পুৱাই খালীপেটত নেমুপানী খোৱাটো কিমান উপকাৰী
বহুতেই পুৱা খালী পেটত গৰমপানীৰ সৈতে নেমুৰস মিহলাই খায়৷ অতিৰিক্ত মেদৰ পৰা পৰিত্ৰাণ পাবলৈ নেমুৰস খোৱাৰ অভ্যাস কৰে বহুতে৷ কিন্তু এই অভ্যাস কিমান উপকাৰী? খালী পেটত নেমুৰস খাই আপুনি স্বাস্থ্যৰ অপকাৰ মাতি অনা নাইতো? চিকিৎসকৰ মতে পুৱাই খালী পেটত নেমুপানী খালে কিছুদিনৰ পাছতে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বিশেষকৈ ভোক নলগা, বমি আৰু এচিডিটিৰ সমস্যাই দেখা দিব পাৰে৷ নেমু স্বাস্থ্যৰ বাবে উপকাৰী যদিও খালী পেটত খোৱাটো যথেষ্ট ক্ষতিকাৰক৷ নেমুত থকা ভিটামিন ‘চি’য়ে হাড় আৰু দাঁত মজবুত কৰে৷ কিন্তু পুৱাই নেমু খোৱাটো অপকাৰী৷ উল্লেখ কৰা হ’ল খালী পেটত নেমু পানী খালে হোৱা অপকাৰিতা–
[১] শেহতীয়া এক গৱেষণাত পোৱা তথ্য মতে কোমল পানীয় পান কৰাৰ ফলত দাঁতৰ যি ক্ষতি হয়, সেই একেই ক্ষতি হ’ব পাৰে খালী পেটত গৰমপানীৰ সৈতে নেমুৰ ৰস মিহলাই খালে৷ তদুপৰি প্ৰতিদিনে খালী পেটত নেমুৰ ৰস খাই যদি অন্ততঃ দুবাৰ দাঁত ব্ৰাছ কৰা নহয় তেন্তে দাঁতৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷
[২] খালী পেটত নেমুপানী খালে দেহৰ বাবে প্ৰয়োজনীয় পেপছিন নাইকিয়া হয়৷ পেপছিনে হজমত সহায় কৰে৷ আনহাতে চাইট্ৰিক এচিডে দেহৰ বাবে ক্ষতিকাৰক এনজাইম প্ৰস্তুত কৰে৷ ফলত খাদ্য বস্তু সহজে হজম নহয়৷ সেয়ে হজম শক্তি ঠিকে ৰাখিবলৈ খালী পেটত নেমুৰ ৰস খোৱাৰ পৰা বিৰত থাকক৷
[৩] আমাৰ শৰীৰৰ বাবে ভিটামিন ‘চি’ জৰুৰী৷ কিন্তু অতিৰিক্ত ভিটামিন ‘চি’য়ে স্বাস্থ্যৰ ক্ষতি কৰে৷ অত্যধিক নেমু বা নেমুৰ ৰস খাই থাকিলে এচিডিটিৰ সমস্যাই দেখা দিব পাৰে৷ লগতে হ’ব পাৰে বমি ভাব৷
[৪] গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খালে শৰীৰত ডিটক্সিফিকেশ্বন হোৱাত সহায় কৰে৷ ফলত বাৰে বাৰে প্ৰস্ৰাৱ লাগে৷ তদুপৰি পেটফুলা আৰু মাংসপেশীসমূহ টান হোৱা সমস্যাই দেখা দিব পাৰে৷ সঘনাই প্ৰস্ৰাৱ হ’লে দেহৰ পৰা ছডিয়াম আৰু ইলেক্ট্ৰলাইট ওলাই যায়৷ ফলত বিভিন্ন ধৰণৰ অসুস্থতাই দেখা দিব পাৰে৷
[৫] আমাৰ দেহৰ বাবে এটি প্ৰয়োজনীয় উপাদান হৈছে আইৰণ৷ ভিটামিন ‘চি’য়ে তেজত আইৰণৰ মাত্ৰা বৃদ্ধি কৰে৷ আইৰণৰ মাত্ৰা বৃদ্ধি হোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ খালী পেটত নেমুপানী খোৱাৰ পৰা বিৰত থাকক৷