Logo
image

কাৰ্বি আংলঙত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক: কাৰ্বি আংলং জিলাত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে ৭ কোটি টকাৰ  নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আৰু বোকাজানৰ এছডিপিঅ’ জন দাসৰ নেতৃত্বত কাৰ্বি আংলং আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে নিশাৰ ভাগত খটখটি এলেকাত অভিযান আৰম্ভ কৰিছিল। তালাচীৰ সময়তে NL-02-N-3752 আৰু MN-01-9912 নম্বৰৰ দুখন ট্ৰাকৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়।

তেওঁলোকে জনোৱা মতে, তালাচীৰ সময়ত গাড়ী দুখনৰ পৰা ৩০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৭৫৭ গ্ৰাম হেৰ’ইন থকা ৫৫টা চাবোনৰ কেচ উদ্ধাৰ কৰা হৈছে।জব্দ কৰা ড্ৰাগছৰ আনুমানিক মূল্য প্ৰায় ৭ কোটি টকা হ'ব বুলি  বোকাজানৰ এছডিপিঅ’ জন দাসে জনায়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইছলাম উদ্দিন (২৯ বছৰ), মহম্মদ সমীৰ (৩৩ বছৰ), আৰু  মনৌবি (৩৫ বছৰ) নামৰ তিনি সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে।