Logo
image

নৰেন্দ্ৰ মোদীৰ অগ্নিপৰীক্ষা

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত বিধানসভা নিৰ্বাচন আৰম্ভ হ’ল৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ মুঠ ১৮২টা বিধানসভা সমষ্টিৰ ৮৯টাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ ১৯ খন জিলাৰ ৮৯টা সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫৬.৮৮ শতাংশ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় ইভিএমত৷ গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৮৯টা   সমষ্টিত মুঠ ১৪,৩৮২টা কেন্দ্ৰত ভোটদান চলে৷ অহা ৫ ডিচেম্বৰ সোমবাৰে ৰাজ্যখনৰ ৯৩টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ ৮ ডিচেম্বৰত ঘোষণা হ’ব ফলাফল৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীসমূহৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাৰা, প্ৰাক্তন বিৰোধী দলৰ নেতা কংগ্ৰেছৰ পৰেশ ধনানী, আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গঢ়বী আদি৷ উল্লেখ্য যে এইবাৰৰ গুজৰাট বিধানসভাৰ নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ বিশেষকৈ ২০২৪ ত হ’বলগা লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ বিধানসভা নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অগ্নি পৰীক্ষাৰ দৰে হৈ পৰিছে৷ যাৰ বাবে গুজৰাটত নিজৰ দলৰ ভেটি অক্ষুণ্ণ ৰাখিবলৈ ‘যুদ্ধক্ষেত্ৰ’ত নামি পৰিছে মোদী৷ মোদীয়ে বিগত দিন সমূহত গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লোৱাৰ পাছত বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ভাগ লয় এক ৰোড শ্ব’ত৷ গুজৰাটৰ পঞ্চ মহলত ৰোড শ্ব’ৰ পাছতে অনুষ্ঠিত জনসভাত মোদীয়ে নিজৰ ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক৷ তেওঁ কয়–‘মোদীক লৈ কোনে কিমান বেয়াকৈ ক’ব পাৰে তাক লৈ কংগ্ৰেছত এতিয়া প্ৰতিযোগিতা চলিছে৷ বিশেষকৈ তেওঁ মল্লিকাৰ্জুন খৰ্গেই কৰা এক মন্তব্য সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ কৰে৷ স্মৰ্তব্য যে কেইদিনমান পূৰ্বে নিজৰ দলৰ এখন প্ৰচাৰ সভাত ভাগ লৈ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাৱনৰ সৈতে তুলনা কৰিছিল৷