ডিচেম্বৰত বন্ধ হ’ব এমাজনৰ ফুড ডেলিভাৰী সেৱা
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ বিশ্বজুৰি সৃষ্টি হোৱা আৰ্থিক সংকটৰ বাবে লোকচানৰ সন্মুখীন হোৱা আমেৰিকাৰ আগশাৰীৰ ই-কমাৰ্চ আৰু সৰ্ববৃহৎ ৰিটেইল ব্যৱসায় কোম্পানী এমাজনে হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰোৱাৰ পাছত এইবাৰ ভাৰতত চলি থকা ইয়াৰ খাদ্য যোগান সেৱা ‘এমাজন ফুড’ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এমাজন ইণ্ডিয়াৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হয়৷ ভাৰতৰ জনপ্ৰিয় ফুড ডেলিভাৰী কেম্পানী ছুইগ্গী আৰু জমাটোক প্ৰত্যাহ্বান জনাবলৈকে এমাজন ফুড আৰম্ভ কৰা হৈছিল৷ অৱশ্যে বেংগালুৰু আৰু দেশৰ আন কিছমান নিৰ্বাচিত স্থানতহে এয়া চলিছিল৷ এতিয়া সেয়াও অহা মাহৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব৷ আনকি কোম্পনীটোৱে ‘এড-টেক’ সেৱা এমাজন একাডেমীও বন্ধ কৰি দিয়ে৷ বছৰি বছৰি হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখিয়েই কোম্পানীয়ে এই সিদ্ধান্ত লয়৷






