Logo
image

অসমৰ পয়ালগা স্বাস্থ্য খণ্ড

যেতিয়া সঁচা অৰ্থত দেশপ্ৰেম থকা জনগণৰ প্ৰতি দায়বদ্ধ লোকৰ পৰিৱৰ্তে ৰাজনীতিক কেৱল পেছা হিচাপে লৈ দায়িত্ব পালনৰ নামত ক্ষমতাৰ সোৱাদ লোৱা লোকৰ হাতত শাসনভাৰ পৰে, তেতিয়া জনগণে ভাল কামৰ আশা কৰিলেও সেয়া সম্ভৱ হৈ নুঠে৷ এনে ঘটনাই ঘটি আছে স্বাধীনতাৰ পৰা বিগত ৭৫ বছৰে আমাৰ দেশখনত৷ ৰাজনৈতিক নেতাসকলে জনগণক নানা প্ৰলোভনেৰে প্ৰলোভিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল ৰচনা কৰে আৰু শেষত ক্ষমতা পোৱাৰ পাছত এইসকল নেতাই কেৱল ভোগ-বিলাসত মত্ত হৈ পাহৰি যায় দেশ, জাতিৰ বিকাশ তথা জনগণৰ উন্নয়ন৷ উন্নয়নৰ নামত যিবিলাক ঢাক-ঢোল বজায়, সেইসমূহো হৈ পৰে কিছুমান মতলবী কামৰ উদাহৰণ৷ উদাহৰণস্বৰূপে বিগত দুটা দশকত অসমতে কেইবাখনো চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ল, কিন্তু চিকিৎসা মহাবিদ্যালয়সমূহত থাকিব লগা চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী, পৰীক্ষাগাৰৰ সহায়ক আদি পৰ্যাপ্ত নথকাত সেইসমূহৰ পৰা জনগণে পাব লগা সেৱাৰ পৰিৱৰ্তে চিকিৎসা মহাবিদ্যালয়ত গৈ দুৰ্ভোগহে ভুগিবলগীয়া হয়৷ এনে অজস্ৰ উদাহৰণ আছে যিসকলে চিকিৎসা মহাবিদ্যালয়ত ভাল চিকিৎসা পাম বুলি গৈ তাৰ পৰা ব্যক্তিগত নাৰ্ছিং হোমলৈ বদলি হ’ব লগা হৈছে৷ চৰকাৰী চিকিৎসালয়ত ঔষধৰ নাটনি একেবাৰে সাধাৰণ কথা, ফলস্বৰূপে চৰকাৰী চিকিৎসাৰ সুফল নাপাই মানুহে লাখ লাখ টকা জেপৰ ধন খৰচ কৰিব লাগে৷ অথচ বিগত দুটা দশকে ৰাজ্যখনৰ স্বাস্থ্য বিভাগটোৰ নেতৃত্ব দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ স্বাস্থ্য খণ্ডৰ বৰ বৰ কথা কেৱল জনগণক ভাষণৰ ফুলজাৰিৰে মোহগ্ৰস্ত কৰি কিছুদিনলৈ ক্ষমতা লাভ কৰিব পাৰি, কিন্তু যুগ যুগান্তৰলৈ নিজৰ কৰ্মৰ চানেকি ৰাখি থৈ যাব নোৱাৰে৷ অসমৰ স্বাস্থ্য খণ্ডটো যে সম্পূৰ্ণৰূপে ধবংস হৈ গৈছে, সেই কথা এটাৰ পাছত এটা চৰকাৰী প্ৰতিবেদনতে স্পষ্ট হৈ পৰিছে৷ অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত এখন কৰিবলৈ সপোন দেখুওৱা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিভাগটো সম্পূৰ্ণৰূপে জহি-খহি যাবলৈ ধৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বহনক্ষম উন্নয়নৰ সূচকাংকত অসমৰ স্বাস্থ্য খণ্ড যে ভাৰতৰ শেষৰ পাঁচখন ৰাজ্যৰ তালিকাতহে আছে, সেই কথা ইতিমধ্যে স্পষ্ট হোৱাৰ পাছত সদ্যপ্ৰকাশিত দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ প্ৰতিবেদনত অসমৰ স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থা বাৰুকৈয়ে উন্মোচিত হৈছে৷ এই প্ৰতিবেদনত সমগ্ৰ দেশৰ ভিতৰতেই অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক হোৱাৰ বিপৰীতে কেৰালাই এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন দেখা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এইক্ষেত্ৰখনৰ উন্নয়নৰ বাবে একো কাম নকৰি কেৱল ধনৰ শৰাধ কৰাৰ অভিযোগ চৌদিশে উত্থাপিত হৈছে৷ অভিযন্তা-ঠিকাদাৰৰ লগ লাগি চৰকাৰী চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে, কিন্তু অট্টালিকাৰ ভিতৰত থাকিব লগা মৌলিক সা-সুবিধাৰ প্ৰতি দৃষ্টি নিদিয়াত এতিয়া চৰকাৰী চিকিৎসালয়বোৰ হৈ পৰিছে একো একোটা মানুহৰ মৃত্যুৰ কাৰখানা৷ মাজুলীৰ কণমানি তেজস্বিতাৰ সেই অসম কঁপোৱা ঘটনাৰ পাছত এতিয়া প্ৰসূতিৰ মৃত্যুৰ হাৰে অসমৰ জনগণক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে৷ চৰকাৰে এফালে চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিবলৈ ডাঙৰ ডাঙৰ বিজ্ঞাপন আঁৰিছে, আনফালে সু-চিকিৎসা নাপাই প্ৰসূতিৰ মৃত্যু হৈছে৷ শেহতীয়া প্ৰতিবেদন মতে, অসমত ২০১৮-২০ বৰ্ষত প্ৰসূতিৰ মৃত্যুৰ অনুপাত ১৯৫৷ যিটো সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বাধিকেই নহয় ৰাষ্ট্ৰীয় অনুপাতৰ তুলনাত দুগুণতকৈও বেছি৷ অসমৰ ৰাইজৰে দুৰ্ভাগ্য যে সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিল ড॰ হিমন্ত বিশ্ব শৰ্মা, আৰু সেইজনৰ নেতৃত্বতেই অসম চৰকাৰখন চলিব লগা হৈছে৷ তেনে অৱস্থাত কেনেকৈ অসম ২০২৬ চনৰ আগতে শ্ৰেষ্ঠ ৰাজ্য হ’ব সেয়া এক দিবাস্বপ্নৰ বাদে আন একো নহয়৷ উল্লেখ্য যে প্ৰসূতি মৃত্যুৰ ৰাষ্ট্ৰীয় অনুপাত হ’ল ৯৭৷ আৰু ৰাষ্ট্ৰসংঘৰ সুস্থিৰ বিকাশৰ লক্ষ্য হিচাপে সেই অনুপাত হ’ল ৭০৷ ভাৰত চৰকাৰে ২০৩০ চনত বৰ্তমানৰ ৯৭১ পৰা ৩০লৈ অনাৰ বাবে আঁচনি যুগুত কৰিছে যদিও অসমৰ দৰে ধবংসপ্ৰাপ্ত চৰকাৰী চিকিৎসাই সেই অনুপাতো সুদূৰ পৰাহত কৰিছে৷ এই প্ৰতিবেদনত প্ৰসূতি মাতৃৰ মৃত্যুৰ অনুপাত কেৰালাত মাত্ৰ ১৯৷ ভাৰতৰে এখন ৰাজ্যত এনে সু-ব্যৱস্থা থকাৰ পাছতো অসমে কিয় সেই লক্ষ্যত উপনীত হ’ব নোৱাৰে, এয়াই এতিয়া লাখ টকীয়া প্ৰশ্ন৷ কেৱল হিন্দু-মুছলমান, গো-বধ নিষিদ্ধ আদিৰ দৰে সস্তীয়া কথাত লাগি থকা অসম চৰকাৰে অসমৰ মৌলিক গাঁথনি নিৰ্মাণত আগবাঢ়িবৰ হ’ল৷ সেই কথা এতিয়া অসমৰ প্ৰতিজন নাগৰিকে মৰ্মে মৰ্মে উপলব্ধি কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেয়া যে কেতিয়াও সম্ভৱ নহয় সেই কথাও চৰ্চা হ’বলৈ ধৰিছে৷ এতিয়া অসমক লাগে এক সঠিক নেতৃত্বৰ, যি নেতৃত্বই অসমৰ স্বাস্থ্য, শিক্ষা, খোৱাপানী, বিদু্যতৰ দৰে মৌলিক প্ৰয়োজনীয় বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই নিবলৈ সক্ষম হ’ব৷ জনগণ মূৰ্খ নহয়, চকু-কাণ মেলি সকলো চাই আছে, সোনকালেই এনে অকৰ্মণ্য চৰকাৰক প্ৰতিহত কৰি প্ৰকৃত দেশপ্ৰেমিক, জাতিপ্ৰেমী তথা জনগণৰ প্ৰতি দায়বদ্ধ চৰকাৰ প্ৰতিষ্ঠা কৰিব৷