Logo
image

নিস্পৃহ-উদাসীন নাগৰিক

দিল্লীৰ পৌৰ নিগমৰ লগতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ অন্ত পৰিল৷ তিনিওটা নিৰ্বাচনত তিনিটা দলে জয়লাভ কৰিলে৷ নিৰ্বাচনৰ ফলাফল শেষত নিৰ্ণয় কৰে এটা দিনৰ বাবে আন কাম বাদ দি দীঘলীয়া শাৰীত দীঘলীয়া সময়ৰ বাবে থিয় হৈ ভোট দিয়া নাগৰিকসকলে৷ বহু খুঁত থকাৰ পাছতো গণতন্ত্ৰ আটাইতকৈ উত্তম শাসন ব্যৱস্থা৷ একমাত্ৰ গণতন্ত্ৰতহে কোনো যুদ্ধ-বিগ্ৰহ নোহোৱাকৈ, ৰক্তপাত  নোহোৱাকৈ ক্ষমতাৰ হস্তান্তৰ হয়৷ ৰাস্তাৰ মানুহ গৈ ৰাজপাটত বহিব পাৰে আৰু সেই ক্ষমতা হস্তান্তৰিত হয় সাধাৰণ মানুহে দিয়া ভোটেৰে৷ ৰাস্তাৰ মানুহে নিৰ্ণয় কৰে ৰাজপাটত কোন বহিব৷ ইতিমধ্যে ক্ষমতাত অধিষ্ঠিতসকলেও পাঁচ বছৰৰ মূৰত ক্ষমতাত বৰ্তি থাকিবলৈ ভোটেৰে জনাদেশ ল’ব লগা হয়, জনমত গ্ৰহণ কৰিব লগা হয়৷ আন কোনো শাসন ব্যৱস্থাত শাসকে এনে আহুকালৰ সন্মুখীন হ’ব লগা নহয়৷ গণতন্ত্ৰৰ বহু খুঁত থকাৰ পাছতো সেয়েহে মানুহে এতিয়ালৈ বিকাশ ঘটোৱা শাসন ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰ আটাইতকৈ উত্তম ব্যৱস্থা৷ ভোটদাতা নাগৰিক গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী উপাদান আৰু এই ভোটদাতাই হ’ল গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আৰু খুঁত, কাৰণ নিজৰ দায়িত্ব আৰু অধিকাৰ বুজি পোৱা  সচেতন আৰু সক্ৰিয় নাগৰিক আৰু তেনে নাগৰিকৰ অংশগ্ৰহণ সুস্থ শক্তিশালী গণতন্ত্ৰ বৰ্তি থকাৰ অপৰিহাৰ্য পূৰ্বচৰ্ত৷ নাগৰিক এজনে জানিব লাগিব তেওঁৰ দায়িত্ব আৰু অধিকাৰ কি, সেই সচেতনতাৰে তেওঁ গণতন্ত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব৷ নিজৰ দায়িত্ব আৰু অধিকাৰ বুজি পোৱা সচেতন নাগৰিকে যদি সক্ৰিয় অংশগ্ৰহণ নকৰে আৰু সক্ৰিয় অংশগ্ৰহণ  কৰাসকল যদি নিজৰ অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত সচেতন নহয়, তেনেহ’লে গণতন্ত্ৰ নিখুঁত হ’ব নোৱাৰে৷ কিন্তু তেনে সচেতন আৰু সক্ৰিয় নাগৰিকৰ সংখ্যা কিমান? বৰং যিসকল সচেতন কিন্তু সক্ৰিয় নহয় আৰু যিসকল সক্ৰিয় কিন্তু সচেতন নহয়, তেনে ভোটাৰৰ পৰিমাণ সৰহ হ’লে ৰাজনীতিকে নানা উপায়েৰে তেনে ভোটাৰৰ ভোট হাচিল কৰি ক্ষমতা লাভ কৰাৰ চেষ্টা চলাব পাৰে৷ ইয়াৰ ফলত নিৰ্বাচনবোৰ বিকৃত হৈ পৰে৷ যিসকল সচেতন তেওঁলোকে যদি ভোট দিবলৈ নাহে, আৰু যিসকল ভোট দিবলৈ আহে তেওঁলোক সচেতন নোহোৱাৰ বাবে বিভিন্ন উপায়েৰে তেওঁলোকক প্ৰভাৱান্বিত কৰাৰ যদি সুযোগ থাকে, তেনেহ’লে ৰাজনীতিকে তেনে ভোটাৰক  নানা উপায়েৰে প্ৰভাৱান্বিত কৰাৰ চেষ্টা চলাব৷

গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীকে ধৰি বৰ বৰ নেতাৰ অবিৰত অংশগ্ৰহণৰ পাছতো ৬৪.৩৩ শতাংশ ভোটাৰে ভোট দিলে, অৰ্থাৎ  প্ৰতি এশজন ভোটাৰৰ ৩৬জনে ভোট দিবলৈ নাহিল৷ গুজৰাটৰ মুঠ ৪.৯১ কোটি ভোটাৰৰ ৩.১৬ কোটি ভোটাৰে ভোট দিলে, অৰ্থাৎ ১ কোটি ৭৫ লাখ ভোটাৰে ভোট দিবলৈকে নাহিল৷ এই নিস্পৃহ-উদাসীন নাগৰিকসকলে গুজৰাটৰ শাসন কাৰ হাতলৈ যাব তাক লৈ অকণো উৎসাহ নেদেখুৱালে৷ তেওঁলোকে যদি ভাবিলেহেঁতেন যে নিজৰ ৰাজ্যখনৰ শাসনত কোন অধিষ্ঠিত হ’ব সেয়া তেওঁলোকৰ জীৱনৰ বাবেও এটা গুৰুত্বপূৰ্ণ ঘটনা, তেতিয়াহ’লে তেওঁলোকেও নিশ্চয় ভোট দিবলৈ আহিলহেঁতেন৷ এই উদাসীন-নিস্পৃহ ভোটাৰসকলে কিয় ভোট দিবলৈ নাহিল? তেওঁলোকে ভাবে নেকি যে ৰাজ্যখনৰ ক্ষমতাত যিয়েই অধিষ্ঠিত নহওক  কিয় তেওঁলোকৰ জীৱনলৈ তাৰ ফলত কোনো পৰিৱৰ্তন নাহে? অথবা তেওঁলোকে ভাবে নেকি যে তেওঁলোকে ভোট দিলেও নিৰ্বাচনৰ ফলাফলত তাৰ কোনো প্ৰভাৱ নপৰে, কাৰণ তেওঁলোকে ভোট দিব বিচৰা প্ৰাৰ্থীজন কেতিয়াও জয়ী নহয়৷ যিজন পৰাজিত হ’ব তেওঁক ভোট দি সময় নষ্ট কৰাৰ কি অৰ্থ আছে? এফালে প্ৰধানমন্ত্ৰীৰ ৫ কিলোমিটাৰ দীঘল ৰোড-শ্ব’, প্ৰচাৰ মাধ্যম, ছ’চিয়েল মিডিয়াৰ অন্তহীন কোৰ্হাল আৰু আনফালে গুজৰাটৰ ৩৬ শতাংশ ভোটাৰৰ তীব্ৰ অনীহা, এই দুয়োটা খাপচাৰা নহয়নে? গুজৰাটৰ জনাদেশত ৩৬ শতাংশ নাগৰিকৰ মতামত প্ৰতিফলিত হোৱা নাই, এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ কেনেকৈ হ’ব পাৰে? হিমাচল  প্ৰদেশতো ৬৬ শতাংশ ভোটাৰে ভোট দিলে, অৰ্থাৎ প্ৰতি এশজন ভোটাৰৰ ৩৪জন ভোটাৰ ভোট দিবলৈকে নাহিল৷

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত ৫০.৪৯ শতাংশ ভোটাৰে ভোট দিলে, অৰ্থাৎ মুঠ ভোটাৰৰ  আধাসংখ্যকে ভোট দিবলৈকে নাহিল৷ বৰ বৰ নেতা জড়িত হৈ পৰা দেশৰ ৰাজধানীখনৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰৰ এই অনীহাৰ কাৰণ কি? গুজৰাট, হিমাচল আৰু দিল্লীত তিনিটা সুকীয়া দল জয়ী হৈছে আৰু তিনিওখন ঠাইতেই ভোটাৰৰ এই অনীহা দেখা গৈছে৷ 

মহাপুৰুষ মাধৱদেৱে যিসকল ভকত ইমানেই নিস্পৃহ যে তেওঁলোক মুক্তি লাভৰ প্ৰতিও নিস্পৃহ, তেওঁলোকক প্ৰণাম জনাইছে৷ কিন্তু নিস্পৃহ উদাসীন ভোটাৰক গণতন্ত্ৰত তেওঁলোকৰ নিস্পৃহতাৰ বাবে আদৰণি জনাব নোৱাৰি৷ তেওঁলোকৰ নিস্পৃহতাই নিৰ্বাচনৰ ফলাফলত ব্যাপক প্ৰভাৱ পেলায়৷ নিৰ্বাচনেৰে দিয়া জনাদেশক বিকৃত কৰি পেলায়৷

নাগৰিকৰ এই নিস্পৃহতা আৰু উদাসীনতা কেনেকৈ আঁতৰাব পাৰি সেই সন্দৰ্ভত গভীৰ চিন্তা-চৰ্চা হ’ব লাগে আৰু এই চিন্তা-চৰ্চা হ’ব লাগে ৰাজনীতিৰ স’তে জড়িতসকলৰ মাজত৷ ৰাজনৈতিক দলবোৰে এইক্ষেত্ৰত আগভাগ ল’ব লাগে৷ আটাইতকৈ শংকাৰ বিষয় হ’ল যে চহৰাঞ্চলত য’ত শিক্ষিত-সচেতন মানুহৰ সংখ্যা আটাইতকৈ অধিক, তাতেই ভোটাৰৰ সংখ্যা আটাইতকৈ কম৷ নিস্পৃহ উদাসীন ভোটাৰৰ দেশত সুুস্থ গণতন্ত্ৰ দূৰৰ কথা, গণতন্ত্ৰৰ অস্তিত্বই সংকটাপন্ন হৈ পৰাটো স্বাভাৱিক৷