান্ত অনুসৰি, সীমান্তত মাৰণাস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত এখন এছ অ’ পি প্ৰস্তুত কৰিবলৈ আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগক নিৰ্দেশ প্ৰদান কৰা হৈছে৷ অপ্ৰীতিকৰ পৰিস্থিতিত আৰক্ষীয়ে প্ৰথমতে ৰাবাৰ বুলেটো ব্যৱহাৰ কৰিব পাৰে বুলি মন্ত্ৰী বৰুৱাই মত ব্যক্ত কৰি কয় যে, সীমান্তত আৰক্ষীক সংযত হোৱাৰ বাবেই এছ অ’ পি প্ৰস্তুত কৰা হ’ব৷ তেওঁ আৰু কয় যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ সৈতে অত্যন্ত মধুৰ সম্পৰ্ক থকাটো বিচাৰে৷ সীমা বিবাদবোৰ আলোচনাৰ জৰিয়তে মীমাংসাৰ পৰ্যায়লৈ লৈ অনা হৈছে৷ তেনেক্ষেত্ৰত এইধৰণৰ ঘটনাবোৰে যাতে কোনো সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে অসম চৰকাৰে যত্ন লৈছে৷ ইতিমধ্যে কালিৰ ঘটনাৰ এখন প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে যদিও উক্ত প্ৰতিবেদনকলৈ মন্ত্ৰীজনে কোনো মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে৷ তেওঁ কয় যে, আমি অভিযোগ-প্ৰতি অভিযোগত যাব বিচৰা নাই যদিও আমি জানোঁ তাত কি কি হৈছে৷ আনহাতে, ঘটনাৰ পাছত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী উভয়ে ফোনযোগে কথা পাতিছে বুলি বৰুৱাই জানিবলৈ দিয়ে৷ গুলীচালনাৰ ঘটনাৰ পাছত মেঘালয়ৰ বিভিন্ন ঠাইত দুই-এটা সৰু-সুৰা ঘটনা ঘটিছে যদিও দুয়ো ৰাজ্যৰ আৰক্ষীয়েও কথা পাতি সমস্যা দূৰ কৰাৰ চেষ্টা চলাই আছে৷ মেঘালয়ত অসমৰ কিছুসংখ্যক লোক প্ৰথমতে আবদ্ধ হৈ আছিল যদিও তেওঁলোক পাছত সুকলমে উভতি আহিব পাৰিছে বুলিও তেওঁ সাংবাদিকক জানিবলৈ দি কয় যে, আজি ৰাজ্যখনত কোনোধৰণ অপ্ৰীতিকৰ ঘটনা ঘটা নাই তথা পৰিস্থিতি ইতিবাচক দিশে গতি কৰিছে৷