লং উপকাৰী হ’লেও বিপদো মাতিব পাৰে
লং স্বাস্থ্যৰ বাবে উপকাৰী যদিও কেতিয়াবা ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে৷ চৰ্দি-কাহৰ দৰে সমস্যাত লং খালে সুফল পোৱা যায়৷ বিভিন্ন ধৰণৰ ব্যঞ্জনত লং দিলে খাবলৈ সুস্বাদু হয়৷ কিন্তু অতিৰিক্তভাৱে লং খালে অনেক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
⬛ লঙৰ এটা প্ৰধান উপাদান হৈছে নাইজেৰিছিন৷ চিকিৎসকৰ মতে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত এই নাইজেৰিছিনে সহায় কৰে৷ লঙত থকা এই উপাদানে ইনছুলিন উৎপাদনকাৰী কোষৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ডায়েবেটিছ থাকিলে লং খালে নিয়ন্ত্ৰণত থাকে৷
⬛ চৰ্দি-কাহ, মূৰৰ বিষ আদিত লং আৰু লংতেল অতি উপকাৰী৷
⬛ লঙত থকা এণ্টিবেক্টেৰিয়া আৰু এণ্টি ইনফ্লেমেটৰীয়ে দাঁতৰ বিষত কাম দিয়ে অৰ্থাৎ লং খালে দাঁতৰ বিষৰ পৰা উপশম পাব পাৰি৷
⬛ বিভিন্ন কাৰণত পাকস্থলীত আলছাৰ হ’ব পাৰে৷ এনেক্ষেত্ৰত লং খালে ভাল ফল পাব পাৰি৷ লঙে সংক্ৰমণ ৰোধ কৰে৷
অতিৰিক্তভাৱে লং খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে
⬛ যাৰ তেজত শৰ্কৰাৰ মাত্ৰা কম, তেনে লোকে মাত্ৰাধিক লং খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷
⬛ লং বেছিকৈ খালে এলাৰ্জিজনিত সমস্যা হ’ব পাৰে৷ সেয়েহে লং খোৱাৰ পাছত ইয়াৰ পাশ্বৰ্ক্ৰিয়া কি হ’ব পাৰে তাক লৈ সজাগ হোৱা উচিত৷
⬛ লং খোৱাৰ পাছত যদি খুজুৱতিৰ দৰে অনুভৱ হয় তেতিয়া লগে লগে লং খোৱা বন্ধ কৰিব লাগে৷