Logo
image

গুৱাংঝৌত বৃহৎ কোৱাৰেণ্টীন কেন্দ্ৰ

ডিজিটেল ডেস্ক : চীনত কঠোৰ লকডাউন আৰু ক’ভিড বিধিৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ আৰু ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ পদত্যাগ দাবীৰ বাতৰিয়ে বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷ প্ৰতিবাদকাৰী জনতাক আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ লগতে স্বদেশী আৰু বিদেশী সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণকো ৰাষ্ট্ৰসংঘই গৰিহণা দিছে৷ ৰাজধানী বেইজিঙৰ পৰা আৰম্ভ কৰি হংকঙলৈ বিয়পি পৰা এই অভূতপূৰ্ব প্ৰতিবাদে চীনৰ কমিউনিষ্ট চৰকাৰক ভয় খুৱাই দিছে৷ চীন চৰকাৰে ভাবিব নোৱৰাকৈ আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে নিজৰ স্থিতিত অটল আছে চৰকাৰ৷ দিনে ৪০ হাজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱালৈ চাই চীন চৰকাৰে মুক্তি বিচৰা প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ ধৰিছে৷ তাৰ মাজতে গুৱাংঝৌত চৰকাৰে বৃহৎ কোৱাৰেণ্টীন কেন্দ্ৰ সাজি তুলিছে৷ এই কোৱাৰেণ্টীন কেন্দ্ৰবোৰত হাজাৰ হাজাৰ কৰ’না আক্ৰান্তক ৰখা হ’ব৷ এই গুৱাংঝৌ চহৰত ২.৫০ লাখ লোক আছে৷