Logo
image

স্বেচ্ছাই পদত্যাগৰ আহ্বান এমাজনৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ  আমেৰিকাৰ সৰ্ববৃহৎ ই-কমাৰ্চ আৰু ৰিটেইল কোম্পানী এমাজনে অলপতে দহ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰাইছিল৷ এইবাৰ এই কথা পোহৰলৈ আহিছে যে কোম্পানীটোৱে ভাৰতৰ একাংশ কৰ্মচাৰীক স্বেচ্ছাই পদত্যাগ কৰিবলৈ বা কোনোধৰণ আৰ্থিক লাভালাভ অবিহনে আঁতৰি যাবলৈ আহ্বান জনাইছে৷ গতিকে এই নিৰ্দেশ লাভ কৰাৰ পাছতে এমাজনত থকা বহু ভাৰতীয় কৰ্মচাৰীয়ে ভিএছপি অৰ্থাৎ স্বেচ্ছামূলক পদত্যাগৰ সিদ্ধান্ত লৈছে৷ বিশেষকৈ এমাজনক এল ১১ পৰা এল ৭ বেণ্ডৰ একাংশ ভাৰতীয় কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ সিদ্ধান্ত লয়৷