Logo
image

হঠাৎ আছু এৰিলে দীপাংক কুমাৰ নাথে : উৎপল শৰ্মাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা৷ কাৰ্যনিৰ্বাহক সভাতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল'লে দীপাংক কুমাৰ নাথে৷ দীৰ্ঘকাল আছুৰ নেতৃত্ব বহন কৰা দীপাংক কুমাৰ নাথৰ পদত্যাগৰ লগে লগে উৎপল শৰ্মাক আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয়৷ দীপাংক কুমাৰ নাথেই প্ৰস্তাৱ কৰিলে উৎপল শৰ্মাৰ নাম৷ মৰিগাঁৱত হ'বলগা অধিৱেশনলৈকে আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত থাকিব উৎপল শৰ্মা৷

উল্লেখ্য যে অসমৰ জাতীয় জীৱনৰ সমস্যাৰ লগতে কা আন্দোলনতো সন্মুখৰ পৰা নেতৃত্ব বহন কৰা দীপাংক নাথৰ আকস্মিক পদত্যাগে ৰহস্যৰ সৃষ্টি কৰিছে৷ একান্তই ব্যক্তিগত কাৰণত আছু ত্যাগ কৰা বুলি কয় দীপাংক কুমাৰ নাথে৷ লগতে নতুন নেতৃত্বই আছুক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে সদ্যপদত্যাগী আছু নেতাগৰাকীয়ে৷৷ কিন্তু এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ১৫ ডিচেম্বৰত বিয়াত বহিব দীপাংক নাথ৷ কইনা গুৱাহাটীৰ ৰূপা হাজৰিকা৷ পেছাত তেওঁ এগৰাকী অধ্যাপিকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় অধ্যাপিকা ড° ৰূপা হাজৰিকা৷

ইফালে ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাইজৰ অভিভাৱকত্ব কামনা কৰিলে উৎপল শৰ্মাই৷ ছাত্ৰ সন্থাৰ অবিৰত সংগ্ৰামৰ ধাৰাক নিখুঁতভাৱে আগুৱাই নিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰিলে আছুৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে৷