Logo
image

এইকেইবিধ খালে প্ৰচণ্ড শীততো শৰীৰ হৈ থাকে উষ্ণ

আমাৰ অসম বিশেষঃ শীতকালত শৰীৰৰ তাপমাত্ৰাৰ তুলনাত পৰিৱেশৰ তাপমাত্ৰা কম থাকে৷ সেয়ে আমি ঠাণ্ডা অনুভৱ কৰোঁ৷ কিন্তু প্ৰচণ্ড ঠাণ্ডাৰ মাজতো কেইবিধমান খাদ্য গ্ৰহণ কৰিলে শৰীৰ গৰম কৰি ৰাখিব পৰা যায়৷ তদুপৰি শৰীৰ চৰ্চাৰ জৰিয়তেও দেহ উষ্ণ কৰি ৰাখিব পাৰি৷ আজিৰ শিতানত কেইবিধমান খাদ্য বস্তুৰ বিষয়ে উল্লেখ কৰা হ’ল যি কেইবিধ খালে প্ৰচণ্ড শীততো শৰীৰ গৰম হৈ থাকে৷

১] মৌঃ মৌত কাৰ্বহাইড্ৰেটৰ উপৰি প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেণ্ট থাকে৷ এই  কেইবিধ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে দেহত তাপ উৎপাদন হোৱাত সহায় কৰে৷ 

২] তুলসী আৰু আদাঃ শীতকালত তুলসীপাত আৰু আদামিশ্ৰিত চাহৰ আমেজেই সুকীয়া৷ আদা আৰু তুলসীয়ে শৰীৰত থাৰ্ম’জেনেছিছ প্ৰক্ৰিয়া বৃদ্ধি কৰে, তদুপৰি হজম শক্তি আৰু ৰক্তপ্ৰৱাহ বঢ়ায়৷ যাৰ বাবে শৰীৰ গৰম হৈ থাকে৷ 

৩] ঘিউঃ ঘিউক ছুপাৰ ফুড বুলি কোৱা হয়৷ প্ৰতিদিনে সামান্য পৰিমাণে ঘিউ খালে তেজত প্ৰয়োজনীয় কলেষ্ট’ৰেল সৃষ্টি হয়৷ ফলত দৈহিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগতে হজম শক্তি বাঢ়ে৷ তদুপৰি নিয়মিত ঘিউ খালে দৃষ্টিশক্তি ভাল হয় আৰু পেশীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷

৪] গুড়ঃ গুড়ত থাকে প্ৰচুৰ পৰিমাণে আইৰণ৷ যাৰ বাবে গুড়ে দেহত শক্তি বৃদ্ধি কৰাৰ লগতে হজম শক্তি বঢ়ায়৷ মধুমেহত আক্ৰান্ত হোৱা সকলেও গুড় নিৰ্ভয়ে খাব পাৰে৷ 

৫] কেশৰঃ শীতকালত দেহৰ তাপমাত্ৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ অব্যৰ্থ দৰব বুলি কোৱা হয় কেশৰক৷ কেশৰত খনিজ পদাৰ্থ থকাৰ লগতে প্ৰচুৰ পৰিমাণে পটাছিয়াম, কেলছিয়ামৰ লগতে মানৱ দেহৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান থাকে৷ 

৬] তিলঃ তিলত মিনাৰেল আৰু এণ্টি অক্সিডেণ্ট থাকে৷ যাৰ বাবে তিল খালে নিউম’নিয়া আৰু ব্ৰংকাইটিছ ৰোগ প্ৰতিৰোধ হয়৷ তদুপৰি তিলে দেহৰ তাপমাত্ৰা বঢ়ায়৷ 

৭] কলঃ কলত ভিটামিন ‘বি’ কমপ্লেক্স আৰু মেগনেছিয়াম থাকে বাবে ই দেহত তাপমাত্ৰা উৎপাদন কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ 

৮] কণীঃ কণীক পুষ্টিৰ ‘পাৱাৰ হাউছ’ বুলি কোৱা হয়৷ প্ৰটিন আৰু ভিটামিন, মিনাৰেল সমৃদ্ধ এইবিধ খাদ্যই দেহৰ তাপমাত্ৰা বৃদ্ধি কৰাৰ লগতে বিভিন্ন পাশ্বৰ্ক্ৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি যোগায়৷