Logo
image

চুলি সৰা বন্ধ কৰাত তেজপাতে সহায় কৰিব পাৰে

খাদ্যবস্তুৰ সোৱাদ আৰু সুগন্ধি বঢ়োৱাৰ বাবে প্ৰাচীন কালৰে পৰা তেজপাতৰ ব্যৱহাৰ হৈ আহিছে৷ কিন্তু ৰন্ধন প্ৰণালীৰ বাহিৰেও তেজপাত যে স্বাস্থ্যৰ যতন লোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়ে বহুতেই নাজানে৷ বিশেষকৈ চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত তেজপাত অতি কাৰ্যকৰী৷ যিসকলে চুলি সৰা সমস্যাত ভুগি আছে তেওঁলোকে এবাৰ এই ক্ষেত্ৰত তেজপাত ব্যৱহাৰ কৰি চাব পাৰে৷ মাত্ৰ এসপ্তাহ ব্যৱহাৰ কৰিলে চুলি সৰা সমস্যাৰ পৰা উপকৃত হ’ব৷ অকল চুলি সৰা সমস্যাই নহয়, উফি আৰু চুলিৰ ৰুক্ষতা কমোৱাৰ ক্ষেত্ৰতো তেজপাত অত্যন্ত কাৰ্যকৰী৷ উল্লেখ কৰা হ’ল চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত তেজপাতৰ ব্যৱহাৰৰ উপায়–

[১] তেজপাতৰ ৰস ব্যৱহাৰ কৰিলে মাত্ৰ এপষেকৰ ভিতৰতে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ ইয়াৰ বাবে কেইখিলামান তেজপাত ভালদৰে ধুই লওক৷ এইবাৰ এটা বাচনত এক লিটাৰ পানী উতলাই লওক৷ পানীখিনি ভালদৰে উতলাৰ পাছত তাত তেজপাত কেইখিলা দিয়ক৷ পাঁচৰ পৰা দহ মিনিট সময় তেজপাতখিনি পানীৰ সৈতে উতলিবলৈ দিয়ক৷ কিছু সময় পাছত সেই পানী ঠাণ্ডা হ’বলৈ দি তেজপাত কেইখিলা উলিয়াই আনক৷ এইবাৰ ঠাণ্ডা হৈ পৰা পানীখিনিৰে চুলি আৰু মূৰ ধুই পেলাওক৷ অন্ততঃ ১৫ দিন এই পদ্ধতি প্ৰয়োগ কৰিলে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷

[২] ৰুক্ষ চুলিৰ যতন লোৱাৰ ক্ষেত্ৰতো তেজপাত কাৰ্যকৰী৷ দুকাপ  পানীৰ সৈতে তিনি-চাৰিখিলা তেজপাত উতলাই লওক৷ কিছু সময় পাছত পানীখিনি চেকি লওক৷ এইবাৰ ছেম্পু কৰা চুলিত পানীখিনি ঢালি কিছু সময় ৰৈ থাকক৷ ৫০-১০ মিনিট সময় এনেদৰে থকাৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাওক৷ সপ্তাহত অন্ততঃ এদিন এই পদ্ধতি প্ৰয়োগ কৰিলে চুলিৰ ৰুক্ষতা হ্ৰাস পোৱাৰ লগতে চুলি সৰা সমস্যাত উপকৃত হ’ব পৰা যায়৷

[৩] উফিৰ পৰা হাত সাৰিবলৈও আপুনি তেজপাত ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ পটা বা গ্ৰাইণ্ডাৰত চাৰিখিলা তেজপাত গুড়ি কৰি লওক৷ এইবাৰ আধাকাপ নাৰিকল তেলৰ সৈতে তেজপাতৰ গুড়িখিনি মিহলাওক৷ নাৰিকল তেলৰ সলনি অ’লিভ অইলো ব্যৱহাৰ কৰিব পাৰে৷ তেল আৰু তেজপাতৰ মিশ্ৰণখিনি পাঁচ মিনিটমান সময় গৰম কৰি লওক৷ কুহুমীয়া গৰম হৈ থকা অৱস্থাত সেই তেল কপাহত লৈ চুলিত লাহে লাহে মালিচ কৰক৷ এঘণ্টামান পাছত চুলিখিনি ধুই পেলাওক৷ সপ্তাহত অন্ততঃ এদিন এই পদ্ধতি ব্যৱহাৰ কৰিলে উফিৰ পৰা হাত সাৰিব পৰা যায়৷