Logo
image

বিক্ষোভৰ মাজতে নিশা চিৰিয়াখানাৰ পৰা গোপনে চালান গঁড়

ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: অসমবাসীৰ প্ৰবল আপত্তিৰ তথা প্ৰতিবাদকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে মুকেশ আম্বানিৰ পুত্ৰৰ মালিকানাধীন ৰিলায়েন্সৰ চিৰিয়াখানালৈ নিশা গোপনে চালান দিলে অসম গৌৰৱ দুটাকৈ এশিঙীয়া গঁড়৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বৃহস্পতিবাৰে পুৱতি নিশা দুটা গঁড়ৰ লগতে বান্দৰ আৰু হৰিণাকে ধৰি একাধিক জীৱ-জন্তু ছখনকৈ ট্ৰাকত ৰিলায়েন্সৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰে অসম চৰকাৰে৷ চিৰিয়াখানাৰ সুৰক্ষা মঞ্চৰ প্ৰতিবাদৰ পাছতো  পুৱতি নিশা চিৰিয়াখানাৰ ডি এফ অ’ অশ্বিনী কুমাৰে নিজেই সুৰক্ষা দি বন্যপ্ৰাণীভৰ্তি ট্ৰাককেইখন চিৰিয়াখানাৰ চৌহদৰ পৰা উলিয়াই পঠায়৷ স্বাভাৱিকতেই এতিয়া অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুষ্প্ৰাপ্য জীৱ-জন্তু মুকেশ আম্বানিৰ মালিকানাধীন চিৰিয়াখানালৈ প্ৰেৰণ কৰা দীৰ্ঘদিনীয়া অভিযোগ সত্য প্ৰমাণিত হ’ল৷ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে পুৱতি নিশা পৰ্যন্ত ৰাজ্যিক চিৰিয়াখানাত পহৰা দি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও চিৰিয়াখানা কৰ্তৃপক্ষই উক্ত প্ৰতিবাদক কোনো ভ্ৰূক্ষেপ নকৰি বহু সংখ্যক জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷ এই সন্দৰ্ভত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই অভিযোগ কৰি কয়– অসমৰ পৰা এটাৰ পাছত এটাকৈ বন্য জন্তু আম্বানিৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছে৷ ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ৰ নেতৃত্বত আম্বানিৰ মানুহে অসমৰ চিৰিয়াখানাৰ পৰা অসংখ্য দুষ্প্ৰাপ্য বন্যপ্ৰাণী লৈ গৈছে৷ পুৱতি নিশা দুখন ট্ৰাক আৰু তিনিখন সৰু গাড়ীত অসংখ্য আপুৰুগীয়া বন্যপ্ৰাণী চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ লৈ যোৱা হয়৷ এই কাৰ্যৰ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সদস্যসকলে প্ৰতিবাদ কৰিছিলোঁ যদিও বলপূৰ্বকভাৱে জন্তুবোৰ লৈ যায়৷ ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগতো মঞ্চই চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ জানিব পৰা অনুসৰি পুৱতি নিশা ৯টা প্ৰজাতিৰ বান্দৰ, দুটা গঁড়ৰ পোৱালি, কেইবাটাও ৮ শিঙীয়া হৰিণাকে ধৰি একাধিক জন্তু বাহনেৰে লৈ যোৱা হয়৷ কিছুদিন পূৰ্বেও চিৰিয়াখানাৰ পৰা জন্তুবোৰ সৰবৰাহৰ চেষ্টা চলাইছিল যদিও ৰাইজৰ প্ৰতিবাদৰ বাবে সেয়া সফল হোৱা নাছিল৷ অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা লৈ যাবলৈ সক্ষম হয় জন্তকেইটা৷ ৰাজকুমাৰ বৈশ্যৰ অভিযোগ মতে ২০১৮ চনৰ পৰা এতিয়ালৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১১০০ ৰো অধিক জীৱ-জন্তু আদান-প্ৰদানৰ নামত বাহিৰলৈ নিয়া হৈছে৷ বিশেষকৈ আদান-প্ৰদানৰ নামত গুজৰাটৰ জামনগৰত থকা আম্বানি মালিকানাধীন চিৰিয়াখানালৈ ৰাজ্যিক চিৰিয়াখানাৰ জন্তু স্থানান্তৰিত কৰা হৈছে৷ বিনিময়ত অসম ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিছে মাত্ৰ ১৯টা জন্তু৷