Logo
image

ব্ৰীডিঙৰ বাবে নিয়া হৈছে গঁড় : আম্বানিৰ চিৰিয়াখানালৈ হাতীও

অত্যধিক চেতনানাশকৰ ফলত মৃত্যু ঘোঙৰ

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ: এশিঙীয়া গঁড়ৰ বাবে বিশ্ব ঐতিহ্য হিচাপে গৌৰৱাম্বিত অসম তথা কাজিৰঙা৷ কাজিৰঙাৰ এশিঙীয়া গঁড় অসম আৰু অসমীয়াৰ স্বাভিমান তথা আৱেগৰ প্ৰতীক৷ কিন্তু বিশ্ব পৰিচিত এশিঙীয়া গঁড়ক লৈ অসমে গৌৰবৰ ধবজা আৰু বেছিদিন উৰুৱাব নোৱাৰিব৷ কিয়নো অসমৰ গঁড়ৰ ওপৰত ইতিমধ্যেই চকু দিছে দেশৰ অন্যতম ধনৱন্ত  আম্বানি পৰিয়ালে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বৃহস্পতিবাৰে  গুজৰাটৰ জামনগৰস্থিত আম্বানি পৰিয়ালৰ গ্ৰীণছ চিৰিয়াখানালৈ প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদকো নেওচি লৈ গ’ল এহাল গঁড়৷ চিৰিয়াখানাৰ ডি এফ অ’ অশ্বিনী কুমাৰে মহিলা প্ৰতিবাদকাৰীক শাৰিৰীকভাৱে অপদস্থ কৰি এছ’কৰ্ট দি মতা-মাইকী এহাল গঁড়ৰ পোৱালী ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিৰ চিৰিয়াখানালৈ উলিয়াই পঠোৱাৰ পাছতেই চিৰদিনলৈ অসমৰ স্বাভিমান বিক্ৰী হ’ল বুলি এতিয়া দিছপুৰৰ বাহিৰে-ভিতৰে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ কিয়নো আম্বানি পৰিয়ালে পৰিচালনা কৰা চিৰিয়াখানালৈ মতা-মাইকী এহাল গঁড় নিয়াৰ আঁৰত আছে ভয়ংকৰ পৰিকল্পনা৷ যি পৰিকল্পনাৰ বিষয়ে জানিলে, অসমীয়াই ইমান দিনে কাজিৰঙাৰ এশিঙীয়া গঁড়ক লৈ কৰি অহা স্বাভিমান যে ধূলিসাৎ হ’ব সেয়া নিশ্চিত হৈ পৰিছে৷ কিয়নো আম্বানি পৰিয়ালৰ এন জি অ’ৰ দ্বাৰা পৰিচালিত জামনগৰৰ চিৰিয়াখানালৈ নিয়া অসমৰ গঁড় দুটা চিৰিয়াখানাখনত প্ৰদৰ্শনৰ বাবে নিয়া হোৱা নাই৷ মতা-মাইকী গঁড় দুটা নিয়া হৈছে ব্ৰীডিং অৰ্থাৎ প্ৰজননৰ জৰিয়তে বংশবৃদ্ধি কৰাৰ লক্ষ্যৰে৷ চেণ্ট্ৰেল জু-অথৰেটিৰ অনুমোদন লৈ অনন্ত আম্বানিৰ সপোনৰ প্ৰকল্প গ্ৰীণছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহেবিলিটেশ্বন কিংডম চিৰিয়াখানা কতৃৰ্পক্ষই বিগত ৩ অক্টোবৰত অসম ৰাজ্যিক চিৰিয়াখানা কতৃৰ্পক্ষলৈ গঁড় বিচাৰি প্ৰেৰণ কৰা পত্ৰখনত এই কথা স্পষ্টকৈ উল্লেখ কৰিছে৷ অৰ্থাৎ গ্ৰীণ জুত অসমৰ গঁড় দুটাক প্ৰজনন কৰোৱাই বংশবৃদ্ধি কৰি আম্বানি পৰিয়ালে ভৱিষ্যতে এশিঙীয়া গঁড় বিক্ৰী কৰি ব্যৱসায় কৰাৰ যে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে সেয়া সত্য৷ এক কথাত বন্যপ্ৰাণী আইনৰ সুৰুঙাৰে ভৱিষ্যতে আম্বানি পৰিয়ালে অসমৰ গঁড়ক লৈ ভাৰততে ব্যৱসায় কৰা নহয়, বিদেশী ৰাষ্ট্ৰকো অসমৰ গঁড় বিক্ৰী যে কৰিব তাৰো আশংকা ঘনিভূত হৈ পৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড় অসমৰ পৰ্যটন উদ্যোগটোৰ চালিকা শক্তি হোৱাই নহয়, দেশী-বিদেশী পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহৰো প্ৰধান উৎস হিচাপে বিবেচিত হৈছে৷ যদিহে অনাগত দিনত আম্বানি পৰিয়ালৰ গুজৰাটৰ চিৰিয়াখানা বা তেওঁলোকে বিক্ৰী কৰা কোনো বিদেশী ৰাষ্ট্ৰৰ চিৰিয়াখানাত এশিঙিয়া গঁড় প্ৰদৰ্শন তথা উপলব্ধ হয় তেনেহ’লে ভৱিষ্যতৰ দিনত বিদেশী পৰ্যটকসকল কাজিৰঙা বা অসমলৈ গঁড় প্ৰত্যক্ষ কৰাৰ বাবে যে আহিব সেয়া সন্দেহজনক৷ স্বাভাৱিকতেই এতিয়া আম্বানিৰ চিৰিয়াখানালৈ গঁড় প্ৰেৰণ কৰাৰ অন্তৰালত অসমৰ স্বাভিমান-গৌৰৱৰ ভৱিষ্যৎ যে জড়িত হৈ পৰিল সেয়া নকলেও অনুমেয়৷ লক্ষণীয়ভাৱে ব্ৰীডিং অৰ্থাৎ বংশবৃদ্ধিৰ উদ্দেশ্যেৰেই যে আম্বানিৰ চিৰিয়াখানালৈ অসমৰ পৰা গঁড় দুটা নিয়া হৈছে সেই কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে বন বিষয়া প্ৰদীপ্ত বৰুৱাই৷ ইফালে বৃহস্পতিবাৰে পুৱতি নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা উক্ত গঁড় দুটাৰ লগতে ২০ টা আঠ শিঙিয়া হৰিণ আৰু ৯টা প্ৰজাতিৰ বহু সংখ্যক বান্দৰ নিয়া হৈছিল আম্বানিৰ চিৰিয়াখানালৈ৷ তাৎপৰ্যপূৰ্ণভাৱে আম্বানিৰ চিৰিয়াখানালৈ এটা ঘোং প্ৰেৰণৰ পৰিকল্পনা কৰিছিল যদিও ৰাজ্যিক চিৰিয়াখানা কতৃৰ্পক্ষই গাফিলতিৰ বাবেই দুষ্প্ৰাপ্য ঘোঙটোৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে৷ উক্ত দিনা গুজৰাটলৈ প্ৰেৰণ কৰিবলগীয়া ঘোঙটোক ট্ৰেংকুলাইজ কৰি অধিক পৰিমাণৰ চেতনানাশক দিয়াৰ বাবেই দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় ঘোঙটোৰ৷ কিন্তু ৰাজ্যিক চিৰিয়াখানাৰ কতৃৰ্পক্ষই বিষয়টো গোপনে ৰাখি চিৰিয়াখানাৰ ভিতৰতে ঘোঙটোৰ মৃতদেহ পুতি পেলোৱা বুলিও অভিযোগ উঠিছে৷ কেৱল ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা নহয়, ইয়াৰ পূৰ্বে বিগত মাৰ্চ মাহত অৰুণাচলৰ নামচাইৰ পৰা অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ সাতটাকৈ হাতী আম্বানিৰ চিৰিয়াখানালৈ গোপনে নিয়া হৈছিল৷ উক্ত হাতীকেইটাৰ ভুৱা তথ্যও প্ৰস্তুত কৰি অসমৰ পৰা প্ৰেৰণ কৰাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী দিলীপ নাথে৷

আম্বানিৰ চিৰিয়াখানালৈ নিয়া সকলো বন্যপ্ৰাণী ১৫ দিনৰ ভিতৰত ঘূৰাই অনাৰ দাবী চিৰিয়াখানা সুৰক্ষা মঞ্চৰ
