খাদ্যত বিহ : প্ৰত্যাহ্বান আৰু কৰণীয়
সমগ্ৰ বিশ্বত থকা বা উৎপাদিত ক্ষতিকাৰক ৰাসায়নিক যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ভিত্তিত শ্ৰেণী বিভাজন কৰিবৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত গ্ল’বেলী হাৰম’নাইজ্ড ছিষ্টেম অৱ ক্লাছিফিকেচন এণ্ড লেবেলিং অৱ কেমিকেলছ (জিএইচএছ) নামৰ এটা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আছে৷ এই ব্যৱস্থাটোৱে সকলো ক্ষতিকাৰক ৰাসায়নিক যৌগৰ ধৰ্ম আৰু ক্ষতিকাৰক দিশবোৰ বিচাৰ কৰি যৌগসমূহক ক্ষতি কৰিব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল, জিএইচএছে ফৰ্মেল ডি-হাইড বা ফৰ্মেলিনক ‘ডেঞ্জাৰ’ বা ‘বিপদ সংকুল’ শ্ৰেণীত ৰাখিছে৷ এই যৌগবিধে জীৱকুলৰ কিমান ক্ষতি কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আৰু লগতে মানুহৰ মাজত ইয়াৰ বিষয়ে সজাগতা আনিবৰ বাবেই ইয়াক ‘ডেঞ্জাৰ’ জ’নত ৰখা হৈছে৷ বায়ুমণ্ডলত গেছীয় অৱস্থাত থকা ফৰ্মেল ডি-হাইডে জীৱিত প্ৰাণীৰ বিস্তৰ ক্ষতি কৰিব পাৰে৷ বিশেষজ্ঞৰ মতে ০.১ পি পি এমতকৈ অধিক পৰিমাণৰ গেছীয় ফৰ্মেল ডি-হাইডে চকুৰ পোৰণি, মূৰৰ বিষ, ডিঙি জ্বলা-পোৰা আদি সমস্যা সৃষ্টি কৰাৰ লগতে এই ফৰ্মেল ডি-হাইডৰ প্ৰভাৱত মানুহৰ শ্বাসনলী আৰু হাঁওফাঁওৰ সংকোচন হ’বলৈ ধৰে৷ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত মানুহে উশাহ-নিশাহত কষ্ট পাবলৈ আৰম্ভ কৰে৷ এজমা ৰোগীৰ বাবেতো ই যমদূত৷ নাকত ঘা সৃষ্টি কৰাৰ লগতে ই সুস্থ মানুহকো এজমা বেমাৰী কৰিব পাৰে৷ ছালৰ সংস্পৰ্শলৈ আহিলে ছালৰ বিভিন্ন ৰোগে দেখা দিব পাৰে৷ কিন্তু আটাইতকৈ ভয়ানক কথাটো হ’ল, খাদ্যবস্তুৰ লগত যেতিয়া ই আমাৰ পাকস্থলীত প্ৰৱেশ কৰে, ফৰ্মেলিনে আমাৰ খাদ্য হজম প্ৰক্ৰিয়াটো মন্থৰ কৰি তোলাৰ বাবে সেৱন কৰা ব্যক্তিজনে বদহজম, পেট ফুলা, বমি হোৱা আদি পেটৰ সমস্যাত ভুগিবলগীয়া হয়৷ পেটৰ ভিতৰত ঘাৰ সৃষ্টি কৰি মেলিনাৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ফৰ্মেলিনৰ প্ৰভাৱত যকৃতো বিকল হয়৷ প্ৰাকৃতিকভাৱে আমাৰ তেজত ০.১ মিলিম’লাৰ ফৰ্মেলিন থাকে৷ তেজত এই মাত্ৰাতকৈ অধিক ফৰ্মেলিনৰ উপস্থিতিয়ে এচিড’চিছ নামৰ এবিধ ৰোগৰ সৃষ্টি কৰি ৰোগীৰ মৃত্যুপৰ্যন্ত ঘটাব পাৰে৷ পৰীক্ষা কৰি দেখা গৈছে যে মাত্ৰ ৩৩৩পি পি এম ফৰ্মেলিন দিয়া এন্দুৰ মাত্ৰ দুঘণ্টা জীয়াই থাকে৷ ফৰ্মেলিনৰ মানুহৰ কিডনী বিকল কৰিব পৰা ক্ষমতা থকাৰ লগতে জীৱৰ কোষত থকা ডিএনএৰ লগত সংযোজিত হৈ ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে বিলুপ্ত কৰি পেলায়৷ মানুহৰ দেহত কেঞ্চাৰ সৃষ্টিত ইয়াৰ অৱদান অপৰিসীম৷ ১৯৯৫ চনতেই বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনৰ ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছাৰ্চ অন কেঞ্চাৰ (আই এআৰচি)-এ ফৰ্মেল ডি-হাইডক মানৱ শৰীৰত কেঞ্চাৰ সৃষ্টি কৰিব পৰা যৌগ হিচাপে শ্ৰেণী বিভাজন কৰে৷ নাকৰ লগতে বিভিন্ন প্ৰকাৰৰ তেজৰ কেঞ্চাৰৰো মূলতেই এই ফৰ্মেল ডি-হাইড বুলি জনা গৈছে৷ ২০১১ চনত আমেৰিকা যুক্তৰাজ্যৰ নেচনেল টক্সিক’লজী প্ৰগ্ৰেমেও ফৰ্মেল ডি-হাইড বা ফৰ্মেলিনক মানৱ কেঞ্চাৰ সৃষ্টিকাৰী যৌগ হিচাপে চিহ্নিত কৰে৷
