Logo
image

এইবাৰ এইচপি কোম্পানীয়ে কৰিব চাটাই

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: বিশ্বৰ আগশাৰীৰ কোম্পানীবোৰে বৃহৎসংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰোৱাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ বিশ্বৰ অৰ্থনীতিত অহা মন্দা আৰু কোম্পানীবোৰে সন্মুখীন হোৱা বৃহৎ লোকচানৰ বাবেই হাজাৰ হাজাৰ লোকক চাকৰিৰ পৰা আঁতৰাবলৈ বাধ্য হৈছে আগশাৰীৰ কোম্পানীবোৰে৷ এইবাৰ এই বাতৰি আহিছে যে আমেৰিকাৰ আন এটা আগশাৰীৰ কোম্পানী ‘হিউলিট-পেকাৰ্ড’ অৰ্থাৎ ‘এইচপি’য়ে ইয়াৰ ১০ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰিব৷ এইচপি কম্পিউটাৰ, লেপটপ আদিৰ বাবে প্ৰখ্যাত এই কোম্পানীটোৱে বৰ্তমান লোকচানৰ সন্মুখীন হৈছে৷ কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্‌টৱেৰ, আইটি সেৱা, আইটি কনচালটিং আদিৰ বাবে বিশ্বজুৰি বিখ্যাত কোম্পানীটোৱে অহা তিনি বছৰত ৬০০০ হাজাৰ অৰ্থাৎ ১০ শতাংশ কৰ্মচাৰী আঁতৰোৱাৰ সিদ্ধান্ত লৈছে৷ বৰ্তমান বজাৰত এইচপিৰ কম্পিউটাৰ, লেপটপৰ চাহিদা আগতকৈ হ্ৰাস পোৱা বাবেই কোম্পানীটোৱে সমস্যাৰ সন্মুখীন হৈছে৷ বৰ্তমান বিশ্বজুৰি এইচপি কোম্পানীৰ আছে ৬১ হাজাৰ কৰ্মচাৰী৷ এইচপিৰ মুখ্য কাৰ্যবাহী বিষয়া এনৰিক লৰেছে এই কথা প্ৰকাশ কৰে৷