Logo
image

এমাহতে হাওঁফাওঁ পৰিষ্কাৰ কৰক এইদৰে

সম্প্ৰতি সমগ্ৰ বিশ্বত প্ৰায় ৬৫ নিযুত লোক হাওঁফাওঁৰ সমস্যাত ভুগি আছে৷ হাওঁফাওঁৰ সমস্যাৰ অন্যতম কাৰণ হৈছে ধুমপান আৰু বায়ু প্ৰদূষণ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে হাওঁফাওঁ সুস্থ কৰি ৰখাৰ উপায় নাই৷ হাওঁফাওঁ সহজে সুস্থ বা পৰিষ্কাৰ কৰি ৰখাৰ কেইটামান সহজ উপায়–

(১) ডিটক্স ৱাটাৰ পান কৰি আপুনি দুই বা তিনি সপ্তাহৰ ভিতৰত হাওঁফাওঁ পৰিষ্কাৰ কৰিব পাৰে৷ এনে কিছুমান পানীয় হৈছে– মৌ আৰু গৰম পানী, নেমুৰ চৰ্বত, গ্ৰীণ টী, গাজৰৰ ৰস, হালধি আৰু আদাৰ মিশ্ৰণ, পালেং শাক আৰু বেৰী আদি৷ এইবোৰ পান কৰিলে হাওঁফাওঁ সুস্থ তথা পৰিষ্কাৰ হৈ থাকে৷

(২) নিমখ থেৰাপীৰ জৰিয়তেও হাওঁফাওঁ পৰিষ্কাৰ কৰি ৰাখিব পৰা যায়৷ নিমখ থেৰাপীক হেল’থেৰাপী বুলিও কোৱা হয়৷ হাপানি, ব্ৰংকাইটিছ আৰু কাহৰ দৰে হাওঁফাওঁজনিত সমস্যাৰ ক্ষেত্ৰত হেল’থেৰাপিক বিকল্প চিকিৎসা বুলি কোৱা হয়৷ এই ক্ষেত্ৰত নিমখৰ খনি অথবা গুহা পৰিদৰ্শন কৰি উপকৃত হ’ব পৰা যায়৷ 

(৩) অ’ৰিগানো তেল এবিধ প্ৰাকৃতিক ডিকনজেস্টেণ্ট৷ অ’ৰিগানো তেলৰ সৈতে সম পৰিমাণৰ বাদাম তেলৰ এটা মিশ্ৰণ প্ৰস্তুত কৰি লওক৷ এই মিশ্ৰণৰ এক বা দুটোপাল জিভাৰ তলত ৰাখক৷ এনেদৰে তিনি বা পাঁচ মিনিট সময় থকাৰ পাছত মুখখন কুলি কৰক৷ একেৰাহে এমাহ দৈনিক তিনিবাৰ এই পদ্ধতি অনুকৰণ কৰিলে উপকৃত হ’ব পৰা যায়৷

(৪)  সপ্তাহত অন্ততঃ তিনিবাৰ গৰম পানীৰে গা ধোৱা কৰক৷

(৫) মূলা আৰু অন্যান্য ভেষজ খাদ্যয়ো হাওঁফাওঁ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ কিন্তু মছলাযুক্ত খাদ্য আৰু পনীৰ, মাখন, দৈ আদি দুগ্ধজাত খাদ্য এৰাই চলক৷ এনে খাদ্যই হাওঁফাওঁৰ শ্লেষ্মা বৃদ্ধি কৰে৷

(৬) হাওঁফাওঁ সুস্থ ৰাখিবলৈ হ’লে মুখো ভালে ৰাখিব লাগিব৷ এই ক্ষেত্ৰত নিতৌ দাঁত ব্ৰাছ আৰু জিভা পৰিষ্কাৰ কৰি ৰাখক৷ কিয়নো জিভাত বেক্টেৰিয়া জমা হৈ থাকে আৰু ই সহজে দেহৰ ভিতৰত প্ৰৱেশ কৰে৷

(৭)  হাওঁফাওঁ প্ৰাকৃতিক উপায়েৰে পৰিষ্কাৰ কৰি ৰাখিবলৈ হ’লে কেইটামান ব্যায়াম কৰাটো জৰুৰী৷ ব্যায়ামে হাওঁফাওঁৰ বন্ধ কোষসমূহ খুলি দিয়ে৷ ফলত বায়ু চলাচল সহজ হয়৷ ইয়াৰ বাবে ডিঙি আৰু কান্ধৰ পেশী শিথিল কৰি লওক৷ এইবাৰ নাকেৰে লাহে লাহে উশাহ লৈ মুখ বন্ধ কৰক৷ দীঘলীয়া উশাহ নল’ব৷ ইয়াৰ পাছত ওঁঠ বন্ধ কৰি চাৰিলৈকে গণনা কৰক৷ এইবাৰ লাহে লাহে উশাহ এৰক৷ এই কৌশল দিনত অন্ততঃ চাৰি-পাঁচবাৰ কৰিলে উপকাৰ পোৱা যায়৷