Logo
image

মহাবীৰ লাচিতৰ জয়গান বনাম জাতিপ্ৰেম, কম-ৰ্সংস্কৃতি

জাতীয় বীৰ তথা অসমক মোগলৰ পৰা পৰম পৰাক্ৰমেৰে যুঁজ দি অসমীয়াৰ স্বাভিমান ৰক্ষা কৰোঁতা লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম-জয়ন্তী অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নতুন দিল্লীতো ধুমধামেৰে আয়োজন কৰা হ’ল৷ ছত্ৰপতি শিৱাজী, ৰাণাপ্ৰতাপ সিংহৰ দৰে মহান বীৰক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰি সৰ্বজন সমাদৃত কৰাৰ বিপৰীতে লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্য, দেশপ্ৰেম, দক্ষতা ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেই সীমিত আছিল৷ তেনে পৰিপ্ৰেক্ষিতত তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰীৰ পৰা বিশেষজ্ঞ, বুদ্ধিজীৱী, শিল্পী-সাহিত্যিক, ছাত্ৰ-ছাত্ৰীলৈকে বিভিন্নজনৰ উপস্থিতিত ব্যাপকভাৱে চাৰিশ বছৰীয়া জন্ম-জয়ন্তী উদ্‌যাপন কৰাটো এক সময়োচিত পদক্ষেপ৷ উল্লেখ্য সাম্প্ৰতিক সময়ত অসমৰ এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চিবিএছই, আইচিএছচি আদি পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে লাচিত বৰফুকনৰ বিষয়ে বিশেষ জনাৰ সুযোগ লাভ নকৰে৷ এইবাৰ জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি লাচিতৰ বিষয়ে ৰচনা লিখি পৰ্টেলত আপলোড কৰাৰ বাবে চৰকাৰীভাৱে দিয়া নিৰ্দেশনাৰ বাবে স্কুল-কলেজৰ শিক্ষাৰ্থীৰ লগতে বিভিন্ন ব্যক্তিয়ে লাচিত বৰফুকনৰ বিষয়ে ৰচনা লেখিলে৷ এনে ব্যৱস্থাইয়ো লাচিতৰ বিষয়ে জনাৰ বাবে সকলোকে সুযোগ প্ৰদান কৰিছে৷ তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত জিলা প্ৰশাসন, শিক্ষানুষ্ঠান, দল-সংগঠনৰ উদ্যোগত মহান দেশপ্ৰেমিক, যোদ্ধাজনৰ জীৱন-কৰ্ম, ত্যাগ, নেতৃত্ব, বুদ্ধিমত্তা আদি বিভিন্ন দিশক প্ৰাধান্য দি আয়োজন কৰা বিভিন্ন অনুষ্ঠান, আলোচনা-চক্ৰ, নাটক-আলেখ্য, প্ৰদৰ্শনী আদিয়ে লাচিতৰ বিষয়ে অধিক জনাৰ বাবে সকলোকে সুযোগ প্ৰদান কৰিলে৷ ইয়াৰ মাজতে লাচিতে মোমায়েকক নে মমাইক কাটিছিল, বাঘ হাজৰিকাৰ প্ৰসংগ, লাচিত হিন্দু বীৰ ৰূপে প্ৰতিষ্ঠা কৰা আদিক লৈ বিভিন্ন বিতৰ্কৰ সূচনা হৈছে যদিও মূলতঃ যিজনা ব্যক্তিৰ জয়গান ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছিল সেয়া বহু পৰিমাণে সফল হৈছে বুলি ক’ব পাৰি৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বভাৱসিদ্ধভাৱে নিজৰ ভাষণত লাচিতৰ বিষয়ে মাজে মাজে অসমীয়াত কৰা উক্তিসমূহে বিশেষ তাৎপৰ্য বহন কৰিছে৷ নতুন দিল্লীত অনুষ্ঠিত আলোচনা-সত্ৰসমূহত অসমৰ লগতে দেশৰ কেইবাজনো নামজ্বলা বিশেষজ্ঞ, বুদ্ধিজীৱী, সাংবাদিকে অংশগ্ৰহণ কৰি লাচিত বৰফুকনৰ লগতে সামগ্ৰিকভাৱে আহোম প্ৰশাসনৰ বিভিন্ন দিশ সম্পৰ্কে কৰা আলোচনাসমূহে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন শিক্ষাৰ্থী, অন্য লোকক বহু বিষয় জনাৰ বাবে সুযোগ প্ৰদান কৰিছে৷ দেশৰ হৃদপিণ্ডস্বৰূপ দিল্লীৰ বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত, এয়াৰপৰ্ট আদিত লাচিত সম্পৰ্কীয় বেনাৰ, ফেষ্টুন, কাট-আউটসমূহেও নি(য়কৈ বহু লোকক মহান বীৰজনাৰ সম্পৰ্কে অলপ হ’লেও অৱগত কৰিছে৷ উপৰিউক্ত বিষয়সমূহ হ’ল লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম-জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানৰ ইতিবাচক দিশ৷ যিজন মহান যোদ্ধা, দেশপ্ৰেমিক, কৰ্মশক্তি-কৰ্মচেতনা-কৰ্ম-সংস্কৃতিৰ জ্বলন্ত প্ৰতীক, যাক দেশ বুলিলে আদেশ নালাগে, যি নৰীয়া গাৰেই প্ৰৱল প্ৰতাপী মোগলৰ বিৰুদ্ধে যুঁজ দি অসম তথা উত্তৰ-পূবক ৰক্ষা কৰিলে তেওঁক লৈ প্ৰকৃতপক্ষে অসমীয়া জাতিয়ে আত্মবিস্মৃত হৈ গৌৰৱকে কৰি থাকিব নে হাতে-কামে তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ’ব সেয়াহে লাখটকীয়া প্ৰশ্ন! কৰ্ম-সংস্কৃতিৰে উজ্জীৱিত নহ’লে আজিৰ দিনত কোনো জাতিয়ে তিষ্ঠি থাকিব নোৱাৰে৷ লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে দিব লগা যুঁজখন দীঘলীয়া হোৱাৰ উমান পাই প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে উক্ত সময়ছোৱাত যাতে দুৰ্ভিক্ষ নহয় সেই বাবে প্ৰজাৰ হতুৱাই খেতি-বাতি কৰোৱাৰ লগতে ৰছদ-পাতি প্ৰস্তুত, কাঁড়ীসকলক উপযুক্ত প্ৰশিক্ষণ আদিত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ আলাবৈৰ যুঁজত প্ৰায় দহ হাজাৰ অসমীয়া সেনাৰ মৃত্যুৰ পাছতো লাচিতৰ মন দৃঢ় কৰি ৰখাৰ বাবে আতন বুঢ়াগোহাঁয়ে চেষ্টা কৰিছিল৷ শৰাইঘাটৰ গোটেই যুঁজখনৰ জয়ৰ বীজ কেইদিনমানতে প্ৰোথিত হোৱা নাছিল৷ ইয়াৰ আঁৰত¸ আছিল চৰম দেশপ্ৰেমৰ বাসনা, জাতিপ্ৰেম, সু-পৰিকল্পনা আৰু অপূৰ্ব কৰ্ম-সংস্কৃতি৷ লাচিতক লৈ জয়গান গাইছোঁ, কিন্তু লাচিতে দেখুওৱা পথহে অনুসৰণ নকৰোঁ৷ বিনামূলীয়া চাউলকে ধৰি চৰকাৰী বিভিন্ন আঁচনিৰ মোহত বন্দী হিতাধিকাৰী ৰাইজৰ মাজত কৰ্ম-সংস্কৃতি একপ্ৰকাৰ বিলোপ ঘটিছে৷ অসমৰ থলুৱা-খিলঞ্জীয়াৰ প্ৰভাৱ থকা অঞ্চলসমূহৰ পথাৰ সমূহ একপ্ৰকাৰ উদং৷ শিক্ষিতৰ সংখ্যা পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে যদিও এচাম শিক্ষিতই কৰ্ম-সংস্কৃতিৰ পৰা নিজকে বিচ্ছিন্ন কৰিছে৷ চৰকাৰে মদৰ দোকান গাঁৱে-ভূঞে সকলোতে সুলভ কৰি দিয়াৰ বাবে অভাৱনীয় হাৰত ৰাজ্যত মদ্যপায়ী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ চৰকাৰী বহু কাৰ্যালয়ত দিনৰ পিছত দিন ফাইল ৰখাই থোৱা হয়৷ জনতা ভৱনত জনতাৰ হাৰাশাস্তি এক সাধাৰণ কথাত পৰিণত হৈছে৷ মুখ্যমন্ত্ৰীয়ে সদ্ভাৱনা, কৃতজ্ঞতা, আশীৰ্বাদ আদি বহু প্ৰকল্পৰ সংযোজনেৰে পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে যদিও কাৰ্যালয়সমূহত কৰ্ম-সংস্কৃতি, দুৰ্নীতি-নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ সফলতা পৰিলক্ষিত হোৱা নাই৷ লাচিত বৰফুকনৰ জন্ম-জয়ন্তী ব্যাপকভাৱে আয়োজনৰ পাছত, লাচিতৰ গুণগান গোৱাৰ পাছত ইয়াৰ লগত জড়িত সকলোৱে ভবাৰ সময় সমাগত– সঁচাকৈয়ে আমি নিজকে কেতিয়া প্ৰকৃত ৰূপত সংশোধন কৰিম?