Logo
image

ডিচেম্বৰৰ ভিতৰত সম্পত্তি কৰ নিদিলে ঘৰ-ফ্লেটৰ বিদ্যুৎ কৰ্তন

ডিজিটেল ডেস্ক :  ডিচেম্বৰৰ ভিতৰত সম্পত্তিৰ কৰ আদায় নিদিলে ঘৰ-ফ্লেটৰ বিদ্যুৎ কৰ্তনৰ লগতে সম্পত্তি জব্দৰ ভাবুকি দিলে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই৷ শুকুৰবাৰে উজানবজাৰৰ জিএমচিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেলৰ আয়োজন কৰি গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই ক’লে–‘৩১ ডিচেম্বৰৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ অধীনত সম্পত্তিৰ গৰাকীয়ে সম্পত্তি কৰ পৰিশোধ নকৰিলে জব্দ কৰা হ’ব সম্পত্তি৷ বিগত কিছুদিনৰ পৰা আমি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলো বাসিন্দাৰ পৰা সম্পত্তিৰ কৰ সংগ্ৰহ কৰাৰ চেষ্টা কৰি আছো৷ ইয়াৰ বাবে এপিডিচিএলৰ লগত টাইআপ কৰি প্ৰতিটো কনজুমাৰৰ বিপৰীতে হল্ডিং নম্বৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ ইয়াৰ বাবে সহজ এটা এপৰ ব্যৱস্থা কৰা হৈছে৷ এই এপত গৈ নাগৰিকসকলে তেওঁলোকৰ সম্পত্তিৰ মূল্যায়ন কৰি সহজতে হোল্ডিং নম্বৰ লাভ কৰিব পাৰিব৷ গুৱাহাটীৰ চৰকাৰী, একচনীয়া মাটি থকা লোকেও দিব লাগিব সম্পত্তি কৰ৷ সম্পত্তি কৰ আদায় দিয়াৰ শেষ সময়সীমা হৈছে ৩১ ডিচেম্বৰ৷ আনুমানিক ৰ কঠা মাটি থাকিলেও বছৰি আনুমানিক দিব লাগিব ৭০০০ টকাৰ কৰ৷ গুৱাহাটীবাসীৰ  পৰা এতিয়াও অনদায় হৈ আছে বহু পৰিমাণৰ সম্পত্তিৰ কৰ৷ গুৱাহাটীবাসীৰ পৰা নিগমে এতিয়া পাবলৈ বাকী আছে প্ৰায় আঢ়ৈশ কৌটি টকাৰ সম্পত্তিৰ কৰ৷ সেয়েহে গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ মূল্যায়নৰ ক্ষেত্ৰেত স্ব-মূল্যায়নৰ জৰিয়তে হ’ল্ডিং নম্বৰ প্ৰদান কৰাৰ ব্যবস্থা কৰিছে৷ বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ সৰ্বমুঠ হ’ল্ডিং নম্বৰ প্ৰায় ২,৮০,০০০ [দুই লাখ আশী হাজাৰ ] আছে যদিও বিগত বৰ্ষত মাত্ৰ ৮৫,০০০ [ পঁচাশী হাজাৰ ] হ’ল্ডিং নম্বৰৰ পৰাহে সম্পত্তি কৰ পাবলৈ সক্ষম হৈছে৷ আনহাতে গুৱাহাটী পৌৰ নিগমৰ এলেকাত এ.পি.ডি.চি.এলৰ সৰ্বমুঠ ৩, ৩০, ০০০ [তিনি লাখ ত্ৰিছ হাজাৰ] কনজিউমাৰ নম্বৰ আছে যদিও পৌৰ নিগমৰ ২, ৮০,০০০ [ দুই লাখ আশী হাজাৰ ] হ’ল্ডিং নম্বৰৰ লগত সকলোবোৰ কনজিউমাৰ নম্বৰ সংলগ্ন হৈ থকা নাই৷ সেয়েছে মুখ্যমন্ত্ৰীৰ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে, গুৱাহাটী পৌৰ নিগম আৰু এ.পি.ডি.চি.