Logo
image

টুইটাৰত এলন মাস্কৰ নতুন সমীক্ষা

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : টুইটাৰৰ নতুন গৰাকী এলন মাস্কে দেওবাৰে আৰম্ভ কৰে এটা নতুন সমীক্ষা৷ এই সমীক্ষাটোক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে৷ কাৰণ এই সমীক্ষাটো হৈছে আমেৰিকা চৰকাৰৰ দুই ম’ষ্ট ৱাণ্টেড জুলিয়ান আছাঞ্জ আৰু এডৱাৰ্ড স্ন’ডেনক লৈ৷ আমেৰিকাৰ সেনা বাহিনীৰ গোপন তথ্য হৰলুকি কৰি সেয়া ৰাজহুৱা  কৰি বিশ্বজুৰি চৰ্চালৈ অহাৰ লগতে স্ন’ডেন আমেৰিকাৰ ম’ষ্ট ৱাণ্টেড অপৰাধী হৈ পৰে৷ বৰ্তমান তেওঁ ৰাছিয়াত আশ্ৰয় লৈ আছে৷ আনহাতে, জুলিয়ান আছাঞ্জ হৈছে উইকিলীক্‌ছৰ সহঃ প্ৰতিষ্ঠাপক৷ তেৱোঁ আমেৰিকাৰ সেনা আৰু চোৰাংচোৱাৰ দ্বাৰা কৰা অপকৰ্ম আৰু আনৰ ওপৰত গোপনে কৰা নিৰীক্ষণৰ অতি গোপন আৰু স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰি উইকিলীক্‌ছৰ জৰিয়তে ৰাজহুৱা কৰি বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল৷ গতিকে তেৱোঁ প্ৰাণৰ ভয়ত দেশ এৰি পলায়ন কৰে৷ বৰ্তমান নিৰ্বাসনত থকা এই দুজন লোকক আমেৰিকা চৰকাৰে ক্ষমা কৰি দিব লাগে নে নালাগে বুলি প্ৰশ্ন কৰি এলন মাস্কে টুইটাৰৰ জৰিয়তে সমীক্ষা চলায় আৰু টুইটাৰৰ ব্যৱহাৰকৰীৰ পৰা মতামত বিচাৰে৷ সমীক্ষা অন্ত পৰাৰ ২১ ঘণ্টা বাকী থকা অৱস্থাতে দহ লাখৰো অধিক লোকে ভোট দিয়ে আৰু ৭৯ শতাংশই ‘হয়, ক্ষমা কৰি দিব লাগে’ বুলি মত প্ৰকাশ কৰে৷