Logo
image

চৰ্দি-কাহৰ পৰা উপশম পাবলৈ তুলসী চাহ খাওক

শীত কালত সাধাৰণতে চৰ্দি-কাহত মানুহ সহজতে আক্ৰান্ত হয়৷ এলাৰ্জীজনিত চৰ্দি-কাহৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ সেৱন কৰাতকৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰিব পৰা পানীয় বা খাদ্য গ্ৰহণ কৰিলে কেতিয়াবা এনে ৰোগত সুফল পাব পাৰি৷ সাধাৰণতে চৰ্দি-কাহত একাপ তুলসী চাহৰ গুৰুত্ব অপৰিসীম৷ তুলসী পাতত আছে প্ৰচুৰ পৰিমাণে ঔষধি গুণ৷ তুলসী পাতেৰে  প্ৰস্তুত কৰা চাহ খালে চৰ্দি -কাহৰ পৰা উপশম পাব পাৰি৷

তুলসী চাহ প্ৰস্তুত প্ৰণালী

তুলসী চাহ প্ৰস্তুতৰ বাবে দুকাপ পানী, দুচামুচ মৌ, জাই ফল, আঠটা তুলসী পাত, ডালচেনিৰ গুড়ি, দুটুকুৰা নেমুৰ প্ৰয়োজন৷ 

🔲 প্ৰথমে দুকাপ পানী কুহুুমীয়া কৰি ল’ব লাগে৷ 

🔲 সেই পানীত অলপ ডালচেনীৰ গুড়ি মিহলাই দিব লাগে৷ 

🔲 ইয়াৰ পাছত মৌ, জাইফল আদি একেলগে পানীত দি কিছুপৰ উতলাব লাগে৷ 

🔲 একেবাৰে শেষত তুলসীপাত দি কিছু সময় ঢাকি ৰাখিব লাগে৷ 

🔲 এইদৰে কিছুপৰ ঢাকি ৰখাৰ পাছত তাৰ ওপৰত নেমুৰস চেপি দি সেৱন কৰিলে সহজতে  কাহ-চৰ্দিৰ পৰা উপশম পাব পাৰি৷