হিতাধিকাৰী বনাম উন্নত ৰাজ্যৰ সপোন
ড॰হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা ঘোষণা কৰি আহিছে যে তেওঁ অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজৰ এখন কৰিব বিচাৰে৷ অসমক উন্নত ৰাজ্য কৰাৰ বাবে তেওঁ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰাৰ কথা সকলো সময়তে প্ৰকাশ কৰে৷ অসমক উন্নত ৰাজ্য কৰিবলৈ হ’লে ৰাজ্যখনৰ জনসাধাৰণৰ শিক্ষাৰ মান, স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ লগতে ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ উন্নতি সাধন কৰি জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব৷ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত সংস্থাপনৰ সুবিধা দিয়াৰ উপৰি বেহা-বেপাৰ, স্বনিয়োজনেৰে জনসাধাৰণ স্বাৱলম্বী হ’ব লাগিব৷ ইয়াৰ উপৰি অসমৰ কৃষিক্ষেত্ৰৰ উন্নয়ন সাধন কৰি কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব লাগিব৷ কিন্তু বাস্তৱক্ষেত্ৰত এয়া হৈছেনে? যিখন ৰাজ্যত দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা বছৰি বৃদ্ধি পাইছে, সেইখন ৰাজ্যৰ উন্নতি হোৱা বুলি ক’ব পাৰিনে? অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজৰ এখন কৰাৰ সপোন দেখা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকৃততে জনসাধাৰণৰ উন্নতি কৰিব পাৰিছেনে? দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোক সৃষ্টি কৰাটোৱেই ড॰ শৰ্মাই তেওঁৰ শাসনকালৰ সাফল্য বুলি ভাবে নেকি? দুখীয়া লোকক আৰ্থিক সকাহ দি তেওঁলোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাত সহায় কৰাটো এখন কল্যাণকামী চৰকাৰৰ কৰ্তব্য৷ কিন্তু সেই চৰকাৰৰেই যেতিয়া জনসাধাৰণক দুখীয়া হ’বলৈ উদগনি দিয়ে, তেন্তে সেইখন ৰাজ্যৰ চৰকাৰক কল্যাণকামী বুলি ক’ব পাৰিনে? এতিয়া চৰকাৰৰ ঘোষণা শুনি ৰাইজৰ কোনে কিমান সোনকালে দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ যাব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলিছে৷ কিয়নো দৰিদ্ৰ পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ অধীনত মাহে ১,২৫০ টকাকৈ৷ উল্লেখ্য, বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা, অবিবাহিত মহিলা, দিব্যাংগ সদস্য থকা পৰিয়ালৰ যদি চৰকাৰী চাকৰি নাথাকে, ৩ বিঘাতকৈ কম মাটি থাকে আৰু বছৰি ২ লাখ টকাতকৈ কম উপাৰ্জন হয়, তেন্তে তেনে পৰিয়ালৰ মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য৷ ইতিমধ্যে চৰকাৰে প্ৰায় ১৯ লাখ মহিলাক অৰুণোদয় আঁচনি দিছিল যদিও কিছু পৰিয়ালে এই আঁচনিৰ পৰা স্বেচ্ছাই বা আন কাৰণত বাদ পৰাত সম্প্ৰতি ১৭ লাখ অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী আছে৷ মঙলবাৰে শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা কৰে যে ৩১ মাৰ্চৰ ভিতৰত ১০.৫৭ লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব৷ ইয়াৰ অৰ্থ হ’ল, ৰাজ্যখনত দহ লক্ষাধিক লোক পুনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ যাব৷ ইয়াৰ উপৰি ২০২৩ বৰ্ষতে পুনৰ ৮ লাখ পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত সামৰি ল’ব৷ অৰ্থাৎ ২০২৩ চনৰ ভিতৰত ৰাজ্যৰ ৩৫ লাখ পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সজাব৷ ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে জনসাধাৰণক দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ কিমান সোনকালে নিব পাৰে তাৰহে ব্যৱস্থা কৰা যেন অনুমান হয়৷ চৰকাৰে যদিহে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰি জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিলেহেঁতেন, তেন্তে ৰাজ্যখনৰ আৰ্থিক বিকাশ হ’লহেঁতেন৷ বিপৰীতে জনসাধাৰণক হিতাধিকাৰী সজাই ৰাজকোষৰ ধন অপচয় কৰাৰ লগতে জনসাধাৰণকো কৰ্মবিমুখ কৰি তুলিছে৷ ৩৫ লাখ হিতাধিকাৰী সৃষ্টি কৰিলে হিতাধিকাৰীৰ নামতে বছৰি ব্যয় হ’ব ৫ হাজাৰ কোটিতকৈও অধিক টকা৷ ঋণৰ ধনেৰে হিতাধিকাৰী সজাই শাসকীয় চৰকাৰখনে ভোটবেংক সৃষ্টি কৰিব পাৰিব ঠিকেই, কিন্তু ৰাজ্যৰ উন্নয়ন সাধন কৰিব নোৱাৰে৷ অধিক কৰ-কাটল জাপি দি ৰাইজৰ পৰা সংগ্ৰহ কৰা ধনেৰে উন্নয়নমূলক কামৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি কৰিলে অসমক উন্নত ৰাজ্য কৰিব খোজা সপোন সপোন হৈয়েই ৰ’ব৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী মহা ধুমধামেৰে পালন কৰা ৰাজ্য চৰকাৰখনে লাচিতৰ কৰ্মোদ্যম, দেশপ্ৰেমৰ কিমান অনুকৰণ কৰিব পাৰিছে, তাত সন্দেহ আছে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড॰ হিমন্ত বিশ্ব শৰ্মাই যে হিতাধিকাৰী সৃষ্টিৰে ভোটবেংক সৃষ্টি কৰি কেন্দ্ৰত বিজেপিক পুনৰ প্ৰতিষ্ঠা কৰাৰ কৌশল কৰিছে, সেয়া কোনেও নুবুজাকৈ থকা নাই৷






