Logo
image

পিতৃ-মাতৃক শুশ্ৰূষাৰ দিন ঘোষণা চৰকাৰৰ

ডিজিটেল ডেস্ক :  ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পিতৃ-মাতৃক শুশ্ৰূষাৰ দিন ঘোষণা কৰিলে ৰাজ্য চৰকাৰে৷ অহা ৯ আৰু ১০ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ কেজুৱেল লীভ লাভ কৰিব৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নমে এখন জাননী জাৰি কৰি এই বিশেষ কেজুৱেল লীভ গ্ৰহণ কৰিব খোজা চৰকাৰী কৰ্মচাৰীসকলক https://matripitrivandana.assam.gov.in পৰ্টেলত গৈ আনুষ্ঠানিকভাৱে আবেদন  কৰিবলৈ আহ্বান জনাইছে৷ ইয়াৰ বাবে যাৱতীয় এছঅ’পি আৰু গাইডলাইন পৰ্টেলত উপলব্ধ বুলি জাননীখনত উল্লেখ কৰা হৈছে৷ অহা ২০২৩ ৰ ১১ ফেব্ৰুৱাৰীৰ দিনটো দ্বিতীয় শনিবাৰ হোৱাৰ লগতে ১২ ফেব্ৰুৱাৰীৰ দিনটো দেওবাৰ হ’ব৷ সেইসূত্ৰে ৯ আৰু ১০ ফেব্ৰুৱাৰীৰ  দিন দুটা মাতৃ-পিতৃ শুশ্ৰূষাৰ দিন হিচাপে গ্ৰহণ কৰা ৰাজ্যিক কৰ্মচাৰীসকলে একেলগে চাৰিটা দিন বিশেষ ছুটিৰ দিন হিচাপে লাভ কৰিব৷ উল্লেখ্য, বিগত বৰ্ষৰ ৬ আৰু ৭ জানুৱাৰীৰ দিন দুটা পিতৃ-মাতৃ তথা শাহু-শহুৰৰ সৈতে কটাবৰ বাবে প্ৰথমবাৰৰ বাবে মাতৃ-পিতৃ বন্দনা দিন হিচাপে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই দুটা দিন বিশেষ কেজুৱেল লীভ লাভ কৰা ৰাজ্যিক কৰ্মচাৰীসকলক পিতৃ-মাতৃ তথা শাহু-শহুৰৰ সৈতে কটোৱা সময়ৰ ফটো প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ অৱশ্যে বিগত বৰ্ষত চৰকাৰৰ এই আঁচনিৰ অধীনত পিতৃ-মাতৃৰ শুশ্ৰূষাৰ বাবে বিশেষ ছুটি ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল ৰাজ্যৰ বুজনসংখ্যক চৰকাৰী কৰ্মচাৰীয়ে৷ এই আঁচনিখন বাধ্যতামূলক নহয়, ইচ্ছুক চৰকাৰী কৰ্মচাৰীসকলেহে ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷ অৱশ্যে দেশৰ ভিতৰতে ব্যতিক্ৰমী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ-পিতৃ বন্দনা আঁচনিখনে দেশজুৰি খ্যাতি লাভ কৰে৷ শেহতীয়াকৈ নলবাৰীৰ ৰাস উদ্বোধন কৰিবলৈ আহি বলীউদৰ যশস্বী অভিনেতা আছৰানিয়েও ৰাজ্য চৰকাৰৰ এই আঁচনিখনক ভুৰি ভুৰি প্ৰশংসা কৰিছিল৷