বিকাশৰ ভাগীৰথী যাত্ৰা
উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি ৰাজ্যৰ সাৰ্বিক বিকাশ সাধন কৰাটো প্ৰতিখন চৰকাৰৰে দায়িত্ব আৰু কৰ্তব্য৷ নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে জনপ্ৰতিনিধি নিৰ্বাচন কৰি সেইসকলক জনকল্যাণ কামৰ বাবে দায়িত্ব অৰ্পণ কৰে৷ কিন্তু নিৰ্বাচিত বিধায়ক, সাংসদে পৰৱৰ্তী সময়ত সমষ্টিৰ কথা পাহৰি কেৱল ভোগ-বিলাসত মত্ত থকাৰ উপৰি নামে-বেনামে সম্পত্তি আহৰণ কৰি জনকল্যাণৰ প্ৰতি পিঠি দিয়ে৷ কিন্তু প্ৰতিখন চৰকাৰেই গৰিব কল্যাণৰ কথা, ৰাজ্যৰ বিকাশৰ কথা কয় যদিও ৰাজ্যৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান আজিও উন্নত হোৱা বুলি ক’ব নোৱাৰি৷ ৰাজ্যত দুখীয়া লোকৰ সংখ্যা বাঢ়িহে আছে৷ কিয়নো চৰকাৰে দুখীয়াৰ বাবে গ্ৰহণ কৰা হিতাধিকাৰী আঁচনি লাভ কৰা লোকৰ সংখ্যা বাঢ়িহে আছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত সততে শুনিবলৈ পোৱা দুটা শব্দ আছিল ‘বিকশিত অসম’৷ গগৈৰ সেই ১৫ বছৰীয়া কাৰ্যকালত অসমৰ কিমান বিকাশ হ’ল ৰাইজে দেখিছে৷ অৱশ্যে, সেই সময়ৰ এচাম ৰাজনীতিকৰ সম্পত্তিৰ পৰিমাণ কিন্তু হোৰাহোৰে বাঢ়িল৷ ইয়াৰ উপৰি ইউপিএ চৰকাৰৰ দিনত ‘লুক ইষ্ট পলিচী’ৰ জৰিয়তেও উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা কৈছিল যদিও এই আঁচনিৰ দ্বাৰা অঞ্চলটোৰ কিমান উন্নতি হ’ল, সেয়া কাৰো অবিদিত নহয়৷ ইয়াৰ পাছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি ‘মেক ইন নৰ্থ-ইষ্ট’ আঁচনিৰ অধীনত অঞ্চলটোৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আশানুৰূপ উন্নয়ন আজিও নহ’ল৷ অসমৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ বান-খহনীয়া৷ এই বান-খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা আজিলৈকে কোনো এখন চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ কিয়নো অসমত বান-খহনীয়াই প্ৰতিবছৰে বিভীষিকাৰ সৃষ্টি কৰি জনসাধাৰণৰ বিস্তৰ ক্ষতি কৰে৷ বানে বছৰি বহু মথাউৰি, দলং, ৰাস্তা-ঘাট উটুৱাই নিয়াৰ উপৰি কৃষিভূমিৰ ক্ষতি কৰে৷ চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ অধীনত নিৰ্মাণ কৰা ৰাস্তা-ঘাট, দলং, মথাউৰি আৰু আন নিৰ্মাণ বানে বিধবস্ত কৰি গ’লে ৰাজ্যৰ আশানুৰূপ উন্নয়ন সম্ভৱ নহ’ব৷ সেয়ে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰকে ধৰি আন নদ-নদীৰ খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা বিজ্ঞানসন্মতভাৱে কৰা যুগুত৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰেও ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰে জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা আৰম্ভ কৰিছে৷ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ ১১খন জিলাৰ বিভিন্ন উন্নয়নমূলক কাৰ্যৰ শিলান্যাস আৰু ভূমি পূজনৰ উপৰি ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা কিছু আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভ উদ্বোধনৰ ব্যৱস্থা কৰিছে৷ ৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত ৰাস্তা-ঘাট নিৰ্মাণ আৰু মেৰামতি, চিকিৎসালয়, শিক্ষানুষ্ঠান নিৰ্মাণকে ধৰি বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ১৫ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰিছে৷ যদিহে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৰাস্তা-ঘাট, চিকিৎসালয়, শিক্ষানুষ্ঠান আদিকে ধৰি বিভিন্ন বিভাগৰ আন্তঃগাঁথনিৰ উন্নয়ন হয়, তেন্তে জনসাধাৰণ উপকৃত হ’ব৷ কিন্তু শিলান্যাস কৰি যদি কোনো এটা উন্নয়নমূলক কাৰ্যৰ কথা সময়ত পাহৰি যায়, তেন্তে সেয়া হ’ব জনসাধাৰণক চৰম প্ৰৱঞ্চনা৷ ইতিমধ্যে পূৰ্বৰ বহু আধাৰশিলা বিস্মৃতিৰ গৰ্ভত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জাকজমকীয়া প্ৰচাৰেৰে গ্ৰহণ কৰা বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীত বিকাশৰ ভাগীৰথী যাত্ৰা যাতে আধাৰশিলাতে থমকি নৰয়, তাক সকলোৱে কামনা কৰিছে৷ তদুপৰি প্ৰতিখন আঁচনিয়েই যাতে সুকলমে নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ হৈ উঠে তাৰ বাবে চৰকাৰে নজৰ দিয়া উচিত৷ জনসাধাৰণে ৰাজ্যৰ উন্নয়ন বিচাৰে৷ জনসাধাৰণৰ দুখ-কষ্ট লাঘৱ কৰি জীৱন ধাৰণৰ মান উন্নত কৰা ৰাজনীতিকক জনসাধাৰণে সদায়ে মনত ৰাখিব৷ ড॰ শৰ্মাৰ বিকাশৰ এই পষেক কাৰ্যসূচী নিৰ্বাচনৰ পূৰ্বৰ টোপ নহৈ প্ৰকৃততে হওক অসমৰ বিকাশৰ এক ধাৰা, যিয়ে ৰাজ্যখনত দেশৰ পাঁচখন উন্নত ৰাজ্যৰ এখন হোৱাত সহায় কৰে৷






