Logo
image

শান্তি স্থাপনৰ বাবে বিশ্বক একগোট কৰিব ভাৰতে

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : ভাৰতে জি-২০ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক বিশ্ব, এক পৰিয়াল আৰু এক ভৱিষ্যত’ মন্ত্ৰৰে সমগ্ৰ বিশ্বকে একগোট কৰাৰ চেষ্টা চলাব বুলি ঘোষণা কৰাৰ পাছতে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকল আশাবাদী হৈ পৰিছে৷ এনে সময়তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্‌ৰঁ’ৱে শনিবাৰে টুইট কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ লগতে তেওঁৰ নেতৃত্বত জি-২০য়ে বিশ্বত শান্তি স্থাপনৰ বাবে সফল হ’ব বুলি আশা প্ৰকাশ কৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক নিজৰ প্ৰতি ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ যুদ্ধ পৰিস্থিতিত বিশ্বত শান্তি স্থাপন হোৱাটো অতি দুৰুহ হৈ পৰিছে৷ গতিকে এই সময়ত ভাৰত জি-২০১ অধ্যক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা৷ ভাৰতে ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ’ৰ লক্ষ্যৰে সমগ্ৰ বিশ্বকে একগোট কৰি শান্তি স্থাপন কৰিবলৈ সক্ষম হ’ব৷ ভাৰতে ৭৫ বছৰীয়া স্বাধীনতাৰ অভিজ্ঞতাৰে সমগ্ৰ বিশ্বকে একেখন চাঁদৰ তললৈ আনিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ বৰ্তমান বিশ্বত ভাৰতৰ প্ৰভাৱ যথেষ্ট বেছি হোৱালৈ লক্ষ্য ৰাখিয়েই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিজনে এই আশা প্ৰকাশ কৰে৷