Logo
image

প্ৰসংগঃ সত্ৰৰ ভূমি দখল

অসমত থকা সত্ৰসমূহে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি অহাৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেহাৱসানৰ পাছত সম্প্ৰদায় আৰু আচাৰ ভেদে অসমত থকা সত্ৰসমূহ বিভিন্ন সংহতিত বিভক্ত হয়৷ সত্ৰসমূহৰ অধীনত থকা ভূমি বিভিন্ন কাৰণত সংকুচিত হোৱাত অসমৰ বহু সত্ৰ সংকটৰ গৰাহত পৰিছে৷ ৰাজ্যৰ সত্ৰসমূহৰ ভূমিৰ চৰজমিন পৰ্যবেক্ষণ আৰু অধ্যয়নৰ ভিত্তিত বিধায়ক প্ৰদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠিত সত্ৰ আয়োগৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনত প্ৰকাশ পাইছে  সত্ৰসমূহৰ ভূমি  বেদখলৰ তথ্য৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক প্ৰদান কৰা প্ৰতিবেদনৰ মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩০৩খন সত্ৰৰ ৩৩,২৬৫.৭ বিঘা মাটিৰ ৭,৫০৪.২ বিঘা মাটি আনে দখল কৰিছে৷ সত্ৰৰ ভূমি সৰ্বাধিক বেদখল হৈছে বৰপেটা জিলাত৷ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, বৰপেটা জিলাত মুঠ ৫,৫৪৫ বিঘা অৰ্থাৎ জিলাখনত থকা সত্ৰৰ মুঠ ভূমিৰ ৭৪ শতাংশ বেদখলকাৰীৰ কবলত৷ ইয়াৰ ভিতৰত ব্যাসকুছিৰ ভট্টদেৱ সত্ৰত সৰ্বোচ্ছ ৪,০০০ বিঘা, বৰপেটা সত্ৰত ৮৫৯ বিঘা, সুন্দৰীদিয়া সত্ৰত ২৮২ বিঘা, মঈনবাৰী সত্ৰত ১৪০ বিঘা, পিৰলা সত্ৰত ১০১ বিঘা, গমুৰা সত্ৰত ৬৫ বিঘা, বাসুদেৱ দেউল নসত্ৰত ৬৩ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰিছে৷ বঙাইগাঁও জিলাৰ ৰঘুনাথ সত্ৰৰ ৩০৯ বিঘা ভূমিও বেদখল হৈছে৷ সেইদৰে ধুবুৰীৰ শিমলবাৰী পূৰ্ণিয়া সত্ৰৰ ২০০ বিঘা, লখিমপুৰৰ আদিএলেঙী সত্ৰৰ ১২২ বিঘা, সাঁকোপাৰা সত্ৰৰ ১৩৮ বিঘা, পুৰণা কমলাবাৰী সত্ৰৰ ৩০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ সেইদৰে নগাঁও-মৰিগাঁও জিলাৰ বৰদোৱা, কোৰাইঝটা, নৰোৱা, বিলাসীপাৰা, আলিপুখুৰী-পাতেকীবাৰী, ডুমডুমীয়া সত্ৰ আৰু ৰামপুৰ সত্ৰকে ধৰি সকলো সত্ৰতে ব্যাপক বেদখল হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷

উল্লেখ্য, সত্ৰসমূহে বিভিন্ন সময়ত ৰজা বা আন লোকৰ পৰা লাভ কৰা ভূমিত উৎপাদন কাৰ্য কৰি নিজৰ অধীনত ৰাখিব নোৱাৰাটো সত্ৰসমূহৰ প্ৰধান দুৰ্বলতা৷ সত্ৰাধিকাৰসমূহৰ দুৰ্বল ভূমিকাৰ বাবেই ৰাজ্যৰ সত্ৰসমূহৰ ভূমি এনেদৰে বেদখলকাৰীৰ হাতলৈ যাবলৈ ধৰিছে৷ সত্ৰাধিকাৰসমূহে চৰকাৰৰ অনুগ্ৰহতে কেৱল বৰ্তি থাকিব খুজিলে ভুল হ’ব৷ নিজৰ সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰতো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ অৱশ্যে যিসমূহ সত্ৰত বাহিৰৰ লোকে অনিষ্ট কৰে, সেইসমূহ সত্ৰক চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিব৷ লগতে চৰকাৰে ইতিমধ্যে বেদখল কৰা সত্ৰৰ ভূমিসমূহ বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি সত্ৰসমূহক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ কেৱল সত্ৰসমূহৰেই নহয়, ৰাজ্যৰ বিভিন্ন জিলাত মঠ-মন্দিৰ আদিৰ নামত থকা বহু ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত৷ সেইসমূহ ভূমিৰো বেদখলকাৰীক উচ্ছেদ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে ভূমিৰ নাটনি হৈ আহিছে৷ ফলত চৰকাৰী মাটি, পতিত মাটিত মানুহে অবাধে দখল কৰি গৈছে৷ আনকি ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল, বনাঞ্চলৰ ভূমিও বেদখলকাৰীৰ কবলত পৰি বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে৷ এইসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰতো যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ৰাজ্যৰ চৰকাৰী ভূমি, বনাঞ্চল, সত্ৰ আৰু মঠ-মন্দিৰ আদিৰ নামত থকা ভূমি সম্পূৰ্ণ বেদখলকাৰীৰ হাতত থাকিব৷