এলৰ যৌথ প্ৰচেষ্টাত হ’ল্ডিং নম্বৰসমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈ এ.পি.ডি.চি.এলৰ কনজিউমাৰ নম্বৰৰ লগত সংলগ্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে এই ক্ষেত্ৰত এ.পি.ডি.চি.এলৰ লগত গুৱাহাটী পৌৰ নিগমৰ এখনি কাৰ্যপ্ৰণালী স্বাক্ষৰিত হৈছে৷ ইয়াৰ জৰিয়তে সমূহ গুৱাহাটী বাসীক আহবান জনাইছোঁ যাতে যি সকল আৱাসীয়ে এতিয়ালৈকে হ’ল্ডিং নম্বৰ গ্ৰহণ কৰা নাই তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ স্ব-মূল্যায়ন পৰ্টেলৰ [লিংক-https//gmcpropertytax.com] যোগেদি অনতি পলমে হ’ল্ডিং নম্বৰ গ্ৰহণ কৰক৷ গুৱাহাটী পৌৰ নিগমৰ ৰাজহৰ প্ৰধান উৎসই হ’ল সম্পত্তি কৰ৷ এই কৰ সঠিকভাৱে আহৰণ আৰু সম্পত্তিৰ স্ব-মূল্যায়ন অবিহনে গুৱাহাটীৰ উন্নয়নত জটিলতা আহি পৰিছে৷ এইক্ষেত্ৰত পৌৰ নিগমৰ দ্বাৰা কমন চাৰ্ভিচেছ চেণ্টাৰ [চি এছচি] আৰু ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ অধীনৰ আত্ম সহায়ক গোটসমূহৰৰ জৰিয়তে ৰাইজৰ মাজত সহযোগিতা তথা সজাগতাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমে প্ৰতিটো ৱাৰ্ডত কাইলৈৰ পৰা পৰ্যায়ক্ৰমে তিনিটাকৈ শিৱিৰ অনুষ্ঠিত কৰিব আৰু ইয়াক সেৱা কেন্দ্ৰ হিচাপে নামকৰণ কৰা হ’ব৷ এই সেৱা কেন্দ্ৰসমূহত স্থানীয় আবাসীসকলক ৱাৰ্ড পাৰিষদৰ তত্ত্বাৱধানত কমন চাৰ্ভিচেছ চেণ্টাৰৰ [ চিএছচি ] দ্বাৰা হ’ল্ডিং নম্বৰৰ লগত কনজিউমাৰ নম্বৰ সংলগ্ন কৰা, সম্পত্তিৰ স্বমুল্যায়নৰ বাবে আবেদন কৰা আৰু কৰ আদায় কৰা ইত্যাদি সেৱাসমূহ প্ৰদান কৰা হ’ব৷  মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে গুৱাহাটী পৌৰ নিগমে ৫ ডিচেম্বৰৰ পৰা সম্পত্তি কৰৰ ওপৰত বিশেষ ৰেহাইৰ আঁচনি] ব্যৱস্থা কৰা হৈছে৷ এই আঁচনিৰ জৰিয়তে যিসকল কৰদাতাৰ যোৱা দুবছৰ আগৰ [ ২০২০-২১ বিত্তীয় বৰ্ষৰ আগৰ ] কৰ অনাদায় হৈ আছে তেওঁলোকৰ বকেয়া কৰ পৰ্যায়ক্ৰমে ২০ ডিচেম্বৰৰ পূৰ্বে দিয়াসকলক ৫০ শতাংশ, ২০ ডিচেম্বৰৰ পাছত দিয়াসকলসক ৩০শতাংশ আৰু ১৫ শতাংশ লৈ ৰেহাই দিয়া হ’ব৷ এই বিশেষ সুবিধা সেৱা কেন্দ্ৰ নাইবা অনলাইন মাধ্যমত [ https//gmcpropertytax.com ] উপলব্ধ থাকিব৷ গুৱাহাটীত চৰকাৰী-একচনীয়া মাটি থকা সকলো লোকে সম্পত্তি কৰ দিব লাগিব৷ এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে ঘৰতে বহি সম্পত্তিৰ কৰ পৰিশোধ কৰিব পাৰিব৷’ উল্লেখ্য, যে গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সম্পত্তিৰ কৰ আদায় নিদিয়াৰ বাবে সম্পত্তিৰগৰাকী একাংশ গুৱাহাটীবাসীক জগৰীয়া কৰি সম্পত্তি জব্দৰ দম্ভালি মাৰিলেও কিন্তু পৌৰ নিগমৰ ব্যৰ্থতা তথা হোল্ডিং ব্যৱস্থাৰ জটিলতাৰ বাবেহে সম্পত্তি কৰ আদায় দিব পৰা নাই বুলি অভিযোগ উঠিছে৷ বিশেষকৈ গুৱাহাটীৰ ফ্লেটৰ বাসিন্দাসকলৰ বাবে প্ৰাৰম্ভিক অৱস্থাত গুৱাহাটী পৌৰ নিগমে ৯ বিধ তথ্যপাতি বিচাৰিছিল৷ সেইসমূহ হ’ল ক্ৰমে–ভূমিৰ তথ্যপাতি, বিল্ডিং পাৰ্মিচন, চেল ডীড উইথ পানকাৰ্ড, জেনেৰেল  পাৱাৰ অব এৰ্টণী, ডেভেলপমেণ্ট এগ্ৰিমেণ্ট, লিফটষ্ট আৰু জেনেৰেটৰ কষ্ট, ফ্লেটৰ বাসিন্দাৰ তালিকা, অনুমোদিন প্লেন আৰু এলটমেণ্ট লেটাৰ৷ এজন ফ্লেটৰ ক্ৰেতাৰ ক্ষেত্ৰত ফ্লেটৰ বিল্ডাৰৰ দৰে পৌৰনিগমে তথ্য পাতি বিচৰাত ক্ষুব্ধহৈ একাংশ লোকে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালক অৱগত কৰে৷ মন্ত্ৰীয়ে নাগৰিকৰ সমস্যা বুজি কেৱল মাত্ৰ বিদ্যুৎ বিল আৰু চেল ডীডৰ ভিত্তিতে সহজতে এটা এপ প্ৰস্তুত কৰি হোল্ডিংৰ ব্যৱস্থা কৰিবলৈ জিএমচিক নিৰ্দেশ দিয়ে৷ কিন্তু মন্ত্ৰীৰ নিৰ্দেশত জিএমচিৰ যি এপ প্ৰস্তুত হ’ল–এই এপটো লিফট কষ্ট, জেনেৰেটৰ কষ্ট, চেল ডীডৰ উপৰিও সমগ্ৰ ফ্লেটৰ ফ্লৰ এৰিয়া, পাৰ্কিঙৰ এৰিয়াৰ বৰ্গফুট, অকোপঞ্চি চাৰ্টিফিকেটৰ দৰে পুনৰ জটিল পাক লগোৱা কেতবোৰ অনৰ্থক ব্যৱস্থা সন্নিবিষ্ট কৰা হ’ল৷ যিহেতু চৰকাৰৰ উদ্দেশ্য আছিল কৰ সংগ্ৰহহে, গতিকে কেৱল মাত্ৰ বিদ্যুতৰ বিল, চেল ডীড বা নাম জাৰিৰ ভিত্তিতে সহজ আৰু সুলভ হোল্ডিংৰ ব্যৱস্থা হ’ব লাগিছিল৷ কিন্তু এনে নকৰিলে জিএমচিয়ে৷ সকলোৱে জানে যিকোনো এটা সম্পত্তিৰ বাবে চেল ডীড আৰু নামজাৰিয়েই সৰ্বোচ্ছ দলীল৷ কিন্তু এনে তথ্যপাতিৰ লগত কেতবোৰ জটিল কাগজপত্ৰ পৰ্টেলত বিচৰাৰ বাবেই বহুলোকে চেষ্টা কৰাৰ পাছতো লাভ কৰিব পৰা নাই হোল্ডিং নম্বৰ৷ দ্বিতীয়তে কাৰোবাৰ পুৰণা সম্পত্তি ক্ৰয় কৰিলে লগে লগে ‘চেল ডীড’ আৰু বিদ্যুতৰ সংযোগৰ নম্বৰো সলনি হয়, এই দিশ সমূহো পৰ্টেলত উপেক্ষা কৰা হৈছে৷ মুঠতে পৰ্টেৰ্ল নিৰ্মাণতো প্ৰকাশ পাইছে চৰকাৰী ব্যৱহাৰ অপৰিপক্কতা, অদক্ষতা৷ ঘোষণা অনুসৰি কাম নকৰে পৰ্টেলে কাৰ্যতঃ নিজৰ ব্যৰ্থতা লুকুৱাই এতিয়া গুৱাহাটীবাসীকে ধমকি দিয়াত লাগিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ লক্ষণীয় যে গুৱাহাটী পৌৰ নিগমে গোপনে ইতিমধ্যে সম্পত্তিৰ কৰ ৩০ শতাংশৰ পৰা ৭০ শতাংশলৈ বৃদ্ধি কৰিছে৷