Logo
image

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িত আন ৩ জন ছাত্ৰক বহিষ্কাৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িত আন তিনিগৰাকী ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে। এন্টি ৰেগিং স্কোৱাডে দাখিল কৰা প্ৰতিবেদনৰ পিছত বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় ছাত্ৰকেইগৰাকীক৷

গণিত বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ কমলকৃষ্ণ কাকতিক বিশ্ববিদ্যালৰ পৰা বহিষ্কাৰ কৰাৰ লগতে আগন্তুক তিনিবছৰলৈ দেশৰ কোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব নোৱাৰাকৈ জাননী জাৰি কৰা হৈছে। লগতে BCAৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ চিত্ৰবন বৰুৱা আৰু বি এডৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ পৱন গগৈক এবছৰৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত সংঘটিত হোৱা আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰে জড়িত আছিল এই তিনিগৰাকী ছাত্ৰ। উল্লেখ্য যে পৱন গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি৷