কফ জমা হ’লে এইদৰে উপশম পাব পৰা যায়
শীত অহাৰ লগে লগে সৰু-ডাঙৰ সকলোৱে চৰ্দি-কাহৰ সমস্যাত ভোগে৷ চৰ্দি বা পানীলগা কিছুদিনৰ পাছতে উপশম হ’লেও বহুতৰে ক্ষেত্ৰত কফ বুকুত জমা হোৱাৰ দৰে সমস্যা হয়৷ শিশুৰ ক্ষেত্ৰত এনে সমস্যা অধিক দেখিবলৈ পোৱা যায়৷ বহুতৰে আকৌ ডিঙিত কফ জমা হয়৷ কফ বা শ্লেষ্মা আচলতে এটা সংক্ৰমণৰ লক্ষণ৷ ইয়াক অৱহেলা কৰাটো মুঠেই উচিত নহয়৷ দীৰ্ঘদিন কফৰ সমস্যাত ভুগিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ কিন্তু ডিঙিত কফ জমা হ’লে ঘৰুৱা উপায়েৰেও নিৰাময় পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ডিঙিত জমা হোৱা কফ পৰিষ্কাৰ কৰাৰ ঘৰুৱা উপায়–
১) কফ বা শ্লেষ্মা আঁতৰোৱাত সহায় কৰে তৰল খাদ্যই৷ সেয়ে দৈনিক পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত৷ তদুপৰি চাহ আৰু চ্যুপ আদিৰ লগতে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক৷ মহিলাসকলে দৈনিক ২.৭ পানী খোৱা উচিত৷ কফৰ সমস্যাৰ পৰা উপশম পাবলৈ গৰম পানী, চাহ বা আপেল চিডাৰ মিশ্ৰিত পানী পান কৰক৷
২) গৰম পানীৰ সৈতে নিমখ মিহলাই গাৰ্গল কৰিলেও কফ পাতল হয়৷ ইয়াৰ বাবে এগিলাচ গৰম পানীত দুই-তিনি চামুচ নিমখ মিহলাই লওক৷ সেই পানী গাৰ্গল কৰক৷ দিনত যিমানবাৰ এই পানী গাৰ্গল কৰিব সিমানেই কফৰ সমস্যাৰ পৰা উপশম পাব৷
৩) গৰম পানীত ইউকেলিপটাছ বা ৰোজমেৰীৰ দৰে গছৰ তেল মিহলাই ভাপ লোৱা কৰক৷ ইয়াক ষ্টিম থেৰাপি বুলি কোৱা হয়৷
৪) হালধি যদি গৰম গাখীৰৰ সৈতে মিহলাই খাব পৰা যায় তেতিয়াও কফৰ সমস্যা উপশম হয়৷ ইয়াৰ বাবে এগিলাচ গৰম গাখীৰত আধা চামুচ জালুকগুড়ি, হালধি আৰু এচামুচ মৌ মিহলাই লওক৷ এই মিশ্ৰণ পান কৰিলেও শ্লেষ্মা বা কফ পৰিষ্কাৰ হয়৷ অৱশ্যে এইক্ষেত্ৰত গৰুৰ গাখীৰ ব্যৱহাৰ নকৰিব৷ ননডেইৰী মিল্কৰ সৈতেহে হালধি-জালুকৰ গুড়ি আৰু মৌ মিহলাই খাব৷