কেৱল ভোটৰ ভূতৰ পাছত দৌৰাৰ গণবিৰোধী ৰাজনীতি
একাংশ নাগৰিকৰ কষ্টোপাৰ্জিত ধন কৰ-কাটলৰ প্ৰহসনেৰে ছল-চক্ৰান্তৰে, অবাঞ্ছিত ক্ষমতা প্ৰয়োগেৰে কাঢ়ি আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত আন একাংশ নাগৰিকক বিনামূলীয়া সহায়-সহযোগ আগবঢ়োৱাৰ ছলেৰে হিতাধিকাৰী তথা দলৰ বাবে ভোটাৰ ক্ৰয়ৰ ৰাজনীতি কৰিবলৈ কেন্দ্ৰীয় আৰু অসম ৰাজ্যৰো বৰ্তমানৰ চৰকাৰে উঠিপৰি লগাৰ দৃষ্টিকটু আচৰণ তথা কৰ্মকাণ্ড জনতাৰ বোধগম্য হোৱাটো লক্ষণীয় হৈছে৷ দেশৰ তথা ৰাজ্যখনৰ দুখীয়া অথবা নিম্নবিত্ত পৰিয়ালৰ লোকক নিজাকৈ উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰিব পৰাকৈ আত্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিত কৰাৰ পৰিৱৰ্তে সেই হিতাধিকাৰীসকলক ৰাজনৈতিক দল তথা চৰকাৰৰ মুখাপেক্ষী কৰি ৰাখিবলৈ চৰকাৰীভাৱে লোৱা এনেকুৱা অগণতান্ত্ৰিক ব্যৱস্থা প্ৰকাৰান্তৰে যে গণবিৰোধী কাৰ্য, সেইটো অনস্বীকাৰ্য৷ যুগে যুগে সেইসকল চৰকাৰৰ বিনামূলীয়া চাউলমুঠিৰ মুখাপেক্ষী হৈ থাকিবলৈ বাধ্য হোৱাৰ ৰাজনৈতিক চক্ৰবেহুৰ ভিতৰত ৰাজ্যখনৰ প্ৰায় অৰ্ধেকতকৈও বেছিসংখ্যক লোকক সুমুৱাই লোৱাৰ এনে ৰাজনীতিৰে দেশৰ তথা ৰাজ্যৰ গণতান্ত্ৰিক ব্যৱস্থাত কুঠাৰাঘাত কৰিবলৈ বিচৰা বুলি সচেতন নাগৰিকে মত ব্যক্ত কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে দেশত অদ্যপৰিমিত আশী কোটি মানুহক হিতাধিকাৰী কৰা হৈছে৷ ৰাষ্ট্ৰখনৰ প্ৰায় তিনিশ কোটি মানুহৰ ৮০ কোটি বা ১০০ কোটি মানুহক যদি বিনামূলীয়া সাহায্য দানেৰে জীৱন নিৰ্বাহ কৰোৱাবলগীয়া হৈছে, তেনেহ’লে দেশৰ ভাল অৱস্থা হৈছে, দেশ বদলিছে, পূৰ্বৰ সত্তৰ বছৰত তেতিয়াৰ চৰকাৰে কৰিব নোৱৰা কাম এতিয়াৰ বিজেপি চৰকাৰে মাত্ৰ দহ বছৰতে কৰিছে আদি প্ৰৱঞ্চনামূলক বক্তব্যৰে চৰকাৰে নিজকে প্ৰৱঞ্চনা কৰিছে নে জনগণক চলনা কৰিছে৷ উন্নতি মানে হিতাধিকাৰী, দৰিদ্ৰ সমাজ সৃষ্টি কৰাটোহে যেন বুলি জনতাই ভাবিবলৈ বাধ্য হৈছে৷ ৮০ বা এশ কোটি মানুহক বিনামূলীয়া সাহায্য দানৰ বাবে প্ৰয়োজনীয় ধন কাৰ পৰা বা ক’ৰপৰা পাব চৰকাৰে? নিয়ে একাংশ জনতাৰ পকেটৰ ধন কাটিব আৰু যি অংশ নাগৰিকে নিজৰ উপাৰ্জনেৰে পেট প্ৰৱৰ্তন কৰি আছে, সেইসকলকো পৰ্যায়ক্ৰমে গৰিবৰ শ্ৰেণীত শাৰী পাতি বিনামূলীয়া চাউল-দালি আদি খুজিবলৈ বাধ্য কৰোৱা হ’ব৷ পুঁজিপতি, ধনিক