Logo
image

জিলিকি জিলিকা... নিজৰ গানৰ দুৰৱস্থাত ক্ষুব্ধ দ্বীপেন বৰুৱা

ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: নিজে গোৱা গানৰ দুৰৱস্থাত বাৰুকৈয়ে ক্ষুব্ধ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীপেন বৰুৱা৷  বিশেষকৈ যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গে  দীপেন বৰুৱাৰ গানক কোবাই মিলি হাত-ভৰি ভাঙি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে৷ ড॰ বি আৰ আম্বেদকাৰৰ মহাপ্ৰয়াণৰ দিন উপলক্ষে বুধবাৰে নলবাৰীত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা সময়ত শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে শিল্পী দীপেন বৰুৱাই৷ শিল্পীজনে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে  উপস্থিত দৰ্শকে ‘জুবিন গাৰ্গৰ জিলিকি জিলিকা... গানটো গাব লাগে’ বুলি চিঞৰি চিঞৰি অনুৰোধ জনায়৷ তেতিয়াই দৰ্শকসকলক উদ্দেশ্যি জুবিন গাৰ্গে কয়– ‘‘জিলিকি জিলিকা... কেনেকৈ জুবিনৰ নতুন গান হ’ল৷ আমাৰ গীতটোকে হয়তো অলপ কিবাকিবি কৰি ইউটিউবত এৰি দিছে৷ মোৰ বেয়া লাগিছে৷ ‘ড॰ বেজবৰুৱা’ নামৰ চিনেমাখনৰ বাবে এই গীতটো লিখিছিল ব্ৰজেন বৰুৱাই৷ গীতটোত কণ্ঠদান কৰিছিলো মই৷ আনকি ‘কি নাম দি মাতিম...’ গীতটোও মই গাইছিলো৷ দুয়োটা গানেই মানুহৰ হূদয় চুই গৈছিল৷ জুবিন গাৰ্গে গোৱা কিছুমান গীতৰ সুৰ আৰু কথা অশুদ্ধ৷ নিজৰ ইচ্ছা মতে গীতবোৰ কোবাই মেলি ভৰি-হাত ভাঙি দিছে৷ মৃত্যুৰ আগত এইবোৰ চোৱাৰ ইচ্ছা নাছিল৷ কিন্তু উপায় নাই৷ জুবিন গাৰ্গে কিছুমান গান ভুলকৈ গাইছে৷ শব্দ ভুল হৈছে৷ জুবিন গাৰ্গে গোৱা গীতৰ কথা-সুৰ অশুদ্ধ৷ জুবিনে অন্ততঃ এবাৰ মোক ক’ব পাৰিলেহেঁতেন আপোনাৰ গান এনেদৰে গাব খুজিছো বুলি৷ এলি আহমেদে লিখা গীত এটিৰ শব্দ, কথা ভুল আছে৷ এনেবোৰ ভুল হ’লে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয়৷ আমাৰ অনুমতি নোলোৱাকৈ তেওঁ এইবোৰ কৰিছে৷ আমাৰ ঘৰলৈ আহিলে বুজাই দিলোহেঁতেন কেনেকৈ কৰিব লাগে৷ কিন্তু সেই সৌজন্যখিনি তেওঁ নাজানিলে৷ গতিকে মনৰ ক্ষোভ উজাৰিছোঁ৷ সেইবাবে গীতিকাৰৰ ওচৰলৈ গৈ শুদ্ধকৈ শিকি লৈহে গান গালে ভাল লাগে৷ জীয়াই থাকোঁতেই অশুদ্ধকৈ গান শুনিলে বৰ বেয়া লাগে৷ ভৱিষ্যতে শুদ্ধকৈ গীত পৰিৱেশন কৰিবলৈ  জুবিনক আহ৩ান জনালো৷ অৱশ্যে জুবিনৰ গোটেই কেইটা গান বেয়া বুলি মই ক’ব বিচৰা নাই৷ কেৱল অকণমান নতুনত্ব কৰিছে৷ ঠিকেই আছে৷ আমি অলপ দিগদাৰি পাইছোঁ৷ তাৰ বাবে দোষ নিদিওঁ৷ বেয়া বুলিও নকওঁ৷’’