Logo
image

ধনিয়াপাত নিয়মীয়াকৈ খালেও পাব অনেক সুফল

সাধাৰণতে শীত কালত ধনিয়াপাত বেছিকৈ ৰন্ধনত ব্যৱহাৰ কৰা হয়৷ ধনিয়াপাতৰ আছে বিভিন্ন ধৰণৰ ঔষধি গুণ৷ ধনিয়াপাত বিভিন্ন ব্যঞ্জনত দিলে ইয়াৰ পৰা ধুনিয়া গোন্ধ ওলোৱাৰ ওপৰি খাবলৈ সু-স্বাদু হয়৷

⬛ ধনিয়া পাত খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷

⬛ ধনিয়াপাত খালে দৃষ্টি শক্তি বৃদ্ধি পায়৷ যেহেতু ধনিয়াত থকা ভিটামিন ‘এ’ চকুৰ বিভিন্ন সমস্যাৰ বাবে অত্যান্ত উপকাৰী৷ 

⬛ ভিটামিন ‘চি’ সমৃদ্ধ ধনিয়াপাত বিভিন্ন ধৰণৰ সংক্ৰমণ প্ৰতিৰোধত অতি উত্তম৷ 

⬛ গেষ্টিক, কোষ্ঠকাঠিন্য তথা বদ হজমত ধনিয়াপাত উপকাৰী৷ ধনিয়াপাত খালে হজম শক্তি উন্নত হয়৷ 

⬛ ধনিয়াপাতত আছে প্ৰচুৰ পৰিমাণে আয়ৰন৷ আয়ৰনে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি কৰে৷ ৰক্তহীনতা দূৰ কৰাত ধনিয়াপাতে প্ৰচুৰ পৰিমাণে সহায় কৰে৷