Logo
image

বিশ্বকাপ ফুটবলত এছীয় শক্তিৰ উত্থান

জাপান ক্ৰ’ৱেচিয়াৰ হাতত আৰু দক্ষিণ কোৰিয়া পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলৰ হাতত পৰাস্ত হোৱাৰ পাছতেই কাতাৰ বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত সমাপ্ত হ’ল এছিয়াৰ প্ৰত্যাহ্বান৷ বিশ্বকাপৰ অন্তিম আঠটা স্থানত এছিয়াৰ এটাও দল নথাকিব যদিও এইবাৰৰ বিশ্বকাপত এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰা দলকেইটাই বিশ্ব ফুটবলত ৰাজত্ব চলোৱা ইউৰোপ আৰু লেটিন আমেৰিকাৰ দেশবোৰৰ সৈতে থকা তেওঁলোকৰ ব্যৱধান বহুখিনি হ্ৰাস কৰিলে৷ গ্ৰুপ পৰ্যায়তে ছৌদি আৰবে দুবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাক, দক্ষিণ কোৰিয়াই পৰ্তুগালক, অষ্ট্ৰেলিয়াই ডেনমাৰ্কক, জাপানে জাৰ্মানী আৰু স্পেইনক পৰাস্ত কৰি তাৰ প্ৰমাণ দিছিল৷ সোমবাৰে জাপান আৰু দক্ষিণ কোৰিয়াই প্ৰত্যাহ্বান সামৰিলেও বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়াৰ তিনিটা দল প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল৷ দক্ষিণ কোৰিয়া গ্ৰুপ পৰ্যায়ত অপৰাজিত আছিল৷ দলটোৱে ঘানা আৰু পৰ্তুগালক পৰাস্ত কৰাৰ বিপৰীতে গ’লশূন্য ড্ৰ খেলিছিল উৰুগুৱেৰ সৈতে৷ আনহাতে, একেখন বিশ্বকাপতে জাৰ্মানী আৰু স্পেইনৰ দৰে শক্তিশালী দলক হৰুৱাই সকলোকে হতভম্ব কৰি তুলিছিল জাপানে৷

বিশ্বকাপ ফুটবল বুলিলে মূলতঃ ইউৰোপ আৰু লেটিন আমেৰিকাৰ দলকেইটা বুলিয়েই সৰ্বসাধাৰণৰ মনত এটা ধাৰণা আছিল৷ এতিয়ালৈকে হৈ যোৱা বিশ্বকাপ ফুটবলত কেৱল দুবাৰহে এই দুই মহাদেশৰ বাহিৰৰ দেশ ছেমিফাইনেললৈ উন্নীত হৈছে৷ ১৯৩০ চনৰ প্ৰথমবাৰৰ বিশ্বকাপত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ২০০২ চনৰ বিশ্বকাপত দক্ষিণ কোৰিয়াই ছেমিফাইনেল খেলিছিল৷ এইবাৰো কোৱাৰ্টাৰ ফাইনেল খেলিবলগীয়া আটাইকেইটা দল হ’ব ইউৰোপ আৰু লেটিন আমৰিকাৰ৷ তাৎপৰ্যপূৰ্ণ যে কাতাৰ বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা দক্ষিণ আমেৰিকাৰ দলতকৈ এছিয়াৰ দলৰ সংখ্যা আছিল অধিক৷ এই পৰিসংখ্যাই হয়তো এছিয়ান ফুটবলৰ প্ৰতি থকা সৰ্বসাধাৰণৰ ধাৰণা সলনি কৰিব৷ অষ্ট্ৰেলিয়া এছিয়া মহাদেশৰ নহয় যদিও দীৰ্ঘ সময়ৰ পৰা দেশখনে এছিয়ান ফুটবল কনফেডাৰেশ্বনক প্ৰতিনিধিত্ব কৰি আহিছে৷ অষ্ট্ৰেলিয়া দলটোৱেও এইবাৰ ফুটবল বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এইবাৰৰ বিশ্বকাপত সৰ্ববৃহৎ অঘটন ঘটোৱা দলটো আছিল ছৌদি আৰব৷ দুবাৰৰ চেম্পিয়ন লিঅ’নেল মেছিৰ দল আৰ্জেণ্টিনাক গ্ৰুপৰ খেলত ছৌদি আৰবে পৰাস্ত কৰাটো সকলোৰে বাবে আছিল অপ্ৰত্যাশিত৷ কোনেও নভবা কাম এটা কৰাৰ পাছত ছৌদি আৰব প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হ’ব বুলিয়েই বহুতেই ধাৰণা কৰিছিল৷ কিন্তু গ্ৰুপৰ পৰৱৰ্তী দুখন খেলত দলটোৱে পোলেণ্ড আৰু মেক্সিকোৰ হাতত পৰাস্ত হৈ অভিযান সামৰিছিল৷ ইৰান প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হ’ব নোৱাৰিলেও দলটোৱে ৱেল্‌ছক পৰাস্ত কৰাটোও আছিল এইবাৰৰ বিশ্বকাপৰ আন এটা অঘটন৷ বিশ্বকাপত জাপান আৰু কোৰিয়াৰ শেহতীয়াভাৱে যি উত্থান দেখা গৈছে, সেয়া সম্ভৱ হৈছে দেশ দুখনত ফুটবলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ফুটবল ফেডাৰেশ্বনে লোৱা উল্লেখনীয় পদক্ষেপ৷ জাপানত ‘জে লীগ’ আৰু কোৰিয়াত ‘কে লীগে’ দেশ দুখনৰ ফুটবলক বহুদূৰ আগুৱাই নিয়া বুলি ক’লে ভুল কৰা নহ’ব৷ জাপানত বৰ্তমান ৬০টাতকৈ অধিক পেছাদাৰী ফুটবল ক্লাব আছে আৰু এই ক্লাববোৰৰ মাজত চলা প্ৰতিদ্বন্দ্বিতাই ফুটবলাৰসকলক যথেষ্ট উপকৃত কৰিছে৷ জাপান আৰু কোৰিয়াৰ যুটীয়া উদ্যোগত ২০০২ চনৰ বিশ্বকাপ আয়োজন কৰাৰ সময়ত জাপানৰ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰা কেৱল চাৰিজন ফুটবলাৰেহে বিদেশত খেলিছিল৷ বৰ্তমান দলটোৰ সাতজন ফুটবলাৰে বিদেশৰ আগশাৰীৰ ক্লাবত খেলি আছে৷ শেহতীয়াভাৱে জাপান, কোৰিয়াৰ লগতে আৰবৰ প্ৰদৰ্শনে ফুটবল বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰাৰ অন্যতম কাৰণটো হৈছে দেশকেইখনত ফুটবলৰ নামত বিনিয়োগ হোৱা বৃহৎ অংকৰ ধন৷ কাতাৰত এছিয়াৰ এই দলকেইটাই উজ্জীৱিত প্ৰদৰ্শনেৰে ফুটবলপ্ৰেমীৰ মন জয় কৰাৰ পাছত ইউৰোপৰ আগশাৰীৰ ক্লাববোৰৰো এইসকল খেলুৱৈৰ ওপৰত দৃষ্টি নপৰাকৈ নাথাকিব৷ যদি এছিয়াৰ পৰা অধিক ফুটবলাৰে বিশ্বৰ নামী-দামী ক্লাবত খেলাৰ সুযোগ পায়, তেন্তে তাৰ দ্বাৰা আন দেশবোৰো অনুপ্ৰাণিত হ’ব৷