শ্ৰেণীয়েতো চৰকাৰৰ পুঁজিত বাস্তৱিকতে একোৱে নিদিয়ে৷ এহাতেৰে কিবা দিয়াটো দেখুৱাই আনহাতেৰে আৰু পিছদুৱাৰেদি তাৰ দুই-তিনিগুণ বেছিকৈ আদায় কৰি লয়৷ পুঁজিও টনকিয়াল কৰি দিয়ে শাসকীয় দলৰ৷ চৰকাৰে দেশৰ উন্নতি কৰিছে নে গৰিব সৃষ্টিৰ, সমগ্ৰ দেশখনকে ধৰুৱা, গৰিব কৰি দুৰ্বল জনতাৰ প্ৰতিভূ-শাসক-শোষক হৈ থাকিবলৈ ধবংসাত্মক ৰাজনীতিত লিপ্ত হৈছে, সেইটোহে মৌলিক প্ৰশ্ন হৈ পৰিছে দেশবাসীৰ বাবে৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৩০ নৱেম্বৰত প্ৰচাৰ মাধ্যমযোগে ঘোষণা কৰিছে যে ৰাজ্যখনত হেনো পুনৰ সোতৰ লক্ষাধিক হিতাধিকাৰী সৃষ্টিৰ বাবে চৰকাৰী আঁচনি লৈছে৷ পূৰ্বৰ পৰা এইপৰ্যন্ত সৃষ্টি কৰা হিতাধিকাৰীৰ লগত এই নতুনকৈ হ’ব লগা হিতাধিকাৰী মিলি মুঠ হিতাধিকাৰী হ’বগৈ হেনো ২৭ লাখ ৭৭ হাজাৰ৷ ইয়াৰ অৰ্থই হৈছে বিজেপি শাসনৰ বিগত বছৰকেইটাত গৰিবৰ সংখ্যা ৰাজ্যখনত বছৰে বছৰে লাখ লাখ সংখ্যাত বাঢ়ি গৈ আছে আৰু সেইসকলৰ দাৰিদ্ৰতাৰ সুযোগ লৈ চৰকাৰে বিনামূলীয়া চাউল এমুঠিকৈ দি হিতাধিকাৰী ওৰফে দলৰ ভোটাৰ বনোৱাৰ ৰাজনীতিৰ পাশাখেল খেলিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ চাৰি-পাঁচ হাজাৰ কোটি টকা ব্যয়েৰে হিতাধিকাৰী ভোটাৰ সৃষ্টিৰ বিপৰীতে এনে শকত পৰিমাণৰ ধন ব্যয়েৰে প্ৰতিবছৰে চৰকাৰে চাৰি লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰে; আৰু সেইটো কৰিলে তেওঁলোকে নিজৰ উপাৰ্জিত ধনেৰে জীৱন নিৰ্বাহ কৰিব পাৰে৷ পৰমুখাপেক্ষী, হীন মনোবৃত্তিৰ বিপৰীতে আত্মনিৰ্ভৰশীল জীৱন যাপনৰ বাবে সমৰ্থনৱান হ’ব পাৰে৷ চৰকাৰৰ পৰা এমুঠি বিনামূলীয়া চাউল বা আন কিবা সাহায্য লাভৰ বাবে আশা পালি ব্যক্তিত্বহীন হৈ পৰা জীৱনৰ পৰা মুক্ত কৰি সঁচা অৰ্থত স্বাভিমানী নাগৰিকৰ দৰে যাতে জীৱন কটাব পাৰে, তাৰ বাবে জীৱন নিৰ্বাহৰ পথ দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ কিন্তু বিজেপি চৰকাৰে সেইটো নকৰে৷ নাগৰিকসকল স্ব-নিৰ্ভৰশীল হ’লে দলীয় ৰাজনীতিৰ শিকলি বন্ধনত কাকো ৰাখিব নোৱৰাৰ ভীতিগ্ৰস্ততাৰ গৰাহত পৰিব চৰকাৰ৷ চৰকাৰে জনসেৱাক প্ৰথম বুলি অগ্ৰাধিকাৰ নিদিয়ে৷ জনসেৱাৰ নামত কৰা প্ৰতিটো কাৰ্যকে ব্যৱহাৰ কৰে দলীয় ৰাজনীতিৰ স্বাৰ্থত৷ প্ৰতিটো কামত দেখে কেৱল ভোটৰ ভূত, আৰু খেদি ফুৰিব ধৰিছে তাকেই প্ৰতিটো আঁচনি আৰু চিন্তাৰ ফাঁকে ফাঁকে৷






