Logo
image

১৫ ডিচেম্বৰৰ পৰা ‘আণ্ডাৰ দ্য ছাল ট্ৰি’ নাট মহোৎসৱ

ডিজিটেল ডেস্ক:  গোৱালপাৰা জিলাৰ ৰামপুৰস্থিত বাডুংদুপ্পা কলাকেন্দ্ৰত  ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ১৩সংখ্যক ‘আণ্ডাৰ দ্য ছাল ট্ৰি’ নাট মহোৎসৱ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বাদুংদুপ্পাৰ পৰিচালন সঞ্চালক মদন ৰাভাই। তেওঁ লগতে কয়-তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত এইবাৰ সৰ্বমুঠ ৭খন নাটক মঞ্চস্থ কৰা হ’ব। 'আণ্ডাৰ দ্য ছাল ট্ৰি’ নাট মহোৎসৱ পুনৰাই অনুষ্ঠিত হ'ব।  প্ৰতিষ্ঠাপক শুক্ৰাচাৰ্য্য ৰাভাই আৰম্ভ কৰা আমাৰ এই বিপ্লৱ অব্যাহত ৰাখিবলৈ আমি প্ৰয়াস কৰিছো।

গোৱালপাৰাৰ পৰা ৰাভা ভাষাত ঋষি জোলোংকা, মহাৰাষ্ট্ৰৰ পৰা বাংলা আৰু মাৰাঠীত আলোৰ গান (ছং অৱ লাইট), শ্ৰীলংকাৰ পৰা ইংৰাজীত মাই চুইট ৰটেন হেৰিটেন্স, পশ্চিম বংগৰ পৰা বাংলাত অথো হিড়িম্বা কোঠা, গুৱাহাটীৰ পৰা অসমীয়াত এৰেণ্ডিৰাছ্‌ মেটামৰ্ফচিছ, মুম্বাইৰ পৰা হিন্দীত ঝলকাৰি আৰু আহমেদাবাদৰ পৰা গুজৰাটী, হিন্দীত পঞ্চো ন’ ভেছ নাটকসমূহ উপস্থাপন কৰা হ’ব। পূৰ্বতে এই মহোৎসৱত দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড আৰু চুবুৰীয়া বাংলাদেশৰ নাট্যদলসমূহেও অংশগ্ৰহণ কৰিছিল।

আৰম্ভণিৰ পৰাই "হাইজিন থিয়েটাৰ"ৰ নৱ-প্ৰায়োগিক আন্দোলনৰ নেতৃত্ব দি নাট্যকলাৰ সৈতে জড়িত অঞ্চলটোৰ অন্যতম ব্যক্তি প্ৰয়াত শুক্ৰাচাৰ্য্য ৰাভাই প্ৰকৃতিৰ সৈতে পাৰস্পৰিক সহজীৱীতামূলক সম্পৰ্ক স্থাপনৰ জৰিয়তে সহ-নিৰ্ভৰশীলতাৰ গুৰুত্ব প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ মাজত নাট মহোৎসৱৰ আয়োজন কৰিছিল। এইবাৰ এই মহোৎসৱ অসমৰ মুখ্যমন্ত্ৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, ইণ্ডিয়ান অইল লিমিটেড কৰ্প’ৰেশ্যন আৰু বঙাইগাঁও শোধনাগাৰৰ সহযোগত অনুষ্ঠিত কৰা হ’ব। সংবাদ মেলত বাদুংদুপ্পাৰ সদস্য ৰাহুল দেৱনাথ উপস্থিত থাকি এই মহোৎসৱৰ সফলতা কামনা কৰে।