Logo
image

৪০ বছৰীয়া ৰাজনৈতিক জীৱনত এনে অভিজ্ঞতা পোৱা নাই : খালী চকী দেখি খং উঠিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ডিজিটেল ডেস্ক : শ্বহীদ দিৱস উপলক্ষে নলবাৰীৰ এক অনুষ্ঠানত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ অনুষ্ঠানত বিজেপি কৰ্মকৰ্তাসকলে যিমান সংখ্যক লোকৰ বাবে আসনৰ ব্যৱস্থা কৰিছিল, সেই অনুপাতে ৰাইজৰ উপস্থিতি তেনেই তাকৰ হ'ল৷ ইফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ দিয়াৰ সময়ত সন্মুখত আছিল কেৱল শাৰী শাৰী খালী চকী৷ খালী চকী দেখি খং উটিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷

খালী চকী দেখি মঞ্চৰ কাষতে থকা বিজেপি কৰ্মকৰ্তাসকলক ধমক দিলে মন্ত্ৰীগৰাকীয়ে৷ মঞ্চৰ কাষত নাথাকি দলৰ কৰ্মকৰ্তাসকলক সন্মুখৰ চকীত বহিবলৈ কয় মন্ত্ৰী পাটোৱাৰীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এনেকুৱা ক'তো দেখা নাই৷ ৰাজ্যিক সভাপতিয়ে ভাষণ দিয়াৰ সময়ত দলৰ কৰ্মকৰ্তাসকলে সন্মুখত খালী চকী যাতে নাথাকে তাৰ ওপৰত নজৰ ৰাখিব লাগিছিল৷ ৪০ বছৰীয়া ৰাজনৈতিক জীৱনত এনে অভিজ্ঞতা পোৱা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ 

পৰৱৰ্তী সময়ত খং সংযম কৰি পুনৰ ভাষণ দিবলৈ আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে৷ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে সাংসদ দিলীপ শইকীয়া৷