এতিয়া ভয়ংকৰ কথাটো হ’ল, খাদ্য সংৰক্ষণৰ নামত বহু ব্যৱসায়ীয়ে এই ফৰ্মেলিনৰ ব্যাপক ব্যৱহাৰ কৰে৷ চালানী মাছ, ফল-মূল, পেকেট খাদ্য আদিত ইয়াৰ ব্যৱহাৰ যথেষ্ট৷ পৰিতাপৰ কথাটো হ’ল, ইয়াৰ বিষাক্ত মাত্ৰাৰ বিষয়ে আমি জ্ঞাত নহয়৷ ফৰ্মেলিন নামৰ এই বৰবিহে যে আমাক মৃত্যুৰ কৰাল গহ্বৰলৈ এখোজ দুখোজকৈ লৈ গৈ আছে, আমি হয়তো গমেই পোৱা নাই৷ লক্ষণীয়ভাৱে, গম পোৱাৰ পাছতো হয়তো আমি কেৰেপ নকৰোঁ৷ অকল ফৰ্মেলিনেই নহয়, ফল-মূল পকাবৰ বাবে ব্যৱহৃত কাৰ্বাইড, বিভিন্ন খাদ্য সংৰক্ষণৰ বাবে ব্যৱহৃত নাইট্ৰাইট, ছালফাইড, বিউটাইলছ, বিউটাইল হাইড্ৰক্সিএনাইছ’ল আদি ৰাসায়নিক যৌগও শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক৷ খাদ্যসামগ্ৰীত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ ৰঙো শৰীৰৰ বাবে মাৰাত্মক৷
আচৰিত হ’বলগীয়া প্ৰসংগটো হৈছে, যিখন ৰাজ্যত ২খন বিশাল নদী, ৫৩খন তাৰ উপনৈ, ১,১৯৭খন বিল, ৩,৮৮২টা জলাশয়, ৩,৬৯,৩০৮টা পুখুৰী আছে আৰু এইসমূহত প্ৰায় ২১৭ প্ৰজাতিৰ বিভিন্ন মাছ আছে, সেইখন ৰাজ্যতো ৰাইজে কিয় অন্ধ্ৰ প্ৰদেশ, কানপুৰ, ঝাৰখণ্ড আদিৰ পৰা আমদানিকৃত ফৰ্মেলিন দিয়া মাছ খাবলগীয়া হৈছে? থলুৱা মাছৰ বজাৰখনো ফৰ্মেলিন, ইউৰিয়াই গ্ৰাস কৰিছে৷ মাত্ৰাধিক সাৰ দিয়া শাক-পাচলিৰে বজাৰ উভৈনদী৷ ইমানৰ পাছতো আমাৰ সচেতনতা নাই৷ আমি অসমীয়াই বিষাক্ত ৰাসায়নিক যৌগবিহীন এক শস্য বিপ্লৱ গঢ়ি তোলাত ব্যৰ্থ৷ হিতাধিকাৰীৰ ৰাজনীতিয়ে এই আশা আৰু নিৰ্বাপিত কৰিছে৷ চৰকাৰে জৈৱ শস্য বিপ্লৱ গঢ়ি তোলাত ব্যৰ্থ৷ মাছ-মাংস, শাক-পাচলি, ফল-মূলৰ নামত ৰাসায়নিক যৌগ খাবলৈ আমি বাধ্য৷ কাৰণটো হ’ল, থলুৱা অসমীয়াই খেতি নকৰে৷ ৰাজ্যখনত খেতি কৰাৰ এক সুস্থ পৰিৱেশ নাই৷ আন্দোলন বহুত কৰিলোঁ৷ বিদেশী খেদাৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কলৈকে৷ ইয়াৰে বেছিসংখ্যক আন্দোলনৰে প্ৰয়োজনীয়তাক নস্যাৎ কৰিব নোৱাৰি৷ কিন্তু কোনোদিনে হ’লে এক কৰ্ম আন্দোলন গঢ়ি তুলিব নোৱাৰিলোঁ৷ উদীয়মান অসমীয়া ডেকাক ৰাজপথলৈ অনাৰ সলনি কৰ্মস্থানলৈ নিব নোৱাৰিলোঁ৷ কৃষকক দিছপুৰলৈ অনাৰ পৰিৱৰ্তে পথাৰলৈ নিব নোৱাৰিলোঁ৷ সকলো জগৰীয়া– সংগঠন, সংগঠনৰ নেতা, অভিভাৱক, চৰকাৰ, চৰকাৰৰ কৰ্মচাৰী, চৰকাৰী আঁচনি সকলো৷ কম-বেছি পৰিমাণে ভুল সকলোৰে৷ জাতিটোৰ আন্দোলনমুখী আৰু কৰ্মবিমুখ স্বভাৱৰ লগতে মাত্ৰাধিক আৱেগ প্ৰৱণতাৰ বাবেই আমাৰ গ্ৰাম্য অৰ্থনীতি তেনেই ভাগি পৰিছে৷ অৰ্থনীতি বাদেই দিলোঁ৷ জীৱ থাকিলেহে জাতি থাকিব৷ প্ৰথমে জীৱন বচাওক, পাছত জাতি বচাব৷ সময় থাকোঁতেই এই সত্য সকলোৱে উপলব্ধি কৰা ভাল যে ফৰ্মেলিন, ইউৰিয়াৰ কৰাল গ্ৰাসত মৃত্যুমুখী জাতিটোক কেৱল কৰ্মবিপ্লৱেহে বচাব পাৰিব৷






