নহৰুৰ সৈতে গাখীৰ খালে এইবোৰ সমস্যা নিৰাময় হয়
আমি হালধি আৰু গাখীৰ একেলগে খোৱাৰ বিষয়ে জানো বা শুনিছো৷ কৰ’নাৰ সময়ত ৰোগ নিৰাময় ক্ষমতা বৃদ্ধিৰ বাবে বহুতেই হালধিৰ সৈতে গাখীৰ খোৱা কৰিছিল৷ কিন্তু অকল হালধিৰ সৈতেই নহয়, নহৰুৰ সৈতেও গাখীৰ খালে পোৱা যায় বহু উপকাৰিতা৷ শেহতীয়া এক সমীক্ষা মতে নহৰু আৰু গাখীৰ একেলগে খালে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ উপৰি বিভিন্ন শাৰীৰিক সমস্যা নিৰাময় হয়৷ অকল সমীক্ষাই নহয়, আয়ুৰ্বেদ শাস্ত্ৰতো নহৰু আৰু গাখীৰ একেলগে খালে হোৱা উপকাৰিতাৰ বিষয়ে উল্লেখ আছে৷ নহৰুৰ সৈতে গাখীৰ খালে হোৱা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেওঁলোকৰ বহুতেই নিতৌ গৰম গাখীৰ খোৱা কৰে৷ এইবাৰ গৰম গাখীৰত নহৰু থেতেলি দি খোৱা কৰক৷ দেখিব পিছদিনা পেট সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিছে৷ নহৰু আৰু গাখীৰৰ মিশ্ৰণে গেছৰ সমস্যাও নাইকিয়া কৰে৷
[২] কলেষ্টেৰ’লৰ উচ্ছ মাত্ৰাই হূদযন্ত্ৰত সমস্যাৰ সৃষ্টি কৰে৷ এনে সমস্যাৰ পৰা নিৰাময় লাভ কৰিবলৈ গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷ গাখীৰ আৰু নহৰুৰ মিশ্ৰণে কলেষ্টেৰ’ল নিয়ন্ত্ৰণত ৰখাৰ লগতে হূদযন্ত্ৰলৈ তেজৰ সৰবৰাহ সুচল কৰি ৰাখে৷
[৩] যিসকলৰ মাইগ্ৰেনৰ সমস্যা আছে তেওঁলোকে ইয়াৰ যন্ত্ৰণা কিমান অসহ্যকৰ সেই বিষয়ে জানে৷ গাখীৰ আৰু নহৰু মিহলাই খালে মাইগ্ৰেনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷
[৪] গাঁঠিৰ বিষ আৰু বাতবিষৰ দৰে সমস্যাৰ ক্ষেত্ৰতো নহৰু আৰু গাখীৰ একেলগে খালে পৰিত্ৰাণ পাব পৰা যায়৷ গৰম গাখীৰে বিষ উপশম কৰে আৰু নহৰুৱে প্ৰদাহ নিৰাময় কৰে৷ এনে ক্ষেত্ৰত গাখীৰ আৰু নহৰু একেলগে খালে গাঁঠিৰ বিষ আৰু বাতবিষৰ দৰে সমস্যা নিৰাময় হয়৷
[৫] বহুতে শালমনৰ সমস্যাত ভোগে৷ যিসকলৰ এই সমস্যা আছে তেওঁলোকে গাখীৰ আৰু নহৰু মিহলাই খাওক৷ দেখিব শালমন নাইকিয়া হ’বলৈ ধৰিছে৷