Logo
image

শিক্ষানুষ্ঠানত ৰেগিঙৰ ঘটনা

উজনি অসমৰ উচ্ছ শিক্ষাৰ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা এটাত বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা বিষয়টো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ব্যাপক চৰ্চিত হৈছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত সংঘটিত এই ঘটনাৰ বাবে বিভিন্ন ব্যক্তি-সংগঠনে বিশ্ববিদ্যালয় কতৃৰ্পক্ষকো জগৰীয়া কৰিছে৷ ৰেগিঙৰ নামত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱা ঘটনা নতুন নহয় যদিওপূৰ্বৰ তুলনাত এনে কাৰ্য বহু পৰিমাণে হ্ৰাসপোৱা বুুলি ধাৰণা কৰা হৈছিল যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ঘটনাটোৱে পুনৰ এই বিষয়টোক লৈ ছাত্ৰ-ছাত্ৰী, অভিভাৱকক চিন্তিত কৰি তুলিছে৷ বহু সপোন লৈ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষা লাভৰ অৰ্থে পৰিয়ালৰ পৰা আঁতৰি  থাকিবলগীয়া হয়৷ সম্পূৰ্ণ নতুন পৰিৱেশত এই ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষৰ লগতে জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ৷ কিন্তু নৱাগত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিচিত হোৱাৰ নামত ৰেগিঙৰ যি উপদ্ৰৱ চলোৱা হয়, তেনে কাৰ্যত মানসিকভাৱে ভাগি পৰি ছাত্ৰ-ছাত্ৰীয়ে আত্মহননৰ দৰে চৰম পথ লোৱাৰো উদাহৰণ আছে৷ শিক্ষানুষ্ঠানক ৰেগিঙৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰো যথেষ্ট দায়িত্ব থাকে৷ কিন্তু জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়েই যদি এনে অপকৰ্মত জড়িত থাকে, তেন্তে ভুক্তভোগী প্ৰতিশোধপৰায়ণ হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ পৰিচয় পৰ্বৰ নামত শিক্ষানুষ্ঠাত নৱাগত আৰু জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ মাজত ধেমালি-স্ফূৰ্তিত আপত্তি কৰিবলগীয়া একো নাথাকে৷ কিন্তু নৱাগতক ভৃত্যৰ দৰে ব্যৱহাৰ কৰা, তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ যিসকল এনে গৰ্হিত কৰ্মকাণ্ডত লিপ্ত থাকে, তেওঁলোকে এবাৰ ভাবি চোৱা উচিত যে তেওঁলোকৰ ভ্ৰাতৃ-ভগ্নীও এদিন এনে অত্যাচাৰৰ বলি হ’বলগীয়া হ’ব পাৰে৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত ৰেগিঙৰ যিটো ভয়াৱহ ঘটনা সংঘটিত হৈছিল, তাৰ মাষ্টাৰ মাইণ্ড আছিল বিশ্ববিদ্যালয়খনৰে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক এজন, যিজন এতিয়া পলাতক৷ তাৰ অৰ্থ হৈছে ঘটনাৰ দিনা তেৱোঁ ছাত্ৰাবাসত উপস্থিত আছিল৷ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ ছাত্ৰজনে ছাত্ৰাবাসৰ দুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াইছিল৷ নিৰ্যাতিত ছাত্ৰজনে কেইবামাহৰ আগৰ পৰা একাংশ জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰ সহি থকা বুলি ছাত্ৰাবাস কতৃৰ্পক্ষক অৱগত কৰাৰ পাছতো সময়মতে কিয় ব্যৱস্থা লোৱা নহ’ল, সেই বিষয়তো প্ৰশ্ন উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাটো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে তৎকালীনভাৱে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়াৰ পাছতহে বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ তৎপৰতা দেখা গৈছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত তিনিজন ছাত্ৰৰ ওপৰত ৰেগিঙৰ নামত অত্যাচাৰ চলোৱা হৈছিল৷ দুজন অৱশ্যে চেগ বুজি পলাবলৈ সমৰ্থ হৈছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এই ঘটনাৰ বিতৰ্ক মাৰ নৌযাওঁতেই যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰাবাসতো ৰেগিঙৰ ঘটনাৰ বাতৰি পোহৰলৈ আহিছে৷

