Logo
image

খালী পেটত মিছিৰি খালে পোৱা যায় সুফল

চেনীৰ বিকল্প হিচাপে মিছিৰি ব্যৱহাৰ কৰিব পাৰে৷ বিশেষকৈ ডায়েবেটিছত আক্ৰান্ত লোকে মিছিৰি খাব পাৰে৷ পুৱাই খালী পেটতে মিছিৰি পানী খালে পেট পৰিষ্কাৰ হোৱাৰ উপৰি চৰ্দি-কাহ আদিৰ পৰা উপশম পাব পাৰি৷ 
মিছিৰি কিদৰে খাব 
(১) কাহ-চৰ্দিত উপকাৰী: কাহ-চৰ্দি আদিত আক্ৰান্ত হ’লে মিছিৰি  ঘিউৰ সৈতে মিলাই খাব লাগে৷ আনহাতে অলপ কুহুমীয়া পানীত কেইটুকুৰামান মিছিৰিৰ লগতে জলকীয়াৰ গুৰি মিহলাই খালে কাহ-চৰ্দিৰ পৰা সোনকালে উপশম পাব পাৰি৷ গাখীৰৰ সৈতে মিছিৰি খালেও বহু উপকাৰ পোৱা যায়৷
(২) হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰে: শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে ৰক্তহীনতাৰ লগতে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ হোৱাৰ উপৰি ভাগৰ লগা, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ এনে সমস্যাৰ সৃষ্টি হ’লে নিয়মীয়াকৈ মিছিৰি খালে হিম’গ্লবিনৰ মাত্ৰা অটুট থাকে আৰু ৰক্ত সঞ্চালন ঠিকে থাকে৷
(৩) সহজতে খাদ্য হজম: মিছিৰি খালে খাদ্য সহজে হজম হয়৷ 
(৪) এনাৰ্জি বুষ্টাৰ: নিয়মীয়াকৈ মিছিৰি খালে শৰীৰৰ শক্তি বৃদ্ধি পায়৷  সেয়ে মিছিৰিক এনাৰ্জি বুষ্টাৰ বুলি কোৱা হয়৷ 
(৫) নাকৰ পৰা তেজ ওলোৱাত বাধা দিয়ে: নাকৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাত ভোগে বিভিন্ন বয়সৰ লোক৷ মিছিৰি পানী নিয়মীয়াকৈ খালে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়৷ 
(৬) শুক্ৰাণু বৃদ্ধি পায়: মিছিৰি খালে শুক্ৰাণু উন্নত হয়৷ 
পুৱাই মিছিৰি পানী খোৱাৰ অভ্যাস কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