ফুলকবি অত্যধিক খালে এইবোৰ সমস্যাই দেখা দিব পাৰে
ফুলকবি প্ৰায়ভাগ লোকৰে প্ৰিয়৷ পুষ্টিগুণ সমৃদ্ধ ফুলকবিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি ধাৰণা কৰা হয়৷ কিন্তু বহুতেই নাজানে যে ফুলকবি অত্যধিক খালে হজমৰ লগতে স্বাস্থ্যৰ ক্ষতি কৰে৷ বিশেষজ্ঞসকলৰ মতে ফুলকবিত ৰাফিনোজ নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদান আচলতে একধৰণৰ কাৰ্বহাইড্ৰেট৷ কিছুমান পাছলিত থকা এনে কাৰ্বহাইড্ৰেটক আমাৰ শৰীৰে ভাঙি পেলাব নোৱাৰে৷ ফলত ফুলকবি বা কাৰ্বহাইড্ৰেটযুক্ত পাছলি খালে ই অন্ত্ৰত প্ৰৱেশ কৰে৷ ক্ষুদ্ৰ অন্ত্ৰৰ পৰা যেতিয়া ই বৃহৎ অন্ত্ৰত প্ৰৱেশ কৰে তেতিয়া তাত ইতিমধ্যে থকা বেক্টেৰিয়াসমূহ সক্ৰিয় হ’বলৈ আৰম্ভ কৰে৷ ফলত পেটত গেছৰ সৃষ্টি হয় আৰু পেট ফুলিবলৈ ধৰে৷
মানুহে বছৰৰ পাছত বছৰ ধৰি ফুলকবি খাই আছে যদিও এইবিধ পাছলি খোৱাৰ সঠিক উপায় নাজানে৷ সেয়ে বিশেষজ্ঞসকলে ফুলকবিৰ ব্যঞ্জন প্ৰস্তুত কৰাৰ পূৰ্বে ইয়াক কিছুসময় উতলা পানীত সিজাই লোৱাৰ পৰামৰ্শ আগবঢ়াইছে৷ কিন্তু এনে পদ্ধতিৰে ফুলকবি খালেও অত্যধিক হাৰত খোৱাৰ পৰা বিৰত থাকক৷