নেপালৰ নিজা সমষ্টিত ক্ৰমাগত সপ্তমবাৰলৈ জয়ী প্ৰধানমন্ত্ৰী দেউবা
আমাৰ অসম, ২৪ নৱেম্বৰঃ নেপালত দেওবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত নেপালী কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাৰে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ সময়তে মূল বিৰোধী নেপালী কমিউনিষ্ট পাৰ্টী-ইউএমএল মিত্ৰজোঁটে বিৰোধী আসনতে সন্তুষ্ট থাকিব লাগিব৷ এই বাতৰি লিখা পৰলৈকে নেপালৰ সাধাৰণ নিৰ্বাচনৰ সবিশেষ ফলাফল পোহৰলৈ অহা নাই৷ কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই তেওঁৰ পৰম্পৰাগত দডেলধুৰা সমষ্টিৰ পৰা একেৰাহে সপ্তমবাৰলৈ নিৰ্বাচিত হয়৷ ৭৭ বছৰীয়া দেউবাই ২৫,৫৩৪টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ মূল প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী সাগৰ ধাকালে মাত্ৰ ১,৩০২টা ভোটহে পায়৷ বলীউডৰ অভিনেতা অনিল কাপুৰৰ ‘নায়ক’ চিনেমাৰ নায়কৰ দৰেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু পৰাস্ত হ’বলগীয়া হয়৷ পাঁচটা দশকৰ ৰাজনৈতিক কেৰিয়াৰত দেউবাই এবাৰো সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱা নাই৷ দেওবাৰে নেপালৰ সংসদ আৰু সাতখন প্ৰাদেশিক এছেম্বলীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ নেপালী সংসদৰ ২৭৫খন আসনৰ ভিতৰত ১৬৫খন আসনৰ বাবে ভোটদান হোৱাৰ বিপৰীতে ১১০জন সাংসদক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হ’ব৷ আনহাতে, প্ৰাদেশিক এছেম্বলীৰ ৫০০খন আসনৰ ভিতৰত ৩৩০খনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২০জন সদস্যক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হ’ব৷