এয়া কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয় অথবা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ঘটনা নহয়৷ অসমৰ আন শিক্ষানুষ্ঠানতো এনে সৰু-বৰ ঘটনা নি(য় চলি আছে৷ ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ দেশৰ দায়িত্বশীল নাগৰিক আখ্যা দিয়া হয়৷ কিন্তু এনে উচ্ছৃংখল মানসিকতাৰ ছাত্ৰ-ছাত্ৰীৰ পৰা দেশে কি আশা কৰিব পাৰে? শিক্ষানুষ্ঠানত ৰেগিঙৰ নামত চলা অত্যাচাৰবোৰ বন্ধ কৰাৰ বাবে বিভিন্ন ৰাজ্যত ৰেগিংবিৰোধী আইন বলৱৎ কৰা হৈছে৷ অসমতো ১৯৯৮ চনতে ৰেগিং প্ৰতিৰোধী আইনৰ অধিসূচনা জাৰি কৰা হৈছিল৷ তাৰ পাছতো এনে কাৰ্যকলাপ কেনেকৈ নিৰ্বিঘ্নে চলি থাকিব পাৰে? জানিব পৰা মতে, বৰ্তমান কোনো এখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসত ভৰ্তি হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে ৰেগিঙত জড়িত নথকাৰ শপতনামাত স্বাক্ষৰ  কৰিব লাগে৷ যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত ঘটনা ঘটিয়েই থাকে, তেন্তে এনেবোৰৰ সতৰ্কমূলক ব্যৱস্থাৰ কিবা অৰ্থ থাকিবনে? বহুক্ষেত্ৰত দেখা যায় কোনো এজন ছাত্ৰৰ প্ৰতি থকা ব্যক্তিগত আখেজ পূৰোৱাৰ উদ্দেশ্যে ৰেগিঙৰ নামত অত্যাচাৰ চলোৱা হয়৷ এনে ঘটনা ৰোধ কৰিব নোৱাৰিলে শিক্ষানুষ্ঠানবোৰত শিক্ষাৰ পৰিৱেশ নাথাকিব৷ শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বুজন পৰিমাণৰ অৰ্থ ব্যয় কৰিবলগীয়া হয়৷ ছাত্ৰাবাসত নিৰাপদে থকা আৰু কোনো সমস্যা নোহোৱাকৈ যাতে অধ্যয়ন চলাব পাৰে, তাক নিশ্চিত কৰাৰ দায়িত্ব শিক্ষানুষ্ঠান কতৃৰ্পক্ষৰ৷ আগতীয়া উমান পোৱাৰ পাছতো ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ দুৰ্ভাগ্যজনক ঘটনাটো ৰোধ কৰাৰ ব্যৱস্থা কিয় লোৱা নহ’ল? অভিভাৱকৰ মনত এনে প্ৰশ্নৰ অৱতাৰণা হোৱাটো স্বাভাৱিক৷ শিক্ষাগ্ৰহণ কৰিবলৈ আহি ছাত্ৰ এজনৰ যদি এনে অৱস্থা হয়, তেন্তে সন্তানক ছাত্ৰাবাসত ৰাখিবলৈ আন অভিভাৱকসকল শংকিত হৈ পৰিব৷ সেয়েহে এই বিষয়টোত শিক্ষানুষ্ঠান কতৃৰ্পক্ষ কঠোৰ হোৱা উচিত৷ নিশাৰ ভাগত ছাত্ৰাবাসলৈ আহ-যাহ কৰাসকলৰ প্ৰতি সতৰ্ক দৃষ্টি ৰািখিব লাগে৷ প্ৰয়োজন সাপেক্ষে ছাত্ৰাবাসৰ  নিৰ্দিষ্ট কেতবোৰ স্থানত চিচি কেমেৰা সংস্থাপনেৰে এনে ঘটনা ৰোধ কৰিব পৰা যায়৷ শিক্ষানুষ্ঠানৰ পবিত্ৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত কতৃৰ্পক্ষই আৰক্ষী প্ৰশাসনৰ সৈতেও নিয়মিত যোগাযোগ ৰখা উচিত৷ অন্যথা ডিব্ৰুগড় বিশ্ববিদ্যালয়, জগন্নাথ মহাবিদ্যালয়ত ঘটি যোৱা ঘটনাবোৰ বৃদ্ধি পাই থাকিব৷