Logo
image

মুখ্যমন্ত্ৰীৰ লাভ জেহাদ অভিযোগৰ অভব্য প্ৰত্যুত্তৰ আজমলৰ

ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘লাভ জেহাদ’ সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ  গৈ এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে শুকুৰবাৰে কেতবোৰ অভব্য মন্তব্য কৰে৷ উল্লেখ্য, বৃহস্পতিবাৰে এনডিটিভিৰ গ্ৰুপ এডিটৰ শ্ৰীনিবাসন জৈনে গ্ৰহণ কৰা এক  সুদীৰ্ঘ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰি কৈছিল– ‘লাভ জেহাদ এক বাস্তৱ সত্য আৰু নতুন দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে নৃশংস ঘটনাই ইয়াক পুনৰ প্ৰমাণিত কৰিলে৷ দেশত এতিয়া লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইনৰ প্ৰয়োজন হৈছে৷ আনকি আফটাবে পলীগ্ৰাফ টেষ্টতো স্বীকাৰ কৰিছে যে ‘লাভ জেহাদে’ তেওঁক ‘জন্নত’ লাভত সহায় কৰিব৷ অসমতো ‘লাভ জেহাদ’ৰ দৰে ঘটনা শিপাইছে৷ লাভ জেহাদত প্ৰেমক এটা বিশেষ উদ্দেশ্যত ব্যৱহাৰ কৰা হয়৷ কিন্তু যেতিয়া মনৰ এই উদ্দেশ্য পূৰণ নহয় তেতিয়া শ্ৰদ্ধা-কাণ্ডৰ দৰে ঘটনা সংঘটিত হয়৷’ লাভ জেহাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই দীঘলীয়া সাক্ষাৎকাৰ এনডিটিভিত প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে ধুবুৰী লোকসভাৰ সাংসদ তথা এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে৷ আনকি তেওঁ মুখ্যমন্ত্ৰীকো ৪/৫জনী মুছলমান ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ মুকলি আহ্বান জনায়৷ তেওঁ কয়– আমাৰ ছোৱালীয়ে ১৮ বছৰ বয়সৰ পাছত বিয়া পাতে৷ কিন্তু হিন্দু পুৰুষে ৪০ বছৰ হোৱাৰ পূৰ্বে এগৰাকী, দুগৰাকী, তিনিগৰাকী অবৈধ পত্নী ৰাখে৷ তাতে সন্তান জন্ম হ’বলৈ নিদিয়ে৷ আনন্দ স্ফূৰ্তি কৰে৷ টকা খৰচ কৰে৷ ৪০ বছৰ বয়সৰ পাছত মাক-দেউতাকৰ হেঁচাত ফচি বিয়া পাতি লয়৷ ৪০ বছৰ বয়সৰ পাছত সন্তান জন্ম দিয়াৰ ক্ষমতা ক’ত থাকে? তেওঁলোকৰ পৰা বহু সন্তান জন্ম হ’ব বুলি কেনেকৈ আশা কৰে৷ সময়ত উৰ্বৰ মাটিৰ ওপৰত শচ শিচিলে ধানেই ধান উৎপাদন হয়৷ খেতি ভাল হ’ব৷ উন্নতিয়ে উন্নতি হ’ব৷ নদন বদন হ’ব৷ তেওঁলোকেও মুছলমান লোকৰ ফৰ্মুলা গ্ৰহণ কৰিব দিব লাগে৷ ল’ৰাই ২০/২২ বছৰৰ ভিতৰত বিয়া কৰাওক৷ ছোৱালীক ১৮/২০ বছৰ বয়সৰ ভিতৰত বিয়া পাতি দিয়ক৷ তাৰ পাছত চাওক আপোনালোকৰো কিমান সন্তান জন্ম হয়৷ কিন্তু দুই নম্বৰী ধান্দা নকৰিব৷’ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাক উদ্দেশ্য কৰি আজমলে কয়– ‘আপুনি এতিয়া অসমৰ ৰজা৷ ৰৈ আছে কিয়? আজিৰ তাৰিখত সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰীসকলৰ মাজত কেৱল আপোনাৰে নাম, প্ৰধান মন্ত্ৰী মোদীৰ পিছতে আপোনাৰ নম্বৰ আহি আছে৷ অমিত শ্বাহৰ পিছতে আপোনাৰে নম্বৰ৷ সেয়ে আপোনাৰতো কোনো অভাব নাই৷ আপুনি নিজে দুই, চাৰি পাঁচটা লাভ জেহাদ নিজে কৰি লওক৷ মুছলমান ছোৱালীক পলাই লৈ যাওক৷ তেওঁলোকক ক’ত ৰাখিব আমাক জনাই দিব৷ আপোনাক মিঠাই খুৱাবলৈ যাম৷ কাজিয়া কৰিবলৈ নহয়৷ আমাৰ মুছলমান ছোৱালীক পলুৱাই লৈ যাওক৷ কিন্তু আপুনিহে কৰিব৷ শৰীৰত যিমান শক্তি আছে জুখি লওক৷ কঁকালত কিমান শক্তি আছে তাকো দেখিম৷’