অসম ৰাজ্যিক চিৰিয়াখানাক উজ্জীৱিত কৰাৰ সলনি ক্ৰমাৎ নিশকতীয়া কৰাৰ বাবে চৰকাৰীভাৱে লোৱা পদক্ষেপক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই শনিবাৰে আয়োজন কৰা এখন ৰাজহুৱা সভাই৷ চিৰিয়াখানাৰ জীৱ-জন্তুৰ সুৰক্ষা বিচাৰি অনুষ্ঠিত ৰাজহুৱা সভাত সকলোৱে একমুখে ৰাজ্যিক চিৰিয়াখানাৰ বন্য জীৱ-জন্তু আৰু পক্ষীকুল গুজৰাটৰ জামনগৰত আম্বানি পৰিয়ালে গঢ়ি তোলা চিৰিয়াখানাখনৰ সৌষ্ঠৱ আৰু গুৰুত্ব বঢ়াবলৈ তৎপৰ হোৱা অসম চৰকাৰৰ স্ব-বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে৷ সুৰক্ষা মঞ্চৰ সভাপতি দীপক কুমাৰ পাঠক আৰু কাৰ্যকৰী সভাপতি তিলক মহনে পৌৰোহিত্যত  অনুষ্ঠিত ৰাজহুৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই৷ সভাত সক্ৰিয় অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ নেত্ৰী মীৰা বৰঠাকুৰ, উচ্ছ ন্যায়ালয়ৰ অধিবক্তা-সমাজকৰ্মী সত্যেন্দ্ৰ প্ৰসাদ ডেকা, অজাপৰ নেতা বলেন ভৰালী, খিলঞ্জীয়া সুৰক্ষা পৰিষদৰ ৰমেশ মালী, জাতীয়তাবাদী নেতা বিমল প্ৰসাদ চৌধুৰী, চেভ ভৰলুৰ ধ্ৰুৱজ্যোতি শইকীয়া, গৰীয়া জাতীয় পৰিষদৰ জেনিফাৰ হুছেইন, নাছাৰ অন্যতম মুখ্য আহ্বায়ক অনুপ বৰুৱা, জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰদীপ কুমাৰ ভূঞা, আৰ টি আই কৰ্মী দিলীপ নাথ আদি বহুকেইজন সচেতন নাগৰিকে চৰকাৰী অৱহেলাই ৰাজ্যিক চিৰিয়াখানাখনৰ পূৰ্বৰ গৰিমা বহু গুণে হ্ৰাস পোৱাত উদ্বেগ প্ৰকাশ কৰে৷ সভাত ৰাজ্যিক চিৰিয়াখানাৰ সন্দৰ্ভত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ সেই অনুসৰি অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি অব্যাহত ৰখা জীৱ-জন্তু, পক্ষী আন ৰাজ্যলৈ সৰবৰাহ কৰা কাৰ্য বন্ধ কৰাৰ দাবী জনায়৷ প্ৰয়োজনত এনে কাৰ্যক বাধা আৰোপ কৰি বিনিময়ৰ ক্ষেত্ৰত বাহিৰৰ পৰা প্ৰথমে বন্যপ্ৰাণী আনিলহে ইয়াৰ পৰা নিয়াৰ অনুমতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷  তদুপৰি এখন শ্বেতপত্ৰ প্ৰকাশেৰে ২০১৭ চনৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাত কিমান জন্তুৰ মৃত্যু হৈছে আৰু কিমান জন্তু বাহিৰলৈ নিয়া হ’ল, বৰ্তমান চিৰিয়াখানাত কিমান জন্তু আছে, চিৰিয়াখানাৰ সীমা দেৱাল কেইটা অংশত কিমান দিনৰ পৰা কিয় ভগ্ন অৱস্থাত ৰখা হৈছে তাৰ সবিশেষ  প্ৰকাশ কৰিবলৈও দাবী জনায়৷ ইফালে, বিগত ৮ ডিচেম্বৰৰ পুৱতি নিশা চিৰিয়াখানাৰ পৰা জন্তু উলিয়াই নিয়াৰ কাৰ্যক গণতান্ত্ৰিক পদ্ধতিৰে বাধা প্ৰদান কৰা মঞ্চৰ সদস্যা সৃজাতা শৰ্মাক ডি এফ অ’ অশ্বিনী কুমাৰে হাতত ধৰি টানি নিয়া, বন্দুকেৰে প্ৰহাৰ কৰা আৰু প্ৰতিবাদকাৰীৰ  গাৰ ওপৰেদি গাড়ী চলাই নিয়াৰ ভাবুকি দিয়া কাৰ্যৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবেও চৰকাৰক দাবী জনায়৷ আনহাতে, আম্বানিৰ চিৰিয়াখানালৈ নিয়া সকলো জন্তু ১৫ দিনৰ ভিতৰত ঘূৰাই অনিবলৈ চৰকাৰক সময় সীমা বান্ধি দিয়ে ৰাজহুৱা সভাই৷